পৃষ্ঠা:Yugnayak Sankardeva.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মহম্মদীয় ধৰ্মত পূৰ্ব সমন্বয়
৬৭

“কৃষ্ণ দেৱতাক যিটো   অন্য দেৱতাৰ সম
  বোলয় অদম মূঢ়মতি।
চৌৰাশী নৰক ভুঞ্জি  পাপৰ যোনীত সিটো
  অৱশ্য হৈবেক উৎপত্তি।”

 “শ্বৰ্ক,” চাৰি শ্ৰেণীত ভগাব পাৰি। (১) আটায়ে দেখা-শুনা আৰু সাধাৰণ হ’ল (ক) শিল, মূৰ্ত্তি, “কবৰ”, আদি অচেতন, (খ) গছ, সাপ-বেঙ, মানুহ আদি চেতন, আৰু (গ) জোন, বেলি, বায়ু, বৰুণ আদি প্ৰাকৃতিক শক্তিৰ উপাসনা; (২) যি খৃষ্টানে যীশুক “ঈশ্বৰৰ পুত্ৰ” বুলি, বা যি সাংখ্যবাদীয়ে প্ৰকৃতি-পুৰুষক সুকীয়া সত্তা বুলি, বা যি জৰথুস্ত্ৰ ধৰ্মীয়ে ছৈতানক (শনি) স্বতন্ত্ৰ শক্তি বুলি মানে তেনে ভাব; (৩) অল্প বা আশ্ৰয় দাতা আদি বুলি মানুহক দেৱতা ৰূপে মনা; (৪) কাম-ক্ৰোধ, লোভ-মোহ, মদ-মাৎসৰ্য্য মানি চলা ( কোৰাণ ২৫৷৪৩)। মূৰ্ত্তিপূজা আদিত কিবা আধ্যাত্মিক অৰ্থ থাকিব পাৰে বুলিও কোৰাণে নামানে, আৰু সি আধ্যাত্মিক নিম্নতম স্তৰ হব পাৰে বুলিও স্বীকাৰ নকৰে (৩৯৷৩৩)। তাৰ মতে (ক) ঈশ্বৰৰ ক্ষুদ্ৰাতিতম ক্ষুদ্ৰ পদাৰ্থই মহতোৰ্মহীয়ান ঈশ্বৰৰ ধাৰণা দিব পৰা আৰু (খ) তাৰ পৰা অনন্ত অসীম বিৰাট ৰূপৰ ধ্যান কৰিবলৈ প্ৰেৰণা পাব পৰা কথা ভুৱা বা ভ্ৰম। কোৰাণে যে তাৰ পূৰ্ববৰ্তী ঐশ আদেশ- সম্পন্ন সকলো ধৰ্মশাস্ত্ৰ আৰু মহম্মদৰ আগৰ ধৰ্মপ্ৰৱৰ্তকসকলকো মানে তাৰ চিন বৰূপে আকৌ কৈছে, ‘মোৰ বাহিৰে আৰু ঈশ্বৰ নাই, এতেকে মোকে সেৱা কৰাঁ, এনে আদেশ বহন নকৰা কোনে এক প্ৰৱৰ্তক তোমাৰ (মহম্মদৰ) আগত মই পঠিওৱা নাই।” (২১৷২৫)। আন এঠাইত কৈছে, “সকলো মানুহৰ গতি একেটা; এতেকে ঈশ্বৰ শুভ সম্বাদ আৰু সতৰ্কবাণী দি ধৰ্মপ্ৰৱৰ্তকসকলক তেওঁলোকৰ মাজলৈ সত্য বস্তু থকা ধৰ্মশাস্ত্ৰই সৈতে পঠাই দিছে।” (২১৷২৫)। গীতা আৰু ঘোষাৰ এই ভাৱ থকা শ্লোক পদ অলেখ—