সমললৈ যাওক

লীলা/সৰ্গ-৩

ৱিকিউৎসৰ পৰা
[  ]
৩। সৰ্গ।
সৃষ্টি-পাতনি।

জানাঁ তো সৃষ্টিৰ লীলা বিধিৰ হাতত,
প্ৰকৃতি-পুৰুষ, যিবা মানৱ-মানৱী।
সৃষ্টিৰ পাতনি ৰূপে মায়াৰ বিকাশ,
জগতৰ সৃষ্টি পাচে; পাচে জীৱগণ।
স্বৰগ, মৰত আৰু পাতাল নামত,
ত্ৰিজগত নিৰমাণ; ব্ৰহ্মাণ্ডৰ ভাগ।
স্বৰগত দেৱগণ, উচ্চতম জীৱ,
অনুপম ভোগ অধিকাৰী। সেই মতে
আবিৰ্ভাব, স্বৰগত প্ৰকৃতি-পুৰুষ;
মৰতত একাকাৰ মানৱ সমাজ।
বহুকাল ভুঞ্জি পাচে প্ৰকৃতি-বিলাস,
বাঢ়িল সংসাৰ-মায়া দেৱসমাজত।
একাকাৰ মানৱৰ ধাৰেখোৱা সুখ,
দেখি হিংসা উপজিল দেৱতা প্ৰাণত।
দেৱতা-সেৱক নৰ; তাৰ সুখ-শান্তি
অমৰ-বাঞ্ছিত! ৰিজনিত হিংসা-দ্বেষ,
লাজ-অপমানে দহিলে দেৱতা প্ৰাণ।
আপিলে বিখ্যাত পক্ষপাত দোষ।
অনতিপলমে গই দেৱকুলমণি
নিবেদিলে মনোদুখ বিধি সমীপত।

[ ১০ ]

দেৱতা স্তম্ভিত হল, সুপ্ৰসন্ন বিধি;—
প্ৰতিশ্ৰুত সৃষ্টিকৰ্ত্তা দেৱৰাজ পাশে,
ঘটাব সৃষ্টিৰ সংস্কাৰ যুগুত।
প্ৰণমি প্ৰভুৰ পদ, হৰিৰ অন্তৰে,
উলটিল সুৰপতি পূৰ্ণমনোৰথ।
নামিলে বিধাতা পাচে, হেমকুট গিৰি;
ললেহি আসন, জুৰি সৃষ্টি-গুণ-গান
প্ৰকাশিলে দিব্যজ্যোতি, নবলোক জুৰি।
উন্মত্ত মানৱকুল, উত্ৰাৱল চিতে
ছিটিকি চলিল হাঁয়, ঈশজ্যোতি পাশে,—
উতলা ফৰিঙ যেন প্ৰদীপৰ ফালে!
চাপিল যেতিয়া কাষ নৰ-সৃষ্টি আহি,
সম্বোধি বুলিলাঁ প্ৰভু সকৰুণ বাণী;—
জানাঁ, পুত্ৰ নৰগণ! সৃষ্টিৰ মহিমা;
উদ্দেশ্য ইয়াৰ এক নিপূঢ় কাৰণ।
বহুৰূপে তুষ্ট মই, বহু নামধাৰী,
বহুৰূপী সৃষ্টি মোৰ ব্ৰহ্মাণ্ড বিয়াপি।
মানৱৰ একাকাৰ, নেলাগে মনত,
দেৱতাৰ অনুৰূপ বাঞ্ছোঁ মানৱত।
প্ৰত্যেক মানৱ যিবা হোৱাঁ, আজ্ঞা মোৰ;
এক হন্তে হল দুই, প্ৰত্যেক মানৱ,
প্ৰকৃতি-পুৰুষ সৃষ্টি, মানৱ-মানৱী।
সেই হন্তে অৰ্দ্ধাঙ্গিনী প্ৰথম স্ৰজন।

[ ১১ ]

ইৰূপে সৃজিলে যেই মনৱ সংসাৰ,
আৱৰিলে দুটি চকু মায়া-কুঁৱলীয়ে।
অপূৰব লীলা এক,—সংসাৰ-মহিমা,—
থিতাপিলে প্ৰতি প্ৰাণে অভেদ্য কৌশলে।
অনন্ত মায়াৰ মাজে লীলাৱান নৰ,
লীলাৱতী নাৰী সতে কৰি সানমিল,
সমুদায় অৰ্দ্ধ-অৰ্ধাঙ্গিনী, নৰ-নাৰী,
সিঁচিলে চৌপাশে বিধি, আদেশি পুনৰ:—
"যোৱাঁ ঘূৰি অৰ্দ্ধ-অঙ্গ; নিজ অৰ্দ্ধাঙ্গিনী
বিচাৰি মিলিবাঁ সৱে। মিলন-ফলত
পাবা এক অতৃপ্ত সম্ভোগ। অন্ত তাৰ
নেপাবাঁ জীৱনে। পোহৰৰ জ্যোতি যেনে
বঢ়ায় আন্ধাৰে; ৰূপহীৰ চৰে ৰূপ
কৃষ্ণ কেশপাশে; সেই ৰূপে দুখ-তাপ,
ৰোগ-শোক, জয়-ভ্ৰম বিৰহ-সন্তাপে
চৰাব নিতকে সেই দুখৰ সোৱাদ।
ভাগ্যে যাৰ মিলে ঠিক নিজ অৰ্দ্ধাঙ্গিনী,
সুখ-শান্তি বন্ধা তাৰ পূৰ্ণমিলনত;
নতুবা অমিল ভাৱে অসুখী সংসাৰ।
পালিবাঁ আজিৰ হন্তে সংসাৰ ধৰম;
চলিব এই ৰীতি যুগ-যুগান্তৰ।"—
অন্তৰ্ধান ভগৱত। চলিলাঁ বৈকুণ্ঠে।
মায়া-কুঁৱলীত বুলি বিভোল মানৱে
আৰজিলে মহামেলা;—সাংসাৰিক লীলা।

⸻⸺