সাঁচ:নিৰ্বাচিত লেখা/২০১৯/ছেপ্টেম্বৰ

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

সাহিত্য-প্ৰবেশ- লেখক: বেণুধৰ ৰাজখোৱা


বেণুধৰ ৰাজখোৱাই (১৮৭২-১৯৫৫) ৰচনা কৰা "সাহিত্য-প্ৰবেশ" পুথিখন ১৮৯৫ চনত প্ৰথম প্ৰকাশ হয়। সৰু ল'ৰা-ছোৱালীৰ বাবে যুগুতোৱা এই বিশেষ পুথিখনত একাধিক মনোমোহা সাধু, কেইটিমান নাতিদীৰ্ঘ প্ৰবন্ধ আৰু কবিতা সংকলিত হৈছে।

কোনো এটা খেতিয়কৰ, জন্তুৰ মাত বুজিব পৰা শক্তি আছিল। এদিন সি, তাৰ এটা গৰুৱে গাধ এটাক সম্বোধন কৰি এইদৰে কোৱা শুনিবলৈ পালে, “বন্ধু! তুমি বৰ সুখীয়া। গিৰিহঁতে তোমাৰ গা মলে, ধূলি-বোকা গুচায় আৰু তোমাক খাবলৈ উত্তম আহাৰ দিয়ে। কামৰ ভিতৰত, তুমি তেওঁক পিঠিত তুলি খন্তেক অলৈ-তলৈ লৈ যোৱাঁ।” তাতে গাধই উত্তৰ দি কলে, “তুমি নিচেই নিৰ্ব্বোধ। মোৰ উপদেশ শুনা, তোমাৰো সুখ হব। কাইলৈ ৰাতিপুৱা হলে তুমি গোহালিত বিচেষ্টা হৈ পৰি থাকিবা। যেতিয়া গিৰিহঁতক অহা দেখিবা, ঠেং এছাৰিবলৈ ধৰিবা, আৰু মুখে দি ফেন কাঢ়িবা। এইদৰে নৰিয়াৰ ভাও ধৰি তুমি কাম নকৰাকৈ থাকিব পাৰিবা।” পাচ দিনা ৰাতিপুৱা, গৰুৱে অবিকল তেনে আচৰণ কৰিলে। ইয়াকে দেখি, খেতিয়কে গৰুক এৰি থৈ, গাধক নি হালত জুৰিলে গৈ। গাধই লোকক দুষ্ট বুদ্ধি দি সমুচিত শাস্তি পালে। (সম্পূৰ্ণ পঢ়ক)