বাকীছোৱা জীৱন/জোড়াসাঁকোৰ ঠাকুৰবাড়ীত
জোড়াসাঁকোৰ ঠাকুৰবাড়ীত
কলকাতাৰ জোড়াসাঁকো অঞ্চলত বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰাসাদোপম বাসগৃহটো এবাৰ ৰবীন্দ্ৰনাথৰ জন্মদিন পঁচিশ ব'হাগৰ দিনা দৰ্শন কৰিবলৈ গৈছিলো ভগ্নীসমা বান্ধৱী নৃতত্ত্ববিদ শিখা চেটাৰ্জীৰ লগত। আমি দুয়ো কেৱল ৰবীন্দ্ৰ ভক্তই নহওঁ, পৰিয়ালটোৰ প্ৰতিগৰাকী প্ৰতিভাশালী ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধাশীল আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ আগ্ৰহী।
সোমায়ে মনত পৰিল ১৮০৯ চনত গাঁও সদৃশ কলকাতাৰ জোড়াসাঁকো অঞ্চলৰ স্বচ্ছল জমিদাৰ পৰিয়ালৰ পোন্ধৰ বছৰ বয়সীয়া দ্বাৰকানাথ ঠাকুৰৰ সৈতে ছবছৰীয়া ৰূপৱতী দিগম্বৰীৰ বিয়ালৈ৷ দ্বাৰকানাথ আছিল অত্যন্ত মেধাৱী। সেই সময়ত ভাৰতত ইংৰাজৰ প্ৰৱেশ ঘটিলেও বংগত প্ৰশাসনীয় কাৰ্যত মুছলমান শাসনৰ প্ৰভাৱ লোপ পোৱা নাছিল। আৰবী আৰু ফাৰ্চী ভাষাৰ প্ৰাধান্য তেতিয়াও আছিল। দুয়োটা ভাষাত ব্যুৎপত্তি লাভ কৰাৰ উপৰি দ্বাৰকানাথে ইংৰাজী ভাষাও আয়ত্তাধীন কৰে। নিজৰ জমিদাৰী পৰিচালনা কৰি বহু উন্নতি ঘটায় তেওঁ। বিশিষ্ট আইনজ্ঞ হিচাপেও খ্যাতি লাভ কৰে। অৰ্থ, মান-সন্মান, প্ৰভাৱ-প্ৰতিপত্তিত উন্নতি হয় উল্কাবেগেৰে। তাতেই সন্তুষ্ট নাথাকি আৰম্ভ কৰে ব্যৱসায়। বংগৰ এজন প্ৰধান উদ্যোগী দ্বাৰকানাথে ব্যৱসায়-বাণিজ্য, শিল্পোদ্যোগ, বেংকিং আদিত মনোনিবেশ কৰিও সমাজ কল্যাণৰ কাম-কাজ, বিজ্ঞান চৰ্চাৰ প্ৰসাৰ, থিয়েটাৰ, লাইব্ৰেৰী আদিৰ প্ৰতিষ্ঠাত আগভাগ লৈ মুকলি হাতেৰে দান কৰিছিল। আনহাতে বিলাসিতাৰ বাবেও খৰচ কৰিছিল লাখ লাখ টকা। ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ বাবে ঘৰৰ পৰা বহু আঁতৰত দ্বাৰকানাথে সজা ‘বেলগাছিয়াভিলা' নামৰ প্ৰাসাদত আয়োজন কৰা ভোজসভালৈ নিমন্ত্ৰিত হ’লে স্থানীয় ব্যক্তি আৰু ইংৰাজসকলেও নিজকে ভাগ্যৱান বুলি ভাবিছিল।
