সমললৈ যাওক

লীলা/সৰ্গ-৫

ৱিকিউৎসৰ পৰা
[ ১৪ ]
৫। সৰ্গ।
সাহিত্যসেৱাব্ৰত।

শিক্ষাভাগ সাঙ্গ কৰি, স্বতন্তৰ ভাৱে
জীৱন যাপন হেতু, দাসত্ব শিকলি
পিন্ধিলোঁ গৌৰৱ মানি;—ৰাজকৰ্ম্মচাৰী।
এৰিলোঁ জনম ঘৰ; পৰমূৰেখোৱা
নহয় পৌৰুষ বুলি পূৰ্ণ যৌৱনত।
পিতৃ-মাতৃ গুৰুজন, বৃদ্ধ বয়সত,
আশ্ৰিত পালিত হব সযত্নত মোৰ;
সাধন সমাজ হিত, স্বদেশ কল্যাণ;
আৰু কত উচ্চ আশা,—দান, ধৰ্ম্ম, দয়া,
দুখিতৰ সেৱা, কৰি ব্ৰত জীৱনৰ
হলোঁ বাজ সংসাৰৰ বাৱেঁ ধৰি গতি।
শুনিছিলোঁ পৰ্ব্বতবৰ্ণনা, নদীগুৰি
গুহা, বনভাগ, গহীন প্ৰকৃতি কথা
গুৰুদেৱ মুখে, আছিলোঁ ছাতৰ যেবে।
আঁচিছিলোঁ মনে মনে চিত্ৰপট তাৰ
কল্পনা তুলিৰে। কি যে শান্তি উপভোগ,
মনে পাতি চাই, নিটাল প্ৰকৃতি ৰূপ!
শিলনি বুকুত বই পাকনীয়া জুৰি,

[ ১৫ ]

প্ৰকৃতি হিয়াত অহ, কত ৰাজ্য ঘূৰে;
পাকে পাকে তুলি তাৰ মনমোহা ভাগ!
—কল্পনা-ৰথত চৰি চাওঁ প্ৰাণ ভৰি।
প্ৰকৃতে পৰিল যেৱে মানৱী চকুত,
মনেপতা মনমোহা, প্ৰকৃত পৰ্ব্বত,
জীৱন পথত মোৰ, উদ্দেশ্য গতিত;
কি যে ভাব, বৰ্ণনা অতীত, বিৰিঙ্গিল
হৃদয় তলিত! সেই ক্ষণ হন্তে হাঁয়,
উথলিল হৃদয়ত কি যে এটি ভাব,
আতিকে মহান্‌; সৃষ্টিৰ মাহাত্ম্য তাত
উঠিল উথলি। শুনিছিলোঁ মনপাৰি
বহুকাল আগে, ঈশ্বৰ-মহিমা-লীলা,
পিতৃদেৱ মুখে। পশা নাই তত্ত্ব তাৰ,
অতকাল হৃদয় তলিত; সংসাৰৰ
আৰ্ত্তৰাৱ ভেদি। উদ্ভাসিল এই বেলা,
গহীন প্ৰকৃতি ভেদি, গভীৰ সি ভাৰ।
বিৰিঙ্গিল ঈশ-জ্যোতি প্ৰকৃতি বুকুত;
অপূৰ্ব্ব জেউতি তাৰ প্ৰতি স্তৰে স্তৰে,
প্ৰতিভাত হল হাঁয়, ব্ৰহ্মাণ্ড বিয়াপি।
পাহৰিলোঁ কৰ্ম্মজ্ঞান, সংসাৰ খেতৰ,
ৰিণিকি জিলিকে মাথোঁ, উদ্দেশ্য মহান্‌।
হৃদয় পূৰণ কি যে পৱিত্ৰ ভাবত,
বিতোল পৰাণ শুনি ঈশ-গুণ-গান।
সলালোঁ মনৰ গতি। ভবিষ্য সংসাৰ

[ ১৬ ]

মনে-প্ৰাণে দিলোঁ বাদ, জীৱনৰপৰা।
কৰ্ত্তব্য পালন,—পূজি সৃষ্টিৰ মহিমা—
কৰি ব্ৰত হলোঁ প্ৰতিশ্ৰুত। আচৰিত!—
হৃদয়ৰ গুপ্তভাব হল প্ৰতিভাত,
নিজম প্ৰকৃতি ব্যাপি। তটিনী বুকুত
শুনোঁ শলাগনি, গুপুত মহান্‌ ভাব!
—সেই এটি মহক্ষণ, এই জীৱনৰ।
আৰম্ভিলোঁ ৰাজকাৰ্য্য, জীবিকাৰ হেতু,
বিদ্যাৰ বিস্তাৰ আৰু সাধন কাৰণ।
সাহিত্য-সেৱাত পাচে উছৰ্গিলোঁ প্ৰাণ,
সাৰ কৰি সমুদায় উদ্দেশ্য মূলৰ।