পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
যুগনায়ক শঙ্কৰদেৱ

লাগিছে: যাক “মই” বা আত্মা বুলিছোঁ, সি সেই পঞ্চস্কন্ধৰ সমষ্টি ভিন্ন আন একো নহয়; গতিকে সিও অনাত্মা। তেন্তে মানুহে যাতে নিজ নিজ স্বৰূপ উপলব্ধি কৰি উৎকৃষ্ট উৎকৰ্ষ লভিব পাৰে, বুদ্ধদেৱে তাকে সকিয়াই দিয়ে; “মাৰ্গ” বা পথ-নিৰ্দ্ধাৰণ তেওঁৰ উদ্দেশ্য : ঠিক বাটে গলে লক্ষ্যস্থান পোৱাত সন্দেহ নাই।

“সব্ব পাপসস্ অকৰণং কুসলসস্ উপসম্পদা।
সচিত্ত পৰিষোদপনং এতৎ বুদ্ধানুসাসনম্।”

 জৰথুস্ত্ৰ ধৰ্মৰ দৰেই বৌদ্ধধৰ্ম সম্পূৰ্ণ আত্মশুদ্ধিৰ ধৰ্ম; মানুহ ব্ৰহ্ম নহয়, আত্মশুদ্ধিৰ দ্বাৰা ব্ৰহ্ম হবগৈ পাৰে নিশ্চয়। আত্মা লোকে দলিয়াই দিয়া বা হেৰা পোৱা বস্তু নহয়, তাক অনিদ্ৰ যত্নৰ দ্বাৰা লভিব লাগিব। মৃত্যুতে কেৱেঁ কৰ্মফলৰ হাত সাৰিব নোৱাৰে, যেতিয়ালৈকে নিৰ্বাণ লাভ নহয়, তেতিয়ালৈকে জীৱই পুনঃ পুনঃ জন্ম লভি সংসাৰ-নিকাৰ ভোগ কৰিবই লাগিব। ’মানুহৰ পাপতেই ঈশ্বৰৰ জন্ম’—এই কথা কিমান সত্য বা অসত্য তাৰ বিচাৰ নকৰিলেও, ঈশ্বৰ-বিহীন বৌদ্ধ ধৰ্মৰ আদৰ্শই যে অধঃপতিত মানৱ সমাজৰ অশেষ মঙ্গলৰ কাৰণ হয়, সন্দেহ নাই।

⸻⸻