এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৷৴৹
নিন্দুকৰ নিন্দা শুনি, দুষ্টৰ কঠোৰ বাণী,
তাহাক ক্ষমিবা শতবাৰ॥
সুখ দুখ সম কৰি, শোক ৰঙ্গ পৰি হৰি
আত্মাৰাম হৈবাহা সতত।
আনো সব মহাজ্ঞান, দামোদৰ ভগবান
কহিলন্ত কৰিয়া গুপুত॥”
এইয়েই হৈছে ভাগৱতী ধৰ্ম্মৰ মূল তত্ত্ব, আৰু এইয়েই আসামৰ বৈষ্ণৱ ধৰ্ম্ম। শ্ৰীদামোদৰ দেৱেই যে, এই ধৰ্ম্মৰ আদি প্ৰচাৰক তাক আমি মহাকবি ৺কবিচন্দ্ৰৰ নিচিনা এজন প্ৰসিদ্ধ লেখকৰ পৰা জানিছোঁ। ভবিষ্যত পুৰাণৰ নিচিনা এনে মূল্যবান এখনি পুথিক অসমীয়া মানুহে যথোচিত আদৰ কৰিলেই আমাৰ পৰিশম সফল হল বুলি ভাবিম। ইতি
বেদান্তবাগীশ কবিবিশাৰদ |
⸻