বাকীছোৱা জীৱন/হোম চুইট হোম
হোম চুইট হোম
সাধাৰণতে দেখা যায় এবাৰ অসমৰ পৰা ওলাই গ'লে অধিকাংশই উভতি নাহে। ময়ো প্ৰথম প্ৰথম ভাবিছিলো গৃহস্থ কলকাতাতে থাকি যাব। পিছে লাহে লাহে বোধগম্য হ’ল শেষ জীৱনটো তেওঁ অসমতে কটাব। চৰাই-চিৰিকতিয়ে যেনেকৈ দিনটো ঘূৰি ঘূৰি বেলি মাৰ যোৱাৰ আগে আগে নিজ নীড়লৈ ওভতে গৃহস্থৰো পৰিকলপনা তেনেকুৱাই। ইম্ফলত জন্মগ্ৰহণ কৰিলেও তেওঁ আঠ-ন বছৰ বয়সৰ পৰা গুৱাহাটীতে ডাঙৰ হৈছে। কটন কলেজত আই এ পঢ়ি থাকোতে অসমত বিশ্বযুদ্ধৰ বিধ্বংসী পৰিবেশে তেওঁলোকৰ পৰিয়ালটোৰ মহিলা আৰু ল'ৰা-ছোৱালীক পূৰ্ববংগৰ ঘৰলৈ যাবলৈ বাধ্য কৰে আৰু গৃহস্থ ভৰ্তি হয় শ্ৰীকাইল নামৰ জকাইচুকীয়া গাঁওখনৰ কলেজত। তালৈ হেনো নাৱত উঠিহে যাব লাগিছিল। অনুন্নত এলেকা হ'লেও কলেজখনত শিক্ষকতা কৰিছিল কেইগৰাকীমান মেধাৱী অধ্যাপকে। তেতিয়াৰ যুগত কলেজৰ সংখ্যা আছিল কম। গতিকে তেওঁলোকে নাম নথকা কলেজতে অধ্যাপনা কৰিবলৈ আহিছিল। সেই সময়ত তাত আছিল অসমৰ সৈতে সম্পৰ্ক থকা কান্তি চৌধুৰী নামৰ এগৰাকী অধ্যাপক। কান্তিৰ পত্নী সুজাতা ৰায় ১৯২৯ চনত কটন কলেজত ভৰ্তি হোৱা প্ৰথমগৰাকী ছাত্ৰী। এই লেখিকাৰ স্মৃতিকথাৰ প্ৰথম খণ্ডতে উল্লেখ কৰা হৈছে যে সুজাতাৰ আইতাক স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কান্তি চৌধুৰীয়ে কোনোবা এটা সময়ত বৰপেটা কলেজতো অধ্যাপনা কৰিছিল। শ্ৰীকাইল কলেজত আন এগৰাকী অধ্যাপক আছিল গৃহস্থৰ ভিনীহিয়েক। সংস্কৃত ভাষাত তেওঁ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তাৰ পৰা তেওঁ বেনাৰছলৈ যায়গৈ। যি কি নহওক চাৰি-পাঁচমাহ মান শ্ৰীকাইল কলেজত পঢ়া-শুনা কৰি গৃহস্থ ঢাকাৰ দাঁতিকাষৰীয়া মুন্সিগঞ্জ কলেজলৈ গৈ তাৰ পৰা আই এ পাছ কৰে বিশ্ববিদ্যালয়ত চতুৰ্থ স্থান অধিকাৰ কৰি। তাৰ পিছত বি এ, এম এ পাছ কৰে কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা।
গৃহস্থই য’তেই নপঢ়ক, য’লৈকে নাযাওক তেওঁৰ মন পৰি থাকে অসমত। বোধকৰো দেউতাক-মাক আৰু ককায়েকহঁতৰ ইচ্ছা আছিল মেধাৱী ভায়েকে কোনো প্ৰশাসনীয় বিভাগত সোমাওক। পিছে স্কুলৰ ছাত্ৰাৱস্থাৰ পৰা তেওঁ ঢাল খায় মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি। যিকোনো কাৰণৰ বাবেই নহওক এম এ পাছ কৰি আহি তেওঁ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক হিচাপে যোগ দিছিল। আঠ-ন বছৰ তাত কাম কৰাৰ পাছত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ দিল্লীৰ ‘স্কুল অব্ ইণ্টাৰনেশ্যনেল ষ্টাডিজ' নামৰ প্ৰতিষ্ঠানটোত যোগ দিয়ে। তেতিয়াই আমাৰ বিয়া হয়। তাৰ পাছৰ আমাৰ ঘৰুৱা জীৱনৰ কাহিনী মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ডত লিখা হৈছে।