বাহিৰৰ কামত উদয়াস্ত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল যদিও বৈষ্ণৱ পৰিয়ালৰ সন্তান দ্বাৰকানাথে নিজ হাতেৰে হোম, তৰ্পণ আৰু জপ কৰিছিল। এনেতে ৰেনাঁছাৰ [ ১২৩ ] আবিৰ্ভাৱে পৰিয়ালত সৃষ্টি কৰিলে ধুমুহাৰ। নতুন ভাৱধাৰাক দ্বাৰকানাথে আঁকোৱালি ল'লেও চাৰিটাকৈ পুত্ৰ সন্তানৰ নিষ্ঠাৱতী মাতৃ দিগম্বৰী নিজৰ ধৰ্মবিশ্বাস আৰু ৰীতি-নীতিত বিশ্বাসী হৈয়ে থাকিল। ইয়াকে লৈ পতি-পত্নী দুয়োৰে মাজত দেখা দিলে আদৰ্শৰ সংঘাতে। ব্যক্তিত্বসম্পন্না মহিলাগৰাকী কিন্তু স্বামীৰ কথাত উঠ-বহ কৰা প্ৰকৃতিৰ নাছিল।
ব্ৰাহ্মধৰ্মৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ৰ সান্নিধ্যলৈ অহাৰ পাছত দ্বাৰকানাথৰ পৰম্পৰাগত ধৰ্মবিশ্বাসত প্ৰবল জোকাৰণি উঠে। পূজা কৰি থকা অৱস্থাত ৰামমোহন তেওঁলোকৰ পদুলিমুখ পাইছেহি বুলি শুনিলে তেওঁ হেনো পূজা অসমাপ্ত ৰাখি আলহীক আদৰিবলৈ গৈছিল। ৰামমোহনৰ দ্বাৰা অনুপ্ৰাণিত নিৰামিষাহাৰী বৈষ্ণৱ সন্তান দ্বাৰকানাথে গুৰুৰ অনুকৰণত পঠা ছাগলীৰ মাংস ভক্ষণ আৰু শ্যেৰী পান পৰ্যন্ত কৰিছিল। এনে ‘কুসংগ’ৰ পৰা স্বামীক উদ্ধাৰ কৰিবলৈ বহু চেষ্টা কৰি দিগম্বৰী বিফল হৈছিল। ইতিহাসত অমৰ হৈ থকা ৰাজা ৰামমোহন কিজানি মহিলাগৰাকীৰ দৃষ্টিত আছিল এজন নৰাধম।
ঘৰৰ প্ৰতিকূল পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ পৈতৃক ঘৰৰ কাষতে দ্বাৰকানাথে নিজ ৰুচিমতে সাজিছিল এটা অট্টালিকা। গৃহ প্ৰৱেশলৈ আমন্ত্ৰিত হৈছিল ইংৰাজ চাহাব-মেমসকলো। সেই আনন্দ উৎসৱত ইংৰাজী বাজনাৰ তালে তালে নৃত্য-গীত অনুষ্ঠিত হৈছিল। ভোগবিলাসৰ চুড়ান্ত শিখৰত উঠিলেও মাক জীয়াই থকালৈকে ইউৰোপীয়সকলৰ লগত একেখন টেবুলত আহাৰ কৰা নাছিল দ্বাৰকানাথে। ১৮৩৮ চনত মাকৰ মৃত্যুৰ পাছত তেওঁ হৈ উঠে বেপৰোৱা। পত্নীকনো কোনে গুৰুত্ব দিয়ে!
স্বামীৰ ‘অনাচাৰ'ৰ কথা দিগম্বৰীয়ে প্ৰথমতে বিশ্বাস কৰা নাছিল। এদিন নিজ চকুৰে দেখি প্ৰচণ্ড আঘাত পালেও বিৰল ব্যক্তিত্বৰ অধিকাৰিনী দিগম্বৰী ভাগি নপৰিল। স্বামীক স্বধৰ্মলৈ ঘূৰাই অনাত বিফল মানুহগৰাকীয়ে চকুৰ সন্মুখত দুটা পথ দেখিবলৈ পালে— হয় স্বামীক ত্যাগ কৰি কুলধৰ্মমতে চলা, নহয় কুলধৰ্ম ত্যাগ কৰি স্বামীৰ ধৰ্ম গ্ৰহণ কৰা। এই কঠিন সিদ্ধান্ত নিজে লোৱাৰ পৰা বিৰত থাকি তেওঁ বিশিষ্ট ব্ৰাহ্মণ পণ্ডিতসকলৰ মতামত বিচাৰিলে— যি স্বামীয়ে কুলধৰ্ম ত্যাগ কৰি বিদেশীৰে সৈতে উঠ-বহ কৰে, নিষিদ্ধ খাদ্য তেওঁলোকৰ লগত বহি খায় তেনে স্বামীৰ লগত বাস কৰা উচিত নে?
