পৃষ্ঠা:ভবিষ্যত কথা.djvu/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
(কোনো পাৰ্থক্য নাই)

০৯:২৮, ১১ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিন্দুকৰ নিন্দা শুনি, দুষ্টৰ কঠোৰ বাণী, তাহাক ক্ষমিবা শতবাৰ।। সুখ দুখ সম কৰি, শোক ৰঙ্গ পৰি হৰি | আত্মাৰাম হৈবাহা সতত। আনন। সব মহাজ্ঞান, দামোদৰ ভগবান | কহিলন্ত কৰিয় গুপুত।” এইয়েই হৈছে ভাগৱতী ধৰ্ম্মৰ মূল তত্ত্ব, আৰু এইয়েই আসামৰ বৈষ্ণৰ ধৰ্ম্ম। শ্ৰীদামোদৰ দেৱেই যে, এই ধৰ্ম্মৰ আদি প্ৰচাৰক তাক আমি মহাকবি কবিচন্দ্ৰৰ নিচিনা এজন প্ৰসিদ্ধ লেখকৰ পৰা জানিছে। ভবিষ্যত পুৰাণৰ নিচিনা এনে মূল্যবান এখনি পুথিক অসমীয়া মানুহে বথোচিত আদৰ কৰিলেই আমাৰ পৰিশম সফল হল বুলি ভাবিম। ইতি গুৱাহাটী শ্ৰী আনন্দ চন্দ্ৰ দেব গোস্বামী বেদান্তবাগীশ কবিবিশাৰদ।