১৯৯০ চনত কলকাতাৰ ‘চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ'চিয়েল ছায়েন্স’ প্ৰতিষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰা পখীটো নিজৰ নীড়লৈ আহিবলৈ ব্যস্ত হৈ পৰিল। সেই সময়ত মই কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছনৰ ৰিছাৰ্চ এছ'চিয়েট পদত কাম কৰি আছিলো। সেইটো টাৰ্ম শেষ হ’বলৈ কেইমাহমান বাকী আছিল। আন এটা টাৰ্মৰ বাবে চেষ্টা নকৰি ময়ো সকলো সামৰি ১৯৯১ চনৰ মাজ ভাগত গুৱাহাটীমুৱা হ'বলৈ প্ৰস্তুত হ'লো। অনেকে আশা কৰিছিল গৃহস্থ তাতেই থাকিব, উপযাচি দুই-চাৰিজনে ফ্লেটৰ সন্ধানো দিছিল। কিন্তু তেওঁৰ এক কথা— অসমলৈ উভতি যাব। মই তেওঁলোকক এওঁৰ অসম সম্পৰ্কে লিখা অসমীয়া আৰু বাংলা কবিতা দুটা গাই শুনাইছিলো তেওঁৰ অসমৰ প্ৰতি থকা নিবিড় প্ৰেমৰ বান্ধোনৰ বিষয়ে উপলব্ধি কৰাবলৈ।
লুইত পাৰেৰ গাথা
এখানে স্বপ্নেৰ মতো আমাৰ সত্তাৰ সাথে
জড়ানো, ছড়ানো এক দেশ—
আমি ভালোবাসি তাৰ বনৰাজি নীল পৰিবেশ।
কখনও শীতেৰ সাঁঝে বুনো হাঁস ঝাঁক বেঁধে ওড়ে,
কমলাৰ কুঞ্জে কুঞ্জে ৰসলুব্ধ মৌমাছিৰ ভিড়,
ৰূপালি আশাৰ মতো বৰফ নিবিড়
ভূটান পাহাড় চূড়া ঝিলকিয়ে ওঠে!
কখনও বা প্ৰথম বৈশাখে
শিপিনী কুমাৰী সাজে আনকোৰা ৰিহা-মেখেলায়
ফাটা শিমুলেৰ মতো কিষানেৰ উড়ে চলে মন,
বহাগীৰ আমন্ত্ৰণ
... ... ... ... ... ...
এই তো আমাৰ দেশ—
শান্তিৰ নিবিড় নীড় আমাৰ অসম
আমাৰ নাড়িতে জাগে এৰ যত নদীবন পাহাড় ভৈয়াম!
... ... ... ... ... '
লুইত পাৰৰ গীত
.... শাওণত শুনো মই যৌৱনৰ গান
কলঙৰ কল্লোলত, পৰ্বতীয়া নিজৰাৰ শুৱলা ধ্বনিত।
আলি দিয়া জুমখেতি বুকু পাতি ধৰি ৰাখে পানী,
ভৈয়ামৰ ভিজা মাটি সীৰলু সীৰলু হয়।
নাঙলৰ ফালৰ মুখত,
লুইতৰ গতিবেগে শিলায়ম গৰাকো খহায়।
এয়েতো মোৰ দেশ, শান্তিৰ নিবিড় নীড় অসম মোৰ,
হিয়াৰ আমঠু মোৰ ইয়াৰেই নদীবন ভৈয়াম পাহাৰ।
.... .... .... ....’
নিজৰ ঘৰখনক ভালনো নাপায় কোনে? পিছে গৃহস্থৰ দৰে মোৰ তীব্ৰ আকৰ্ষণ নাই। থাকিব কেনেকৈ? মই যে পিতৃতান্ত্ৰিক সমাজৰ বিবাহিতা নাৰী। আমি হ'লো গৃহহীন। আমাৰ পিতাৰ ঘৰ আছে। শহুৰৰ ঘৰ আছে, মামাৰ ঘৰ আছে কিন্তু নিজা ঘৰ নাই। গতিকে সমগ্ৰ বিশ্বখনকে নিজা ঘৰ বুলি ভাবো। সেইফালৰ পৰা ভাবিবলৈ গ’লে মই এক বিশ্ব নাগৰিক। তথাপি বাই-ভনী, আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক লগ পাম বুলি ভাবি ধীৰে ধীৰে মোৰো মন গুৱাহাটীমুখী হ’বলৈ ধৰিলে।
ইমানৰ পিছতো কিন্তু এটা বিচ্ছেদ-বেদনাই হৃদয়ৰ কোনোবা এটা চুকক বেদনাৰ্ত কৰি তুলিলে। যিখন কলকাতাক কুৰি বছৰ আগতে আহি অসহ্য যেন লাগিছিল, সেইখন ঠাই এৰিব লাগিব শুনি নিজকে কিয় দেউলীয়া যেন লাগিছে। বিচিত্ৰ মানুহৰ মন!