পণ্ডিতসকলৰ মূৰত যেন ৰামটাঙোন পৰিল। এনে কঠিন সমস্যাৰ মুখামুখি হোৱা নাছিল কেতিয়াও৷ তেওঁলোকৰ পুথি-পত্ৰতো বোধকৰো তাৰ কোনো বিধান নাছিল।[ ১২৪ ] বহু আলোচনা-বিলোচনাৰ অন্তত পণ্ডিতসকলে দিগম্বৰীক না গ্ৰহণ না বৰ্জন নীতি মানি চলিবলৈ নিৰ্দেশ দিলে। স্বামীক ভক্তি কৰিবা, সেৱা-যত্ন কৰিবা কিন্তু একেলগে বাস নকৰিবা। তেতিয়াৰ দিনত বিবাহ-বিচ্ছেদ আইন থকা হ'লে তেজস্বিনী নিৰ্ঘাত আদালত পালেগৈহেঁতেন। যি কি নহওক, প্ৰয়োজনত তেওঁ কাষৰ ঘৰটোত থকা স্বামীৰ ওচৰলৈ গৈছিল। কিন্তু দিন-ৰাতি, জাৰ-জহ যেতিয়াই গৈছিল উভতি আহি গা-পা ধুই শুদ্ধ হৈছিল। নিজৰ ওপৰত কৰা অত্যাচাৰৰ ফলত জ্বৰত ভুগি ভুগি মাত্ৰ সাতত্ৰিশ বছৰ বয়সত নিজৰ মতত অটল দিগম্বৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দুদিন আগতে তেৰ বছৰীয়া পুত্ৰৰ মৃত্যুশোকে তেওঁৰ অন্তিমকাল চমুৱাই আনিছিল।
পত্নীৰ মৃত্যুই দ্বাৰকানাথৰ মনত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল জানিবৰ উপায় নাই। কিন্তু তাৰ পাছতো তেওঁৰ উন্নতিৰ গ্ৰাফডাল ওপৰলৈ গৈ থাকিছিল। আনহাতে নিজ আদৰ্শ আৰু বিশ্বাসত খামোচ মাৰি থাকি বিখ্যাত এগৰাকী স্বামীৰ সৈতে নীতিগত যুদ্ধত অৱতীৰ্ণ হোৱা আপোচহীন মনোবৃত্তিৰ এনে এগৰাকী নাৰী আজিৰ যুগতো বিৰল।
দ্বাৰকানাথ কেৱল গুণীয়ে নহয় দেখাতো আছিল বৰ সুপুৰুষ। বিলাতত থকাৰ সময়ত মহাৰাণী ভিক্টোৰিয়াৰ লগত তেওঁৰ এটা মিঠা সম্পৰ্ক গঢ়ি উঠিছিল বুলি জনশ্ৰুতি আছে।
দ্বাৰকানাথ আৰু দিগম্বৰীৰ দৰে দুগৰাকী বিৰল ব্যক্তিত্বৰ জিন তথা ক্ৰমজ’মে তেওঁলোকৰ প্ৰতিজন উত্তৰাধিকাৰীক খ্যাতিৰ শীৰ্ষলৈ তুলি যে নিছিল তাত কোনো সন্দেহ নাই।
এই চৌহদতে প্ৰতিষ্ঠিত হৈছে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়খন। বৰ্তমানে প্ৰসাৰ লাভ কৰা বাবে বিশ্ববিদ্যালয়ৰ আন এটা চৌহদ নিৰ্মিত হৈছে উত্তৰ কলকাতাৰ বি টি ৰোডত।
শিখা আৰু মই মন্ত্ৰমুগ্ধৰ দৰে ইফালৰ পৰা সিফাললৈ গৈ ইতিহাস বিচাৰি ফুৰিছিলো। যিটো হলঘৰত মঞ্চ সাজি বাল্মিকী প্ৰতিভা, মায়াৰ খেলা আদি বিভিন্ন নাটকত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল তাত থিয় হৈ মানস চকুৰে কত কি যে দেখিলো! দৰ্শকৰ আসনত জিলিকি থকা গুণাভিৰামৰ কন্যা স্বৰ্ণলতাকো দেখা পালো।
পাশ্চাত্যৰ আলোকপ্ৰাপ্ত ঘৰখনত লিংগ-বৈষম্য দূৰ কৰিবলৈ প্ৰথমতে আগবাঢ়ি আহিছিল ভাৰতৰ প্ৰথম আই চি এছ ৰবীন্দ্ৰ নাথৰ মাজু ককায়েক সত্যেন্দ্ৰ নাথ ঠাকুৰ [ ১২৫ ] ( ১৮৪২-১৯২৩ )। তেওঁ সেই ঊনৈশ শতিকাতে ৰাতিৰ এন্ধাৰত বন্ধুসকলক শোৱনি কোঠালৈ মাতি আনি পত্নী জ্ঞানদানন্দিনীৰে চিনাকি কৰি দিছিল। পিছত তেওঁলোকে বম্বেলৈ বদলি হৈ যায়। বিলাততো বহু বছৰ কটায়। উভতি আহি কলকাতাত জ্ঞানদাই ঘোঁৰা চেকুৰাই ফুৰিছিল। আজি আমি যিটো ষ্টাইলত শাৰী পিন্ধো তাৰ আৱিষ্কাৰক জ্ঞানদানন্দিনী। তেওঁলোকৰ আজোনাতি গৌতম চট্টোপাধ্যায় আমাৰ গৃহস্থৰ বন্ধু আছিল। নানা গুণেৰে বিভূষিতা প্ৰগতিশীল জ্ঞানদাৰ বিষয়ে তেওঁ আমাক বহু কথা কৈছিল।
ৰবীন্দ্ৰনাথে শেষ নিশ্বাস ত্যাগ কৰা কোঠাটোৰ দুৱাৰমুখত থিয় হৈ ভাবিছিলো ইয়াতে বহি তেওঁ নবৌয়েক কাদম্বিনীৰ মৃত্যুৰ পাছত সেই বিখ্যাত গীতটো লিখি সুৰ দিছিল নে? গীতটো মোৰো অতি প্ৰিয়। শুনিলে আজিও মোৰ দুচকু প্লাৱিত হয়—
‘তুমি কি কেবল ছবি, শুধু পটে লেখা?
