পৃষ্ঠা:Swagatam Pariksha.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

প্ৰতিটো বিষয়ৰে অত্যন্ত দৰকাৰী আৰু দৰকাৰী পাঠবোৰৰ পইণ্টবোৰ সৰু সৰু আখৰেৰে লিখি পেলাব লাগে। সূত্ৰ, সংজ্ঞা, গাণিতিক প্ৰকাশ ৰাশি আদি অত্যন্ত দৰকাৰী, সহজে পাহৰি যাব পৰা কিন্তু পৰীক্ষাত যথাযথ উপস্থাপন কৰিবলগীয়া কথাবোৰ ইয়াৰ ভিতৰত থাকিবই লাগিব। এনেদৰে প্ৰস্তুত কৰা প্ৰতিটো বিষয়ৰে এই বিশেষ টোকাখিনি সকলো সময়তে জেপত লৈ ফুৰিব লাগে আৰু সকলো সময়তে মনত পেলাবলৈ যত্ন কৰি থাকিব লাগে। এই বিশেষ টোকাবোেৰ প্ৰস্তুত কৰোতেও বিভিন্ন বিষয়ৰ পাঠৰ ভিন ভিন দৰকাৰী কথাবোৰ মনত ৰখাৰ ক্ষেত্ৰত সহায়ক হয়। হঠাতে কিবা কথা মনত নপৰিলে জেপৰ পৰা এই টোকাবোৰ উলিয়াই লগে লগে চাই ল’ব লাগে। মুঠতে যিমানে পৰীক্ষা ওচৰ চাপি আহে সিমানেই দ্ৰুতভাৱে আৰু দ্ৰুতভাৱে একোটা বিষয়ৰ গোটেই পাঠ্যক্ৰমটো একোবাৰকৈ পঢ়ি ল’বলৈ যত্ন কৰিব লাগে যাতে ই সকলো সময়তে শুদ্ধভাৱে পৰীক্ষাৰ্থীসকলৰ মানসপটত ভাহি থাকে— যিকোনো প্ৰশ্নৰ সাহসেৰে সন্মুখীন

হ’বলৈ তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলে।❏

৪৯