সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
যুগনায়ক শঙ্কৰদেৱ

দুখ-নিবাৰণৰ উপায় আছে; (৪) “মাৰ্গ"—দুখ-নিবাৰণৰ উপায় (মঝিমা, ৬৩): বুদ্ধদেৱৰ মতে, ৰূপ (অনুভৱৰ সমষ্টি), বেদনা (আবেগজনিত অৱস্থা), সংজ্ঞা (ভাব-ধাৰণা), সংস্কাৰ (ইচ্ছা- প্ৰবৃত্তি আদি), আৰু বিজ্ঞান (চিন্তা): এই ‘পঞ্চ স্কন্ধ'ৰ সমষ্টিয়েই “মই” (জীৱ)। উক্ত ‘চাৰি সত্য'ৰ সমকক্ষ আন চাৰি সত্য- (১) জীৱন (সাধাৰণ) মানেই দুখ, (২) দুখৰ কাৰণ স্বাৰ্থৰ কামনা, (৩) স্বাৰ্থৰ কামনা ধ্বংস কৰিব পাৰি, (৪) স্বাৰ্থ-কামনা ধ্বংসৰ বাবে আঠটি উপায় আছে। এই আঠটি উপায়,-(ক) সু- বোধ, (খ) সু-বাঞ্ছা, (গ) সু-উক্তি, (ঘ) সু-আচৰণ, (ঙ) সু- বৃত্তি, (চ) সু-যত্ন, (ছ) সু-তৎপৰতা, (জ) সু-একাগ্ৰতা। বুদ্ধদেৱৰ সমূহ উপদেশ ত্ৰিপিটকত সংৰক্ষিত হৈছে; ত্ৰিপিটক– সুত্ত, বিনয়, অভিধৰ্ম্ম।

 বৌদ্ধ শৰণৰ ত্ৰিৰত্ন—বুদ্ধ, সঙ্ঘ, ধম্ম। “ধ” শব্দ ই-আৰ্য “ঋত” (বিধান) আৰু সংস্কৃত 'সত্য’ শব্দৰ তুল্য; কিন্তু 'ঋত’ শাৰীৰিক, ‘সত্য' মানসিক, আৰু 'ধম্ম’ মূলতে নৈতিক। 'ঋত’ শব্দ বৈদিক যুগত শাৰীৰিক শৃঙ্খলা অৰ্থৰ পৰা নৈতিক শৃঙ্খলা বুজোৱা হল; শেষত ই সত্যৰ তথা ধৰ্মৰ সমাৰ্থক হল; 'সত্যই ধৰ্ম’ (বৃহদাৰণ্যক, ১।৪।১৪)। বুদ্ধদেৱে ব্যৱহাৰ কৰা মতে যদি “ধম্ম"ক সত্যৰ সমাৰ্থক বোলা হয়, তেন্তে কব লাগিব সেই সত্য তাৰ্কিকৰ ওমলা বস্তু নহয়, ই পবিত্ৰ জীৱন যাপনৰ দ্বাৰা উপলব্ধিৰ বিষয়। স্বৰূপতে বুদ্ধদেৱৰ “ধম্ম” উপনিষদৰ ব্ৰহ্মৰ সমকক্ষ; ভাবুক দৃষ্টিত যি ব্ৰহ্ম, ব্যৱহাৰিক দৃষ্টিত সি “ধম্ম”। বৌদ্ধধৰ্মৰ অষ্টশীলৰ নাম ‘ধম্মযান’ বা ‘ব্ৰহ্মযান’; 'ধৰ্ম্মৰ বাটেই ব্ৰহ্মৰ বাট’ (সংযুক্ত, ১।১৪১): 'ধৰ্ম্মত বাসেই ব্ৰহ্মত বাস’ (অঙ্গুত্তৰ, ১।২০৭): ‘ধৰ্ম্মৰ লগত যুক্তি হোৱা মানেই ব্ৰহ্মৰ লগত যুক্ত হোৱা' (দীঘ, ৩৮৪।৮১) আদি উক্তি বিশেষ লক্ষ্য কৰিবলগীয়া। তদুপৰি 'ব্ৰহ্মভূতা' ব্ৰহ্মপ্ৰাপ্তি’ আদিও এনে অৰ্থত ব্যৱহৃত হৈছে।

 এনেদৰেই বৌদ্ধ ‘নিৰ্বাণ’ শব্দ একে অৰ্থতে উপনিষদ, বিষ্ণুপুৰাণ,