ওই যে সুদূৰ নীহাৰিকা, যাৰা কৰে আছে ভিড়
আকাশেৰ নীড়...
তুমি কি তাদেৰ মতো সত্য নও?
হায় ছবি, তুমি শুধু ছবি...
আমাৰ একমাত্ৰ ভাই বাবলুৰ মৃত্যুৰ পাছত হেমন্ত মুখাৰ্জীৰ কণ্ঠত প্ৰথম এই গীতটো শুনি চকুপানী ধৰি ৰাখিব পৰা নাছিলো। আজিও তালৈ মনত পৰিলে নীৰৱে গীতটো গাও।
‘নয়ন সমুখে তুমি নাই, নয়নেৰ মাঝখানে নিয়েছ যে ঠাঁই।
আজি তাই শ্যামলে শ্যামল তুমি, নীলিমায় নীল.…'
জীৱনৰ যিকোনো পৰিস্থিতিত সুখ-দুখ, আনন্দ-বেদনা, বিপদ-আপদত আশ্ৰয় দিয়ে ৰবীন্দ্ৰনাথে।
ৰবীন্দ্ৰনাথৰ সমবয়সীয়া নবৌয়েক, জ্যোতিৰিন্দ্ৰ নাথ ঠাকুৰৰ পত্নী কিশোৰী কাদম্বিনী আছিল কিশোৰ ৰবীন্দ্ৰনাথৰ ফ্ৰেণ্ড, ফিলছফাৰ আৰু গাইড। দুয়ো একেলগে ডাঙৰ হৈছিল। তেওঁৰ সৃষ্টিশীল সাহিত্যৰ বিষয়ে আলোচনা কৰিছিল বৌয়েকৰ লগত। বহিৰ্মুখী জ্যোতিৰিন্দ্ৰ নাথে ঘৰতকৈ বাহিৰতে বেছি সময় কটাইছিল। গতিকে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল দেওৰেকৰ লগত। দুয়োৰে মনোজগতত আন কিবা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল নেকি জনাৰ উপায় নাই। তেইশ বছৰ বয়সত মৃণালিনীৰ সৈতে ৰবীন্দ্ৰনাথৰ বিয়া হোৱাৰ কিছুদিনৰ পাছত কাদম্বিনীয়ে বিহ খাই আত্মহত্যা [ ১২৬ ] কৰা বাবে বহুতে অনুমান কৰে দুয়োৰে মাজত হয়তো প্লেট’নিক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।
এই চৌহদতে লক্ষ্মীনাথ বেজবৰুৱাই বিয়া কৰাইছিল মহৰ্ষি দেৱেন্দ্ৰ নাথ ঠাকুৰৰ তৃতীয় পুত্ৰ হেমেন্দ্ৰ নাথৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীক। আন এগৰাকী অসমীয়া গুণাভিৰামৰ পুত্ৰ জ্ঞানদাভিৰামে ঠাকুৰ পৰিয়ালত বিয়া কৰাইছিল। ঘৰৰ পৰা বহু আঁতৰত কলকাতাৰ ভৱানীচৰণ দত্ত লেনৰ মেছ এটাৰ পৰা দৰা সাজি ঠাকুৰবাড়ীলৈ বিয়া কৰাবলৈ গৈছিল লক্ষ্মীনাথ। দৰা নৈষ্ঠিক ব্ৰাহ্মণ সন্তান, কইনা প্ৰগতিশীল ব্ৰাহ্ম পৰিয়ালৰ জীয়াৰী। আগতেই কোৱা হৈছে মই কল্পনাবিলাসী। সিদিনা, শিখাক লক্ষ্মীনাথৰ কথা কৈ কল্পনাতে তেওঁৰ বিবাহমণ্ডপটো যেন দেখা পালো। ব্ৰাহ্ম বিয়াত বৈদিক মন্ত্ৰ উচ্চাৰিত হ'লেও হোম পোৰা নহৈছিল। পুতেকে বাঙালী ব্ৰাহ্ম পৰিয়ালৰ ছোৱালী বিয়া কৰোৱা বাবে শিৱসাগৰত দীননাথ বেজবৰুৱাৰ পৰিয়ালটোক তেতিয়া দুখ-খং আৰু হতাশাই ম্ৰিয়মান কৰি তোলে। পাছত অৱশ্যে বোৱাৰীয়েকক আদৰি গ্ৰহণ কৰিছিল।
