বাকীছোৱা জীৱন/বাংময় হৈ উঠে ইতিহাস
বাংময় হৈ উঠে ইতিহাস
কলকাতাৰ পৰিবেশত এটা যাদু আছে। ওঠৰ-ঊনৈশ শতিকাতে পছিমৰ ৰেনাঁছাৰ আলোকেৰে আলোকিত হৈছিল কলকাতা। ইয়াৰ আকাশে-বতাহে মই বিচাৰি ফুৰো ৰাজা ৰামমোহন ৰায়ক (২২/৫/১৭৭২-২৭/৯/১৮৩৩), তিৰোতা জাতিটোৰ প্ৰতি নিৰ্দয়, নিষ্ঠুৰ সমাজৰ বিৰুদ্ধে যাৰ কণ্ঠ প্ৰথম ধ্বনিত হৈছিল। তিব্বতীয় ধৰ্মগুৰু দালাই লামাই কোৱাৰ দৰে ৰামমোহনেও সম্ভৱতঃ উপলব্ধি কৰিছিল, ‘আটাইতকৈ অন্ধকাৰাচ্ছন্ন [ ১১৯ ] দিনটোত মই আশাৰ ৰেঙণি বিচাৰি পাওঁ।’ নাৰীক শিক্ষিত কৰি পূৰ্ণ মানৱৰ মৰ্যাদা দিবলৈ তেওঁ প্ৰতিজ্ঞাৱদ্ধ হৈছিল। আনহাতে নাৰীৰ শিক্ষাৰ বিৰুদ্ধে উঠিছিল প্ৰতিবাদৰ ধুমুহা। বুদ্ধিহীন স্ত্ৰীজাতিক বিদ্যা-শিক্ষা? ই যে হাস্যকৰ কথা। মানুহৰ দৃঢ় বিশ্বাস আছিল যে নাৰী শিক্ষিতা হলে স্বামী স্বল্পায়ু হয়। কাণ্টৰ ( ১৭২৪-১৮০৪ ) দৰে জাৰ্মান দাৰ্শনিকেও নাৰীৰ বোধশক্তিক ব্যংগ কৰিছিল। মেডাম কুৰীয়ে আগবয়সত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিব পৰা নাছিল, কাৰণ তিৰোতা জাতিৰ বাবে সেই শিক্ষাৰ দুৱাৰ আছিল বন্ধ। আমেৰিকাৰ নাৰীমুক্তিৰ ধ্বজাধাৰিনী মেধাৱী এলিজাবেথ কেডি ষ্টেনটন ( ১৮১৫-১৯০২ ) কলেজীয়া শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল, কাৰণ আমেৰিকাত কলেজৰ দুৱাৰ বন্ধ আছিল নাৰীৰ বাবে।
সি যি কি নহওক, প্ৰবল জনমতৰ প্ৰত্যুত্তৰত ৰামমোহনে জনাইছিল যে নাৰীক শিক্ষাদানেই যেতিয়া কৰা হোৱা নাই বা তেওঁলোকৰ জ্ঞান সম্পৰ্কে আলোচনাই কৰা হোৱা নাই, তেনেস্থলত প্ৰতিবাদকাৰীসকলে জানিলে কেনেকৈ যে স্ত্ৰী-জাতি বুদ্ধিহীন! বৈদিক যুগৰ গাৰ্গী আৰু মৈত্ৰেয়ী তথা কালিদাসৰ পত্নীয়ে প্ৰমাণ নকৰে নে যে নাৰী বুদ্ধিহীন নহয়। বৈদিকযুগীয় অৱস্থাৰ পৰা বিচ্যুত নাৰীয়ে সামন্তযুগত পুনৰ প্ৰৱেশ কৰিছে ঘোপমৰা এন্ধাৰৰ মাজত। ৰামমোহনৰ মতৰ বিৰুদ্ধে ৰাইজ ইমানে অসহিষ্ণু হৈ উঠে যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। সশস্ত্ৰ আক্ৰমণৰ পৰা তেওঁক ৰক্ষা কৰে মণ্টেগ’মাৰি মাৰ্টিন নামৰ এজন যুৱকে। ইমানৰ পিচতো ৰামমোহনৰ কণ্ঠ ৰোধ কোনেও কৰিব নোৱাৰিলে। নাৰীসত্তাক প্ৰথম স্বীকৃতি দিয়া ৰামমোহনে সোঁতৰ বিপৰীতে সাঁতুৰি ইতিহাসত সংযোজন কৰিলে এক নতুন অধ্যায়। সতীদাহ প্ৰথা ৰোধ কৰাৰ আঁৰতো আছিল ৰামমোহনৰ অৱদান। নাৰী শিক্ষাৰ প্ৰসাৰ তথা কিছুমান সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনত নেতৃত্ব দিছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে ( ১৮২০-১৮৯১ )। তেঁৱো সমাজৰ তথাকথিত শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ প্ৰচণ্ড বাধাৰ বিৰুদ্ধে গৈ বিধৱা বিবাহ আইন সিদ্ধ কৰে। দ্বাৰকানাথ গাংগুলিৰ ( ১৮৪৪-১৮৯৮ ) আশাশুধীয়া চেষ্টাৰ ফলত নাৰীৰ বাবে মুকলি হয় কলকাতা মেডিকেল কলেজৰ দুৱাৰ।
অসমলৈ অহাৰ প্ৰায় এটা শতাব্দী আগতে ইংৰাজসকল বংগলৈ আহিছিল বাবে বাঙালী সমাজে আমাৰ আগতে আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ ইউৰোপীয় ৰেনাছাঁ বা নৱোন্মেষণৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছে। সেই সময়ত নানা দুৰ্যোগত জুৰুলা অসমৰ দুই-চাৰিজনমান ব্যক্তিৰ মনতো আধুনিক চেতনাৰ উন্মেষ [ ১২০ ] ঘটে। এওঁলোকৰ ভিতৰত ‘আসাম বুৰঞ্জী'ৰ ৰচয়িতা হলিৰাম ঢেকিয়াল ফুকন ( ১৮০২-১৮৩২ ) আৰু তেওঁৰ ভায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ ( ১৮০৫-১৮৩৮ ) নাম উল্লেখযোগ্য। তেওঁলোক বংগৰ শ্ৰীৰামপুৰৰ পৰা বেপ্টিষ্ট মিছনাৰীৰ দ্বাৰা প্ৰকাশিত ‘সমাচাৰ দৰ্পণ' পত্ৰিকাৰ গ্ৰাহক আছিল। বাংলা আৰু সংস্কৃত ভাষাৰে শিক্ষিত হলিৰামক বংগৰ সামাজিক আন্দোলনবোৰে প্ৰভাৱিত কৰিছিল। ‘সমাচাৰ দৰ্পণ'লৈ লিখা এখন চিঠিত হলিৰামে স্ত্ৰী শিক্ষাক সমৰ্থন কৰা পৰিলক্ষিত হয়। ১৮৩১ চনৰ ৯ জুলাই তাৰিখে ‘সমাচাৰ দৰ্পণ’লৈ লিখা চিঠিত সতীদাহ প্ৰথা ৰোধ কৰাৰ বাবে যজ্ঞৰাম খাৰঘৰীয়া ফুকনে চৰকাৰক অভিনন্দন জনায়। এওঁলোকৰ দৰে দুই-চাৰিজন ব্যক্তিৰ বাহিৰে অসমৰ অধিকাংশ মানুহ আছিল ৰক্ষণশীল। নতুন চিন্তাধাৰাৰ পক্ষে-বিপক্ষে তেওঁলোকৰ মাজত বিতৰ্কৰ ধুমুহা বৈ গৈছিল।
