পৃষ্ঠা:অনিমা গুহ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংসাৰত পৰি আছো দুবেলা দুমুঠি খাবলৈ।’ তেওঁৰ কথা শুনি পুতেক-বোৱাৰীয়েকে বৰ আমোদ পাইছিল। আমিও হাঁহি হাঁহি তেওঁক সমৰ্থন কৰিছিলো।

 সময়তকৈ বহু আগতে ওপজা মামীমাগৰাকী দুবেলা দুমুঠি খাবৰ বাবে মামাবাবুৰ সংসাৰত বেছি দিনলৈ পৰি নাথাকিল। মৃত্যুৰ বহু আগতে তেওঁ কৈ থৈছিল পিতৃ-মাতৃৰ মৃত্যুৰ পাছত পালন কৰিবলগীয়া নীতি-নিয়মবোৰ যেন পুতেকহঁতে বৰ্জন কৰে। এইবোৰত তেওঁ অবিশ্বাসী আছিল। পিছে আত্মীয়-স্বজনৰ হেঁচাত সকলো কৰিবলগীয়া হৈছিল।

 মামাবাবুও আছিল বৈচিত্ৰ্যৰে ভৰা এগৰাকী অসাধাৰণ ব্যক্তি। তেওঁ জীৱিত অৱস্থাতেই পুতেকহঁতক সম্পত্তি ভগাই দিছে। মন কৰিছিলো সৰুটো পুতেকৰ ভাগৰ ফ্লেটটোত ৰ'দ-বতাহ অলপ কমকৈ সোমায়। মই এদিন কৈছিলো সি মনত দুখ নেপাবনে? মামাবাবুৰ তাৎক্ষণিক উত্তৰ আছিল, 'A beggar has no choice.' মোৰ জা কৰৱীৰ মৃত্যুৰ দুসপ্তাহমান পাছত মামাবাবুও গ'লগৈ।

 লানি নিছিগাকৈ আহি থকা মৃত্যুবোৰে জীৱনৰ প্ৰতি মোক যেতিয়া মায়া-মমতাহীন কৰি তুলিছিল তেতিয়া সৰুতে দেউতাৰ কিতাপ এখনৰ মেলি থোৱা পৃষ্ঠা এটাত পঢ়া কবিতা এফাঁকিলৈ মনত পৰিল।

 ‘ওহে মৃত্যু তুমি মোৰে কী দেখাও ভয়
 ও ভয়ে কম্পিত নয় আমাৰ হৃদয়।’

 আমি স্কুলত পঢ়া সময়ত ভাল ভাল বচন বা উদ্ধৃতি কাপোৰৰ ওপৰত এমব্ৰোডাৰী কৰি কাঁচৰ ফ্ৰেমত বন্ধাই থোৱাৰ এটা নিয়ম আছিল। ইয়ো আছিল এবিধ আৰ্ট। উল্লিখিত কবিতাফাঁকি ক'লা কাপোৰৰ ওপৰত বগা সূতাৰে এমব্ৰোডাৰী কৰি বেৰত ওলোমাই থৈছিলো এইবাবে যেন মৃত্যুক স্বাভাৱিকভাৱে গ্ৰহণ কৰিব পাৰো। পিছে মনটোক এই স্বাভাৱিক কথাষাৰৰ বাবে যিমানে ডাঠ নকৰো কিয় প্ৰিয়জনৰ মৃত্যু অসহনীয়।


হোম চুইট হোম

 সাধাৰণতে দেখা যায় এবাৰ অসমৰ পৰা ওলাই গ'লে অধিকাংশই উভতি নাহে। ময়ো প্ৰথম প্ৰথম ভাবিছিলো গৃহস্থ কলকাতাতে থাকি যাব। পিছে লাহে লাহে বোধগম্য হ’ল শেষ জীৱনটো তেওঁ অসমতে কটাব। চৰাই-চিৰিকতিয়ে যেনেকৈ দিনটো ঘূৰি ঘূৰি বেলি মাৰ যোৱাৰ আগে আগে নিজ নীড়লৈ ওভতে গৃহস্থৰো

বাকীছোৱা জীৱন / ১১৫