ঠাকুৰবাড়ীৰ নিয়মেই আছিল সৎ বংশজাত, সুশিক্ষিত, সুদৰ্শন পাত্ৰ পালে তেনে ল’ৰাক জোঁৱাই কৰা। ভাৰতৰ নানা ঠাইৰ সুপাত্ৰ তেওঁলোকৰ জোঁৱাই। যি কি নহওক, কেৱল জোঁৱায়ে নহয় বোৱাৰীও আনিছে আন ৰাজ্যৰ পৰা। মহৰ্ষি দেৱেন্দ্ৰনাথৰ নাতি, ৰবীন্দ্ৰনাথৰ ভতিজাক সুভো ঠাকুৰে ( সুভগেন্দ্ৰ ) বিয়া কৰাইছিল ‘আৱাহান’ আলোচনীৰ সম্পাদক দীননাথ শৰ্মাৰ জীয়াৰী আৰতিক। জ্ঞানদাভিৰাম বৰুৱাৰ জীয়াৰী ইৰাৰ বিয়া হৈছিল ঠাকুৰ পৰিয়ালৰ আন এটা শাখাৰ সদস্য গীতিন্দ্ৰনাথৰ লগত। এওঁলোকৰে জীয়াৰী অভিনেত্ৰী শৰ্মিলা ঠাকুৰ।
এটা কথাই মাজে মাজে মোক ভবাই তোলে। কিয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীয়েক তিনিগৰাকীয়ে ভালদৰে অসমীয়া নাজানিছিল! আনকি যিগৰাকী মাজু জীয়েকৰ অসমীয়া পৰিয়ালত বিয়া হৈছিল তেওঁৰো জীয়েকসকল ঠাকুৰ পৰিয়ালৰ জীয়াৰী, আইতাক প্ৰজ্ঞাসুন্দৰী ভাষাৰ প্ৰতি অধিক অনুৰক্ত আছিল বুলি শুনিছো। বোধহয় ঘৰখনত দেউতাকতকৈ মাকৰ প্ৰভাৱেই আছিল অধিক। নে ৰবিৰ প্ৰভাৱ।লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰ জীয়াৰী অৰুণা মুখাৰ্জীৰ পুত্ৰক এবাৰ ধুবুৰীত প্ৰতুল ৰায়চৌধুৰী আৰু সুকুমাৰী ৰায়চৌধুৰীৰ ঘৰত লগ পাইছিলো। তেওঁ অসমীয়া জানে নে নাজানে গম নাপালো। কিয়নো কথা কৈছিল বাংলাত। অৱশ্যে সৰুজনী জীয়েকৰ কথা সঠিককৈ নাজানো।[ ১২৭ ] পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰে ১৯০১ চনত বোলপুৰত স্থাপন কৰা শান্তি নিকেতন আশ্ৰমৰ সম্প্ৰসাৰণ ঘটাই প্ৰতিষ্ঠা কৰা ৰবীন্দ্ৰনাথৰ দ্বিতীয় গৃহ তথা তেওঁৰ মানস সন্তান শান্তি নিকেতনলৈ কেইবাবাৰো গৈছো। কিন্তু কবিৰ ল’ৰালি কালৰ স্মৃতি বিজড়িত জোড়াসাঁকোৰ ঠাকুৰবাড়ীয়ে মোক অধিক আকৰ্ষণ কৰে।
শান্তি নিকেতনত এবাৰ মোৰ এটা চৰম দুৰ্ভাগ্যজনক অভিজ্ঞতা হৈছিল। আমাৰ মনত কেনেবাকৈ এটা বিশ্বাস জন্মে যে শিক্ষিত, বিশেষকৈ অগাধ পাণ্ডিত্য অৰ্জন কৰা মানুহ যুক্তিবাদী হয়। আবেগ-অনুভূতিক দমাই ৰাখিব পাৰে। তাতে যদি তেওঁ কোনোবা খ্যাতনামা কলেজ-বিশ্ববিদ্যালয়ত শিক্ষাৰ্জন কৰি তেনে ধৰণৰে নামী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে আৰু নিজকে মাৰ্ক্সীয় দৰ্শনেৰে প্ৰভাৱিত বুলি জহাই ফুৰে তেনেহ'লে তেওঁক আমি সভ্য-ভব্য আৰু মাৰ্জিত ৰুচিসম্পন্ন বুলি ধৰি লওঁ। লওঁ নহয়, এটা বয়সত লৈছিলো। জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই মোক শিকাইছে যে অনেকৰ ক্ষেত্ৰত appearences are deceiptive। শিক্ষাৰ পোহৰ নোপোৱা মানুহো অত্যন্ত ৰুচিবান আৰু মাৰ্জিত হ’ব পাৰে, আবেগ-অনুভূতি দমাই ৰাখিব পাৰে।
