এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৹
“জীৱন উপায় যিটো কৰা ৰাত্ৰি দিনে।
সবে কৰ্ম্ম সমৰ্পিয়ো কৃষ্ণৰ চৰণে॥
তেবে নাবান্ধিব বিষয়ৰ কৰ্ম্ম দুঃখে।
আপুনি সন্তুষ্ট হুইব প্ৰভু হৃষিকেশে॥
শয়নে ভোজনে ধ্যানে পুত্ৰক পালনে।
ভাৰ্য্যা সম্ভাষণে আনো ধৰ্ম্ম সাবসানে॥
সবাহাঙ্কে হৰিৰ চৰণে সমৰ্পিবা।
যতেক বিষয় কৰ্ম্ম দোষক এৰাইবা॥
কৃষ্ণৰ চৰিত্ৰ নিতে শুনিয়ো শ্ৰৱণে।
সদায়ে বিষয় কথা নুশুনিবা কৰ্ণে॥
সুখে দুখে মুগে নাছাড়িবা হবি নাম।
ৰাত্ৰি দিনে সদায়ে কৰিবা তান কাম॥”
তেওঁৰ ধৰ্ম্ম মতৰ এইটো শেষ অৱস্থাহে, কিন্তু এনে অবস্থা লাভ কৰিবৰ নিমিত্তে কি কি অভ্যাস কৰিব লাগিব সেই বিষয়ে তেওঁৰ মত কি পাঠক শুনক:-
“নেৰিবা শাস্ত্ৰৰ ৰীতি, হৈব ক্ষমাশীল আতি,
সমস্তে প্ৰাণীক কৰা দায়া।
সত্য শৌচ ধৰ্ম্ম ধৰি, মনত জপিবা হৰি,
তবে নাবাধিব কিছু মায়া॥
দম্ভ দৰ্প অহঙ্কাৰ, হিংসা নিন্দা খত যত,
ইসবক কৰি পৰি হাৰ।