পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
কন্-ফু্-ছিয়াছ্, ছক্ৰেটিছ আৰু যীশুখৃষ্ট


‘তোমালোকৰ সাঁচতীয়া ধন-সম্পত্তিবোৰ পৃথিবীত নথবাঁঃ ইয়াত ঘুণে খাব, মামৰে ধৰিব, বেৰ-দুৱাৰ ভাঙি চোৰে নিব। তোমালোকৰ সাঁচতীয়া ধন-সম্পত্তিবোৰ স্বৰ্গত থবাঁঃ তাত ঘুণে নাখায়, মামৰে নধৰে, বেৰ-দুৱাৰ ভাঙি চোৰে নিনিয়ে।' (৬|১৯-২০)

“অ' হৰি, হৰি। নাম ললে নেহেৰায়,
ডকাইতে নিনিয়ে পাই, চোৰেও নিনিয়ে চুৰ কৰি।
ভাই বটা নাবাটে, অগ্নিয়ে নোপোৰ,
ৰজাই নিনিয়ে দঁড় কৰি॥”

কোৱা বাহুল্য একেশ্বৰবাদী ধৰ্মৰূপে এইবোৰ কোনেও কাৰো পৰা ধাৰ কৰা বুলিব নোৱাৰি।