লীলা/সৰ্গ-১

ৱিকিউৎসৰ পৰা
[  ]

লীলা।

১। সৰ্গ।
⸻⸺
বন্দনা

নেজানো পুজাৰ বিধি, বন্দনাৰ ৰীতি,
বীণাপাণি বাগ্দেবি! চৰণ তোমাৰ
কিৰূপে পূজিম হাঁয়, বন্দিম কিমতে!
বজোৱাঁ অনন্ত কাল সঞ্জীৱনী বীণা,
গহীন জোঁকাৰে তাৰ কঁপাই বননি
সৰায় কতনা ফুল কবি-ফুলনিত!
সুৰ-বুজা আদিগুৰু স্বৰ্গী কবিগণে
সুৰ-সূতা বাছি লই ৰচিলে কতনা
সঞ্জীৱনী মালা; জ্বলন্ত জেউতি তাৰ
জিলিকে চৌপাশে, অহ, কাব্য-কাননত!
সি দীপ্তিৰ প্ৰভাৱত হই দীপ্তিমান,
আধ্য কবি সৱে, গুৰুপদ অনুসৰি,
গাঁথিলে কতনা আৰু দীপ্তিময়ী মালা,
অমৰ ছেন্দেৰে বান্ধি। হাঁহে মাতৃভাষা
উলাহত আজি, পিন্ধি পুত্ৰে ৰচা হাৰ।
নুবুজোঁ বীণাৰ সুৰ,— মুৰুখ সন্তান,—

[  ]

নকঁপে ফুলৰ ঠাৰি; নসৰে এপাহী,
বঁজী ফুল, অভাগাৰ কল্পনা-বনত।
তথাপি হৃদয়-তন্ত্ৰী বাজি উঠে ঘনে,
মৰ্ম্মাহত চেপা খাই প্ৰিয়া-বিৰহত!
গুৰু-দীপ্তি আগ কৰি,—অন্ধৰ চকুত
যেনে প্ৰদীপৰ তাপ,—উমানে উমানে,
দুটি ফুল, এৰি যোৱা, পাইছোঁ বিচাৰি;—
গাথোঁ তাৰে এটি ধাৰ, গৰখীয়া মালা!
নোশোভে ই মাতৃকণ্ঠ; নুজুৰায় হিয়া;
থাকোক এপাশে পৰি, পাদপদ্ম চুই;—
দিয়াঁ সুৰ দেবি! ৰচোঁ দুখীয়াৰ মালা।