পণ্ডিত বুলি জনাজাত মানুহো যে আচৰণ আৰু ব্যৱহাৰত অতি দুখলগাকৈ অভদ্ৰ হ’ব পাৰে তাৰ উদাহৰণ পাইছিলো শান্তি নিকেতনত। এবাৰ জয় আৰু মই মোৰ বান্ধৱী আৰু তেওঁৰ জীয়েক দুজনীৰ সৈতে শান্তি নিকেতনলৈ গৈ তেওঁলোকৰ ঘৰতে কেইদিনমান আছিলো। বান্ধৱী অধ্যাপিকা। উভতি অহাৰ দুদিনমান আগতে উল্লিখিত মহাপণ্ডিত অধ্যাপকজনৰ লগত জয়ে-ময়ে দেখা কৰিবলৈ গ'লো। আমাক দেখি উচ্ছসিত। কথা-বতৰা পতাৰ পাছত সেই নিশা তেওঁৰ ঘৰতে ভাত-সাজ খাবলৈ ক’লে। ময়ো নিমন্ত্ৰণ গ্ৰহণ কৰি বহাৰ পৰা উঠিবলৈ যো-জা কৰিছো, তেনেতে সুধিলে ক’ত আছো আমি। বান্ধৱীৰ নামটো উচ্চাৰণ কৰাৰ লগে লগে মানুহজন নিজেই এটা জীৱন্ত বোমাত পৰিণত হ'ল। দি দিক্বিদিক জ্ঞান শূন্য মানুহজনে এনে আচৰণ প্ৰদৰ্শন কৰিলে যে ছিটিকি ওলাই আহি নিজকে বিস্ফোৰণৰ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পোৱা যেন লাগিল। আৰু অলপ সময় তাত থকা হ’লে কিজানি নেলু চেপি ধৰিলেহেঁতেন। ৰাতিৰ আহাৰ দূৰ অস্ত, গাত যে হাত নুতুলিলে সেয়েই ভাগ্য।
ফোপাই-জোপাই বান্ধৱীৰ ঘৰলৈ আহি কথাষাৰ কোৱাত তাই ক'লে— ‘দেশত আইন নাই নেকি, তোমাৰ গাত হাত তুলিলে যাৱজ্জীৱন কাৰাবাসৰ ব্যৱস্থা কৰিলোহেঁতেন চয়তানটোৰ’। পণ্ডিতপ্ৰবৰৰ দ্বিতীয়া পত্নী আছিল বান্ধৱী৷ প্ৰথমগৰাকী কলকাতাৰ অতি খ্যাতনামা চহকী তথা শিক্ষিত পৰিয়ালৰ জীয়াৰী আছিল। তেওঁ [ ১২৮ ] দূৰাৰোগ্য ৰোগৰ বলি হৈ ইহ-সংসাৰৰ পৰা বিদায় লোৱাৰ পাছত বান্ধৱীক বিয়া কৰায়। দেউতাহঁতৰ অলপো ইচ্ছা নাছিল ছোৱালী এজনী থকা মানুহটোলৈ জীয়েকক বিয়া দিয়াৰ। পিছে তাৰ পাণ্ডিত্যত ভোল গৈ ঘৰৰ অমতত বিয়া কৰাই মানুহটোৰ পাণ্ডিত্যৰ ফোপোলা স্বৰূপটো দেখি তাই মোহমুক্ত হ’ল। অৱশেষত বিবাহ-বিচ্ছেদ। তেওঁৰ প্ৰাক্তন পত্নীৰ ঘৰত আছো বুলি শুনি ফোপোলা স্বৰূপটো মোৰ আগত আকৌ এবাৰ উদঙালে। তেতিয়াৰে পৰা কোনো পণ্ডিত নামৰ ব্যক্তিকে এশৰ ভিতৰত এশ নম্বৰ নিদিওঁ।
মানুহৰ মগজুৰ কম্পিউটাৰটোত কিমান পুৰণি কথা অমলিন হৈ থাকে ভাবিলে আচৰিত হওঁ। উল্লিখিত ঘটনাটো কোৱাৰ লগে লগে সাউৎ কৰে ওলাই আহিল আন এটা ঘটনা। এই ঘটনাৰ নায়ক নিজৰ বিষয়টোত একাণপতীয়াকৈ মনোনিবেশ কৰি থকা এগৰাকী গৱেষক আৰু কেইবাখনো কিতাপৰ গ্ৰন্থাকাৰ। তেওঁ সঞ্চালনা কৰা গৱেষণাগাৰত পিয়নৰ পৰা আৰম্ভ কৰি অফিচ ষ্টাফ তথা জুনিয়ৰ স্কলাৰসকলৰ মাজত মৃদুভাষী ব্যক্তিজন আছিল অত্যন্ত জনপ্ৰিয়। এনে ভদ্ৰ ব্যৱহাৰ, মাৰ্জিত ৰুচি, শিষ্টাচাৰ কম মানুহৰ গাতহে দেখিবলৈ পোৱা যায়। তেওঁ সাধাৰণ পিয়ন বা ঝাড়ুদাৰজনকো আপুনি বুলি সম্বোধন কৰিছিল। তেওঁৰ পৰিবাৰো তেওঁৰ দৰেই এগৰাকী নিষ্ঠাৱান গৱেষিকা। এদিন তেওঁৰ আগত তেওঁৰ স্বামীক স্থিতপ্ৰজ্ঞ ব্যক্তি হিচাপে প্ৰশংসা কৰিবলৈ মুখখন মেলিছিলোহে, খঙত জ্বলি পকি উঠি মানুহগৰাকীয়ে ক'লে— ‘All that glitters is not gold.। সেই ভদ্ৰ-সভ্য মুখাখনৰ আঁৰত দীৰ্ঘদিন ধৰি জমা হৈ থকা কুমতলব আৰু অত্যাচাৰবোৰ ঘৰৰ ল'ৰা-ছোৱালী আৰু মোৰ ওপৰত প্ৰয়োগ কৰে। আমি হ’লো তেওঁৰ Safety valve. কোনোবাই স্কুলত পঢ়া জীয়েকক পৰ্দাৰ ৰডডালেৰে কোবাবলৈ যোৱা কাৰোবাক দেখিছেনে? ঘৰত সি এটা terror.’ আৰু বহুতো কিবাকিবি বকি থাকিল মানুহজনীয়ে। কিমান জাতৰ মানুহক যে লগ পালো এই জীৱনত। দেখাত যেনেকৈ কোনো মানুহ একে নহয়, স্বভাৱতো একেই অমিল পৰিলক্ষিত হয়।
কলকাতাৰ নাটক-জলসা আদিৰ নিচা মোৰেই নহয় পুত্ৰ জয়ৰো আছিল। ঘৰত আছিল মীনা নামৰ মোক ঘৰুৱা কামত সহায় কৰা ছোৱালী এজনী। তাইক দুবাৰমান নাটক দেখুৱাইছিলো যদিও সদায় নিবলৈ ভাল লগা নাছিল। জয় তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ। মীনাক ফাঁকি দি কৈছিলো দাদাক টিউচনলৈ লৈ যাওঁ বুলি৷ বছৰটো [ ১২৯ ] জুৰি কলকাতাত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠান৷ সদায় যোৱা অসম্ভৱ৷ কলকাতা এৰিবৰ আগত সেইবোৰ আৰু চোৱা নহ’ল বাবেও দুখ লাগিছিল।
পুনে এৰি কলকাতালৈ আহিনৰ সময়ত শোকে খুদা মাৰি ধৰিছিল। তাৰ পাছত ঊনৈশ বছৰ কলকাতাত থাকিলো, কলকাতাক অন্তৰেৰে ভাল পাবলৈ শিকিলো। মানুহ সঁচাই এক আশ্চৰ্য জীব। অৱস্থাৰ লগত খাপ খাব পৰা ক্ষমতা মানুহৰ অসীম।
দাঁত নসৰালৈকে মানুহে দাঁতৰ মুল্য নুবুজাৰ দৰে কলকাতা এৰিবৰ সময়তহে মনত পৰিবলৈ ধৰিলে ক’লৈ ক'লৈ যোৱা নহ'ল আৰু কলৈ ক'লৈ যোৱা নহ'ব। কফি হাউছলৈ আৰু যোৱা নহ'ব, ভাবিয়ে দুখ লাগি গ'ল। কলেজ ষ্টীটৰ কফি হাউছ কলকাতাৰ ছাত্ৰ ছাত্ৰী আৰু ইনটেলেকচ্যুয়েলসকলৰ আড্ডাৰ কেন্দ্ৰ। একাপ কফি সন্মুখত লৈ ঘণ্টাৰ পিছত ঘণ্টা তেওঁলোকে আকাশৰ তলত থকা সকলো বিষয়ে আলোচনা কৰে। কফি হাউছৰ জন্ম কেতিয়া নাজানো, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ ছাত্ৰাৱস্থাতো অসমীয়া ছাত্ৰসকলে তাত বহি নানাধৰণৰ আলোচনা কৰিছিল। কোনে জানে ঘাইকৈ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰচেষ্টাত ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী' নামৰ আলোচনীখন উলিওৱাৰ চিন্তা অসমীয়া ছাত্ৰসকলে কিজানি ইয়াত বহিয়ে কৰিছিল। অবশ্য ই মোৰ কল্পনাহে। যি কি নহওক জোনাকীৰ পাততেই অসমীয়া ৰোমাণ্টিক সাহিত্যৰ জন্ম। এই যুগৰ সুচনা হৈছিল কলকাতাতেই।