ইতিহাস মই বৰকৈ নাজানো যদিও ঐতিহাসিক ঠাইবোৰলৈ গ'লে কল্পনাত ডেউকা লগাই অতীতলৈ গুচি যাওঁ। উত্তৰ কলকাতাৰ মাণিকতলা অঞ্চললৈ গ'লে সপৰিয়ালে শেষ জীৱনটো এইখিনি ঠাইৰে ক'ৰবাত কটোৱা গুণাভিৰাম বৰুৱালৈ ( ১৮৩৭-১৮৯৪ ) মনত পৰে। ঊনৈশ শতিকাত উচ্চ শিক্ষা লাভ কৰিবলৈ অসমৰ পৰা কলকাতালৈ যোৱা ছাত্ৰসকলৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ আনন্দৰাম ঢেকিয়াল ফুকন ( ১৮২৯-১৮৫৯ ), গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ নাম উল্লেখযোগ্য। পাশ্চাত্যৰ ধ্যান-ধাৰণা আৰু বংগৰ নৱচেতনাই তেওঁলোকৰ মানসিকতাক এটা নিৰ্দিষ্ট গঢ় দিছিল। তদুপৰি বংগৰ বিদ্বৎজনৰ ঘনিষ্ঠ সান্নিধ্যলৈ অহা বাবে তেওঁলোকৰ চিন্তাধাৰাৰ দ্বাৰাও প্ৰভাৱান্বিত হয়। দৰাচলতে অসমৰ জাতীয় জীৱনক নৱলব্ধ এই প্ৰভাৱেৰে প্ৰভাৱান্বিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল আনন্দৰাম। অসমত স্ত্ৰীশিক্ষাৰ বাবে আগবাঢ়ি অহা প্ৰথম ব্যক্তিগৰাকীয়েই আছিল আনন্দৰাম। তেওঁ নিজৰ জীয়াৰী পদ্মাৱতীক ঘৰতে বিদ্যা শিক্ষা দিওৱাৰ ব্যৱস্থা কৰিছিল।
আজি ইংৰাজী মাধ্যমৰ স্কুলত ল'ৰা-ছোৱালীক ভৰ্তি কৰিব নোৱাৰিলে জীৱন বৃথা বুলি ভবাসকলে শুনিলে অবাক হ’ব যে ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱা বাবে আনন্দৰামৰ খুৰাক যজ্ঞৰামৰ পৰিয়ালটোক তেতিয়াৰ সমাজপতিসকলে ‘জাত যোৱা’ আখ্যা দিছিল। আনকি এইখন ঘৰৰ ছোৱালী বিয়া কৰোৱা বাবে উদাৰমনা নান্দীশ্বৰ বৰুৱাক দেউতাকে হেনো ত্যাজ্য পুত্ৰ কৰিছিল। এতিয়া ডেৰশমান বছৰ পাছত ফৰফৰাই ইংৰাজী ক’ব পৰা সকলেহে ‘জাতত উঠে'।
তাহানিৰ সেই ৰক্ষণশীল সমাজখনত ছোৱালীক শিক্ষাদান কৰাটো আছিল এক [ ১২১ ] দুৰূহ কাম। আনন্দৰামৰ পাছতে এই কাৰ্যত অৱতীৰ্ণ হয় বিশেষকৈ গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা ( ১৮৩৬-১৮৯৬ )। সঁচা কথা ক'বলৈ গ'লে গুণাভিৰাম মোৰ প্ৰিয় পুৰুষ। তেওঁ কেইবাটাও ক্ষেত্ৰত ৰক্ষণশীল সমাজৰ বিৰুদ্ধে গৈ নিজৰ জীৱনত ‘উপদেশতকৈ আৰ্হি ভাল’ কথাষাৰ প্ৰতিষ্ঠা কৰিছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহি তেওঁৰ দ্বাৰা প্ৰভাৱিত গুণাভিৰামে বিয়া কৰাইছিল দুজনী ছোৱালীৰ মাক এগৰাকী বিধৱা মহিলাক, ১৮৭০ চনত। এই বিয়া তেওঁ ৰেজেষ্ট্ৰিও কৰাইছিল। এইখনেই আছিল অসমত প্ৰথম ৰেজেষ্ট্ৰি বিয়া। হিন্দু ধৰ্মৰ ৰক্ষণশীলতাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ তেওঁ ৰামমোহন ৰায় প্ৰৱৰ্তিত ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰে। ১৮৮০ চনত আঠবছৰীয়া জীয়াৰী স্বৰ্ণলতাক কলকাতাৰ বেথুন স্কুলত ভৰ্তি কৰাই অসমত স্ত্ৰী শিক্ষাৰ বাট মুকলি কৰে। কুৰি শতিকাৰ প্ৰথমৰ ফালে অসমৰ প্ৰগতিশীল পৰিয়ালৰ কেইবাগৰাকী ছাত্ৰী সেইখন স্কুলত আৰু একে নামৰ কলেজখনত পঢ়িছিল। মোৰ কটন কলেজৰ সহপাঠী মায়া কুণ্ডু বেথুন কলেজত অধ্যাপিকা হৈ থাকোতে মই এবাৰ তাইৰ লগত গৈ কলেজখন চাই আহিছিলো। আমাৰ মাৰ খুৰীয়েক সৰোজিনী চৌধুৰী ডিব্ৰুগড়ৰ এটা প্ৰগতিশীল পৰিয়ালৰ জীয়াৰী। ১৯২৬ চনত তেওঁ বেথুনৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। তাৰ পাছত ইন্দিৰা মিৰি, নৰ্মদা চৌধুৰী আৰু অমলপ্ৰভা দাসো স্নাতক হৈছিল একেখন কলেজৰ পৰা।
বামপন্থী নেত্ৰী সুলেখিকা অঞ্জলি লাহিড়ী বাইদেউৰ মাক সুৱৰ্ণপ্ৰভা দাসক (১৮৯০-১৯৬৪) তেওঁৰ বিদ্যোৎসাহী মাতৃ শাৰদামঞ্জৰীয়ে ১৯০০ চনত ন বছৰ বয়সত শ্বিলঙৰ পৰা বেথুন স্কুললৈ পঠায় শিক্ষা কৰিবলৈ। তেওঁ শ্বিলঙৰ পৰা পাঁচ টকা ভাড়াত গৰুৰ গাড়ীৰে আহিছিল গুৱাহাটীলৈ।
অসমৰ ছাত্ৰ-ছাত্ৰী বা অন্যান্য যাত্ৰীসকলে ৰে’ললাইন নথকা বাবে ব্ৰহ্মপুত্ৰইদি জাহাজেৰে ভটিয়াই গৈছিল বংগৰ গোৱালন্দ বন্দৰলৈ। তাৰ পৰা ৰে'লেৰে গৈছিল কলকাতালৈ। আমাৰ আতা গৌৰমোহনেও গোৱালপাৰাৰ জাহাজঘাটত জাহাজত উঠি কলকাতালৈ গৈছিল কলেজত শিক্ষাগ্ৰহণ কৰিবলৈ।
এটা শতাব্দীতে বিজ্ঞানৰ দ্ৰুত উন্নতিৰ ফলত যোগাযোগ ব্যৱস্থাৰ কল্পনা কৰিব নোৱৰা উন্নতি হ’ল। আজিৰ দ্ৰুতগামী ৰে'ল নাইবা বিমানেৰে বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ পূৰ্বসুৰীসকলৰ কষ্টকৰ যাত্ৰাৰ বিষয়ে অৱগত নে? আমিও ৬০/৬৫ বছৰ আগতে কটন কলেজত পঢ়োতে লেহেমীয়া গতিত কয়লাৰ ইঞ্জিনে টনা ৰে’লত গুৱাহাটীলৈ আহিছিলো। তেতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি [ ১২২ ] শৰাইঘাট দলং নথকা বাবে আমিনগাঁৱত ৰে'লৰ পৰা নামি ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ইপাৰে পাণ্ডুলৈ আহিছিলো। গুৱাহাটীত তেতিয়া চিটি বাছ বা টেক্সীৰ প্ৰচলন নাছিল, আছিল ঘোঁৰাৰ গাড়ী আৰু ৰিক্সা। আজিৰ ট্ৰেফিক জামত পৰি হাৰাশাস্তি ভোগ কৰা প্ৰজন্মই নাজানে তাহানিৰ গুৱাহাটীৰ উদং বাটপথৰ কথা।