পৃষ্ঠা:লাহৰী.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লাহৰী।

বিস্তাৰ কৰিবলৈ মন মেলিলে। তেওঁ লগৰীয়া বিষয়াবৰ্গৰে সৈতে আলোচনা কৰি আগৰ সেই পঢ়াশালিটিকে উচ্চখাপলৈ তুলিবলৈ দিহা লগালে। তদৰ্থে তেওঁ দক্ষিণপাৰৰপৰা বীৰেশ্বৰ শৰ্ম্মা-বৰুৱা নামেৰে আহোম ৰজাদিনীয়া বিষয়া-বংশধৰ উচ্চশিক্ষিত সংস্কৃত সুপণ্ডিত এজন অনাই সেই পঢ়াশালিৰ প্ৰধান শিক্ষক পাতি, তেওঁৰ তলে আৰু দুজন শিক্ষক নিযুক্ত কৰি দি পামপুৰ ন-নগৰত উচ্চশিক্ষা বিস্তাৰৰ পথ প্ৰশস্ত কৰি দিলে। সেই ক্ৰমে সেই ন পাম নগৰখন অনতিপলমে লিখা পঢ়া শিক্ষা-শিল্প-অনুশীলন, সাহিত্য-চৰ্চ্চা, বাণিজ্যবিস্তাৰ আদি উন্নত অনুষ্ঠানৰ কেন্দ্ৰস্থল হৈ উঠিল। ফলিতাৰ্থত, সৰ্ব্বতোভাৱে সৰ্ব্ববিষয়ত উন্নতি লাভ কৰি নগৰখন শান্তিধাম যেন হৈ জিলিকি উঠিল; আৰু সেই আলমতে, সদৌশেষত, ‘পামপুৰ' নগৰ 'শান্তিপুৰ' নামে খ্যাত হল। এনে হেন শান্তিময় ধৰাধামত নৱ-দম্পতী লাহৰী-কমলে মহা সুখ-শান্তিৰে সংসাৰ যাপন কৰিবলৈ ধৰিলে।


২২। আধ্যা।

ঘৈণী লাহৰী—আদৰ্শ দম্পতী।

 নাৰী-জীৱনকাল ঘাইকৈ তিনি ছোৱা;—জীয়াৰী, বোৱাৰী আৰু ঘৈণী। প্ৰেমিকা লাহৰীৰ প্ৰেমময় জীয়াৰী কালৰ কথা আগতে বহলাই কোৱা হৈছে; লাজুকী লাহৰীৰ বোৱাৰী কালৰ বিষয়ে মাজতে উনুকিয়াই অহা হৈছে; পতিপ্ৰাণা লাহৰীৰ আদৰ্শ ঘৈনীকালৰ অতৃপ্ত বিবৃতিৰ এতিয়া আভাস মাথোন দিয়া যায়।