সাঁচ:নিৰ্বাচিত লেখা/২০২০/এপ্ৰিল
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য- লেখক: হিতেশ্বৰ বৰবৰুৱা
![](http://upload.wikimedia.org/wikipedia/commons/thumb/0/07/%E0%A6%95%E0%A6%AE%E0%A6%A4%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0_%E0%A6%A7%E0%A7%8D%E0%A6%AC%E0%A6%82%E0%A6%B8_%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF.djvu/page1-150px-%E0%A6%95%E0%A6%AE%E0%A6%A4%E0%A6%BE%E0%A6%AA%E0%A7%81%E0%A7%B0_%E0%A6%A7%E0%A7%8D%E0%A6%AC%E0%A6%82%E0%A6%B8_%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF.djvu.jpg)
হিতেশ্বৰ বৰবৰুৱাই (১৮৭৬-১৯৩৯) ৰচনা কৰা "কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য" পুথিখন ১৯১২ চনত প্ৰথম প্ৰকাশ হয়। প্ৰথম অংশত কমতাপুৰ ৰাজ্যৰ পতনৰ বৰ্ণনা আছে আৰু দ্বিতীয় অংশত মূলতঃ তেখেতৰ প্ৰয়াত সহধৰ্মিনীৰ স্মৃতিচাৰণ। কমতাপুৰ ধ্বংস অমিত্ৰাক্ষৰ ছন্দত লিখা অসমৰ তৃতীয়খন কাব্য।
দুখময় সংসাৰৰ দাৰুণ দুখত
জ্বলা কলা প্ৰাণ মোৰ,—আই বীণাপানি।
কি ৰাতি কি দিন হায়! সৰে দুচকুত
শোকৰ চকুলো ঘনে তিয়াই পৃথিবী।
জ্বলিছে নিতউ জুই হিয়াৰ মাজত
দপ্ দপ্ কৰি, মাতৃ নাপাওঁ তৰণী!
তোমাৰ কাষত মই ললোঁহি আশ্ৰয়
সিকাৰণে, দয়াময়ি! চোৱাঁ চকুমেলি।