পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আঠ
মহম্মদীয় ধৰ্মত পূৰ্ব সমন্বয়

পৃথিবীৰ ঘাই তিনিটা ধৰ্ম বা আছিয়াৰ প্ৰধান পাঁচটা ধৰ্মৰ শেষ ধৰ্মৰূপে মহম্মদীয় ধৰ্মই তাৰ পূৰ্ববৰ্তী ধৰ্মবোৰৰ সাৰ গ্ৰহণ কৰা বুলিও দাবী কৰে, আৰু সেই ধৰ্ম-প্ৰবৰ্তকসকলক মানে বুলি স্বীকাৰ কৰে। পূৰ্ববৰ্তী ধৰ্ম বুলি খৃষ্টান ধৰ্মৰ লগত ইয়াৰ সম্পৰ্ক আৰু খৰিয়াল ঘনিষ্ঠ; আৰু সেইদৰেই খৃষ্টান ধৰ্মৰ লগত বৌদ্ধ ধৰ্মৰ সম্বন্ধ অধিক। বেদান্তৰ কালত বৌদ্ধ ধৰ্মই আৰু বেদৰ কালত জৰথুস্ত্ৰ ধৰ্মই মূল বৈদিক ধৰ্মৰ লগত খৰিয়াল কৰি ফাটি আহে; নীতি-প্ৰধান ধৰ্মৰূপে বৌদ্ধ আৰু কন্ফুছিয়াছীয় ধৰ্ম সম্পৰ্কিত। এই অনুক্ৰমে জগতৰ এই আটাইকেইটা ঘাই ধৰ্মই পৰম্পৰা সম্বন্ধেৰে বান্ধ খোৱা।

 “লা ইলাহা ইল-আৰা” ( এক ঈশ্বৰত বাদে কেও উপাস্য নহয়); এয়ে কোৰাণৰ “তৌহিদ” (ঐক্য)। “তৌহিদ” বুলিলে বাৎ” (ব্যক্তি), “ছিফাৎ” (গুণ ), আৰু “অফাল্” (কাম), তিনিও বিষয়ত তেওঁ “এক”। (১) ব্যক্তিত “এক” মানে (ক) বৈদিক দেৱতাৰ কল্পনাৰ নিচিনাকৈ ঈশ্বৰত বহু কল্পনা ভুল, আৰু (খ) খৃষ্টানৰ ত্ৰিমূৰ্তি (পিতা, পুত্ৰ, পুণ্যাত্মা), বা বৈদিক ত্ৰিমূৰ্তি (ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ) ঈশ্বৰত আৰোপ কৰা ভ্ৰমাত্মক। (২) গুণত “এক” মানে (গ) তেওঁৰ সমকক্ষ কেও নাই; আৰু (৩) কামত “এক” মানে তেওঁ কৰা কাম কেৱে কৰিব নোৱাৰে। মুঠতে ঈশ্বৰৰ স্বৰূপৰ কোনো ৰূপ নাই। “তৌহিদ”ৰ বিপৰীত “শিৰ্ক্” (অংশাশী); ইও সেইদৰেই তিনি একাৰ-ব্যক্তিগত, গুণগত, কৰ্মগত। কি ব্যক্তিত, কি গুণত, কি কৰ্মত, ঈশ্বৰক আনৰ সমান পতা মহা পাপ; আৰু কোৰাণৰ মতে (৪|৪৮) ঈশ্বৰে এই পাপৰ বাহিৰে আন যেই সেই, পাপকে, ইচ্ছা কৰিলে, ক্ষমিব পাৰে। মাধৱদেৱে লিখিছে-