পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম

আৰু পাছৰ কালত ভাগৱততো ব্যৱহৃত হৈছে; উপনিষদৰ ’ব্ৰহ্ম- নিৰ্বাণ’ আৰু বিষ্ণুপুৰাণৰ ‘প্ৰাপ্নোতি আৰাধিতে বিষ্ণোঃ নিৰ্বাণমপি চোত্তমম্।’ আদি মন কৰিবলগীয়া। বুদ্ধদেৱৰ মতে নিৰ্বাণ লাভ হলে এই জন্মতে ‘ব্ৰহ্মভূতা’ ‘ব্ৰহ্ম প্ৰাপ্তি’ হব পাৰে; শঙ্কৰদেৱৰ ভাষাৰে জীৱন্তে মুকুত হাৈৱে অচিৰ কালতে।”

 এই অৱস্থা লভিলে জীৱই জীৱন্তে উপলব্ধি কৰিব পাৰে- “অয়ং ধৰ্ম, অয়ম্ আত্মা, ইদম্ অমৃতম, ইদং ব্ৰহ্ম, ইদং সৰ্বম্” (বৃহদাৰণ্যক, ২৷৫৷১১)। বুদ্ধদেৱে এইদৰে ’নগদ’ৰ কথা কৈছে, বাকীৰ প্ৰশ্ন নাহে; তথাপি নিৰ্বাণ সম্পূৰ্ণ পাৰ্থিৱও নহয়, কিয়নো নিৰ্বাণ লভিলে জন্ম আৰু মৰণৰ কোনো কথাই নুঠে। খৰিডাল পুৰি অঁতালে যেনেকৈ জুই-আঙনি নাথাকে, নিৰ্বাণতো তেনেকৈ কাম-ক্ৰোধ- লোভ-মোহ-মদ-মাৎসৰ্য্য আদিহে পুৰি ছাই হয়; গতিকে তাত আত্মাৰ সম্পূৰ্ণ বিলোপ নুবুজায়। জগত যদি অন্তহীন পৰিবৰ্তনৰ চকা, নিৰ্বাণ তেন্তে সেই অনন্তৰ বুকুত পৰম শান্তিৰ জিৰনি। বৃহদাৰণ্যক উপনিষদত কবৰ দৰে এচপৰা লোণৰ যিদৰে বাহিৰ- ভিতৰ নাই, নিৰ্বাণপ্ৰাপ্ত জীৱও সেইদৰে বিশুদ্ধ জ্ঞান ভিন্ন একো নহয়৷ অধ্যাত্ম ক্ষেত্ৰত লোকৰ পোহৰত আগবাঢ়িব নোৱাৰি; প্ৰত্যেকে নিজ প্ৰাণ-প্ৰদীপ জ্বলাই লৈ আগবাঢ়িব লাগিব।—

“অপ্পমাদো অমতপদম্ পম্মাদো মঞ্জুনা পদম্।
অপ্পমত্তা ন মিয়ন্তি যে পমত্তা যথা মত্তা।” ধম্মপদ, ২১।

(জাগৃতিয়েই অমৃতপদ, জড়তাই মৃত্যুপথ; জাগ্ৰতই জীৱিত, জড়ই মৃত)।

 বৌদ্ধদৰ্শনৰ “অনাত্তাবাদ” (অনাত্মবাদ) মৰ্ম এই, পৰিবৰ্ত্তনশীল জগতত একোৱেই নিৰ্দ্ধাৰিত নহয়; মানুহো ‘তৈয়াৰী’ নহয়, কিন্তু নিজ কৰ্ম এত ক্ষণে ক্ষণে উৰ্দ্ধ বা অধঃ গতিত চলিব