পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩
বৈদান্তিক ধৰ্মৰ প্ৰতিবাদী বৌদ্ধ ধৰ্ম

তাৰ উত্তৰত কয়—দুইটাই যেতিয়া আপেক্ষিক, অনিত্যৰ দৰে নিশ্চয় নিত্যও কাল্পনিক। এই অনাত্মাবাদ বা অনাত্মকেন্দ্ৰিক মতৰ ওপৰতে বিজ্ঞান-সম্মত বৌদ্ধ মত প্ৰতিষ্ঠিত; আৰু তাৰ দ্বাৰা যুক্তিৰ সহায়েৰে, বিচাৰশীলতাৰ দ্বাৰা, মানুহৰ মানসিক উৎকৰ্ষ সাধনৰ চেষ্টা কৰা হৈছে। মূল বেদান্তত মন্ত্ৰযোগ, লয়যোগ, হঠযোগ আৰু ৰাজযোগ চৰ্চা আছে; বুদ্ধদেৱে হঠযোগৰ ওপৰতে স্মৃত্যুপস্থানৰ ব্যৱস্থাৰে এক বিচাৰশীল ধ্যান-পদ্ধতি প্ৰতিষ্ঠা কৰিছিল। উপনিষদৰ সাংখ্যযোগ, অধ্যাত্মযোগ আদি একোৰে লগত ইয়াৰ মিল নাই; বৰঞ্চ পতঞ্জলিয়ে বুদ্ধদেৱৰ পৰাই এই যোগৰ পদ্ধতি গ্ৰহণ কৰিছিল বুলি কোনো- কোনোৱে ভাবে।

 কাশীনগৰীৰ এশ মাইল মান উত্তৰে নেপালৰ সীমাত কপিলবস্তু নামে নগৰত ক্ষত্ৰিয় শাক্য বংশৰ গৌতম পৰিয়ালত খৃষ্টপূৰ্ব যুগত শুদ্ধোদনৰ পুত্ৰ ৰূপে সিদ্ধাৰ্থৰ (৫৫৭-৪৭৭ খৃঃ পূঃ) জন্ম হয়। তেওঁৰ জন্মৰ সাদিনৰ পাছতে মাক ঢুকোৱাত মাহীয়েক প্ৰজাপতিয়ে তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰে। সৰুৰে পৰা তেওঁ অতিশয় মৰমিয়াল আৰু সংসাৰৰ সুখৰ প্ৰতি বিমুখ আছিল; গতিকে তেওঁক আসক্ত কৰিবৰ বাবে কোমল বয়সতে যশোধৰা নামে এটা কন্যাৰ লগত তেওঁৰ বিয়া পাতি দিয়া হয় আৰু যথা সময়ত পুত্ৰ ৰাহুলৰ জন্ম হয়। "ৰাহুলো জাতঃ বন্ধনম্ জাত” —‘পুত্ৰ জন্ম হল নে বন্ধন জন্ম হল' বুলি পুত্ৰ- জন্মৰ বাতৰি পায়ে বোলে এক পূৰ্ণিমাৰ ফৰিংফুটা জোনাকত ঘৰৰ পৰা, ৰাজধানীৰ পৰা, সংসাৰৰ পৰা, তেওঁ বাহিৰ হল দেঢ় কুৰি বছৰ নৌহওঁতে, জীৱৰ দুখ-নিবাৰণৰ উপায় বিচাৰি। অতি কঠোৰ কষ্টৰ ফলত তেওঁ সেই উপায় লাভ কৰি বুদ্ধ নাম লৈ কোটি কোটি জীৱক উদ্ধাৰ কৰিছে। চাৰি কুৰি বছৰ বয়সত কাশীৰ উত্তৰ-পূবে ছয় কুৰি মাইলমান দূৰৰ কুশি নগৰত তেওঁৰ মৃত্যু হয় ৪৭৭ খৃঃপূঃত।

 বুদ্ধদেৱে পোনতে ‘চাৰি সত্য’ স্থিৰ কৰিলে—(১) “দুঃখ”— দুখ আছে; (২) "সমুদয়”—দুখৰ হেতু আছে; (৩) “নিৰোধ”—