লাহৰী/দ্বাবিংশ আধ্যা

ৱিকিউৎসৰ পৰা

[ ১৪৯ ]

২২। আধ্যা।

ঘৈণী লাহৰী—আদৰ্শ দম্পতী।

 নাৰী-জীৱনকাল ঘাইকৈ তিনি ছোৱা;—জীয়াৰী, বোৱাৰী আৰু ঘৈণী। প্ৰেমিকা লাহৰীৰ প্ৰেমময় জীয়াৰী কালৰ কথা আগতে বহলাই কোৱা হৈছে; লাজুকী লাহৰীৰ বোৱাৰী কালৰ বিষয়ে মাজতে উনুকিয়াই অহা হৈছে; পতিপ্ৰাণা লাহৰীৰ আদৰ্শ ঘৈনীকালৰ অতৃপ্ত বিবৃতিৰ এতিয়া আভাস মাথোন দিয়া যায়। [ ১৫০ ]  লাহৰী পাচোঁটি সন্তানৰ মাক হওঁতেই, লাহৰী-কমলৰ পিতৃ-মাতৃ আৰু শাহু-শহুৰ বিয়োগ হয়। সেই অৱধি লাহৰী-কমলে খৰতকীয়াকৈ ঘৰ-গৃহস্থী কৰিব লগাত পৰে। তেতিয়াৰপৰাই লাহৰীয়ে ভিতৰত ঘৰ-ঘৈণীৰ কৰ্ত্তব্য পালনত আৰু কমলে বাহিৰত বিবিধ বিষয়ক সাংসাৰিক কাৰ্য্য চম্ভালনত একাণপতীয়াকৈ লাগি যায়। কিন্তু, বাজ-ভিতৰ দুয়োবিধ ঘৰুৱা কাম-বনত দুয়ো দুইকো সততে সোধা-পোছা কৰি হে গৃহস্থালী ধৰ্ম্ম পালন কৰে। লাহৰীৰ মানত স্বামী-গুৰু কমল সাক্ষাৎ আৰাধ্য দেৱতা;—স্বামী-সেৱা,স্বামী-পূজা লাহৰীৰ দৈননন্দিত−কৰ্ত্তব্য। কমলৰ মানত প্ৰিয়তমা ভাৰ্য্যা লাহৰী সবাতোপৰি সাদৰী সম্ভাৰ; চেনেহৰ ভাৰ্য্যাৰ প্ৰতি অসূয়া-অপ্ৰীতি নকৰিবলৈ কমল সততে সতৰ্ক। সন্তান-পালন, সন্তানৰ চৰিত্ৰ গঠন, সন্তানক শিক্ষা-জ্ঞান-দান এই কেইটা ঘৈণীৰ ঘাই ঘাই কৰ্ত্তব্য বুলি জানি লাহৰীয়ে তাক নিয়াৰিকৈ পালন কৰাত পাৰিতপক্ষে কাচিতো অন্যথা নকৰে। কমলনাথ গোহাঞি-বৰুৱাই পৰিয়াল পালনৰ উপৰঞ্চিকৈ জ্ঞাতি-জাতি আৰু সমূহ গঞা-ৰাইজৰ মঙ্গল চিন্তা আৰু নিজ নগৰ পামপুৰৰ সৰ্ব্বাঙ্গীন উন্নতি সাধনত তেওঁৰ পূজনীয় পিতৃদেৱতা ৺শান্তিৰাম গোহাঞি বৰুৱাৰ জ্বলন্ত জুইকুৰা সততে আগত লৈ, সফলাৰ−যাত্ৰাত কৃতকৃত্য হৈ আগুৱাবলৈ ধৰিলে। সেই অনুক্ৰমে, লাহৰী-কমল আদৰ্শ দম্পতীয়ে আপোন চৰিত্ৰৰ মোহেৰে গঞা-ৰাইজক বিমোহিত কৰি, পামপুৰত মুকুটিবিহীন ৰজা-ৰাণী সদৃশ্ মান-সৎকাৰ উপভোগ কৰি, সিবিলাকৰ সোণাময় সংসাৰৰ জেউতি চৰাবলৈ ধৰিলে।