কলেজ ষ্ট্ৰীটলৈ গ’লে কফি হাউছলৈ গৈছিলো যদিও আড্ডা মৰাৰ সময় কত? ছাত্ৰাৱস্থাত কলকাতাত থকা হ'লে হয়তো বহিবলৈ সময় পালোহেঁতেন। যি কি নহওক, মাজে মাজে তালৈ গ'লে ভাবিছিলো আমাৰ আতা ছাত্ৰাৱস্থাত ইয়ালৈ নিশ্চয় আহিছিল। ভাবিলে দুখ লাগে তেওঁৰ কলিকতীয়া জীৱনৰ অভিজ্ঞতা পুতেকহঁতকো কৈ যাব নোৱাৰিলে। তেওঁৰ বৰপুত্ৰ অৰ্থাৎ আমাৰ দেউতাৰ দহ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। গতিকে আতাৰ ছাত্ৰজীৱনৰ অধ্যায়টো নজনা হৈয়ে থাকিল। মাজে সময়ে এটা ভাবনাই মোৰ মনটোক আচ্ছন্ন কৰি তোলে। ঊনৈশ আৰু কুৰি শতিকাৰ আগভাগত অসমৰ পৰা কলকাতালৈ যোৱা বহু ছাত্ৰৰ নাম বিভিন্ন কিতাপ আৰু আলোচনীত পাওঁ। সেই নামবোৰৰ মাজত আমাৰ আতাকে ধৰি গোৱালপাৰাৰ পৰা যোৱা ছাত্ৰসকলৰ কাৰো নাম বিচাৰি নাপাওঁ৷ আজিও অনেক অসমীয়াই গোৱালপাৰীয়া মানুহক অসমীয়া বুলি নাভাবে৷ এশ ডেৰশ বছৰ আগতে আতাহঁতক নিশ্চয় বাঙালী বুলি ভবা বাবেই সেই তালিকাত ঠাই পোৱা নাছিল।[ ১৩০ ] কলেজ ষ্ট্ৰীটৰ দুয়োকাষে থকা পুৰণি কিতাপৰ দোকানবোৰ চাবলগীয়া। এবাৰ নৱনীতা দেৱসেনে হেনো তেনে এখন দোকানত পুৰণি কিতাপ চাওঁতে চাওঁতে পালে কোনোবা খ্যাতনামা লেখকে তেওঁৰ মাক-দেউতাকক উপহাৰ হিচাপে দিয়া এখন কিতাপ। তেওঁতো ঘৰৰ কোনো কিতাপ বেচা নাছিল, তেনেহ'লে এইখন দোকানলৈ আহিল কেনেকৈ? তেওঁ গম নাপালেও আমি অলপ ঠাৱৰ কৰিব পাৰিছিলো যেন লাগে। নৱনীতাৰ জীয়েকৰ বাবে কে জি বাবু নামৰ ঘৰুৱা শিক্ষক এগৰাকীক বন্দৱস্ত কৰি দিছিলো বুলি কোৱা হৈছে। তেওঁ কৈছিল নৱনীতাহঁতৰ ঘৰত কিতাপ থ’বলৈ ঠাই নথকা যেন লাগে। বহু কিতাপ হেনো মজিয়াতে পৰি থাকে। কাম কৰা মানুহে কয়লাৰ চৌকা জ্বলাবলৈ মজিয়াৰ পৰা কিতাপ-পত্ৰ টানি নিয়া তেওঁ দেখিছে। গতিকে সিহঁতে কিছুমান কিতাপ কিলো দৰে বেচা নাই বুলি কোনে ক’ব পাৰে! সাহিত্যিকগৰাকীয়ে দিয়া কিতাপখন খুব সম্ভৱ তেনেকৈয়ে গৈ কলেজ ষ্ট্ৰীট পালে।
নৱনীতাৰ দেউতাক কবি নৰেন্দ্ৰ দেৱৰ জন্ম ১৮৮৮ চনত আৰু মৃত্যু ১৯৭১ত। মাক কবি ৰাধাৰাণী দেৱীৰ জন্ম ১৯০৩ চনত আৰু মৃত্যু ১৯৮৯ চনত। এটা সুসংস্কৃত পৰিয়ালৰ দীৰ্ঘজীৱী দম্পতীহালে কিমান কিতাপ গোটাইছে তাৰ লেখজোখ নাই। তাৰ লগত যোগ হৈছে নৱনীতা আৰু তেওঁৰ দুই কন্যাৰ কিতাপ-পত্ৰ। গতিকে যিমানে ঘৰটো ডাঙৰ নহওক কিতাপ থ’বলৈ ঠাইৰ অভাৱ হ’বই।