সাঁচ:নিৰ্বাচিত লেখা/২০১৯/আগষ্ট

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

কেন্দ্ৰ সভা- লেখক: সত্যনাথ বৰা


সত্যনাই বৰাই (১৮৬০-১৯২৫) ৰচনা কৰা "কেন্দ্ৰ সভা" পুথিখন ১৯১৪ চনত প্ৰথম প্ৰকাশ হয়। "জোনাকী" আলোচনীত পূৰ্বে প্ৰকাশিত কেইখনমান ধেমেলীয়া বিধৰ ৰচনা ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

ইংৰাজী শিক্ষাৰ পোহৰ পোৱা, বিশ্ববিদ্যালয়ৰ দীক্ষা পোৱা, নকৈ উঠি অহা অসমীয়া ডেকাবিলাকে বিবেচনা কৰে যে অসমৰ বুঢ়া শ্ৰেণীৰ মানুহবিলাকে দেশৰ ফালে বা ভাষাৰ ফালে অলপো চকুমেলি নাচায়। অসম আৰু অসমীয়া ভাষাৰ ইহকাল, পৰকাল ডেকাবিলাকৰ হাতত সমৰ্পণ কৰি বুঢ়া- বিলাকে কেৱল দবা পাষটি লৈ, ৰং ধেমালি কৰি দিন কটায়। এই বিবেচনা ভুল। কিয়নো, সম্প্ৰতি হোৱা ঘটনালৈ চালে বুঢ়াবিলাকে যে কেৱল পাষটি ঘুৰাই, “পোৱা-বাৰ” মাৰি দিন নিয়াবলৈ লাগিছে এনে বোধ নহয়। তেওঁলোকেও দেশৰ আৰু দেশী ভাষাৰ অৱস্থা উন্নত কৰিবলৈ কঁকালত টঙ্গালি বান্ধি কান্ধ পাতিছে। আজি ১০/১২ বছৰৰ ভিতৰত আসামৰ নগৰে নগৰে অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ “অসমীয়া ভাষাৰ উন্নতিসাধিনী” নামেৰে অনেক সভা থাপিত হৈছে। আৰু সেই সভা বিলাকত অসম আৰু অসমীয়া ভাষাৰ ভাল বেয়া, উন্নতি অৱনতি, সমস্ত বিষয়ৰ আন্দোলন হবলৈ লাগিছে, তাকে দেখি কেই জন মান প্ৰাচীন অসমীয়া ডাঙৰীয়াই গোট খাই আৰু এটি সভা স্থাপন কৰিছে। তাৰ নাম থৈছে “কেন্দ্ৰসভা”।.... (সম্পূৰ্ণ পঢ়ক)