(চ) গীতাৰ আৰু মহাপুৰুষীয়াৰ পুৰুষোত্তম
পুৰুষোত্তম যোগত কৃষ্ণই অৰ্জুনক কৈছে—
“দ্বাবিমৌ পুৰুষৌ লোকে ক্ষৰশ্চাক্ষৰ এব চ।
ক্ষৰঃ সৰ্বাণি ভূতানি কূটস্থহক্ষৰ উচ্যতে॥” ১৫৷১৬
‘ক্ষৰ আৰু অক্ষৰ, জগতত এই দুই পুৰুষ (প্ৰসিদ্ধ)। সকলো নশ্বৰকে ক্ষৰ আৰু কূটস্থকে অক্ষৰ বোলে।’ ব্ৰহ্ম-পুৰুষৰ উপাধি বুলিয়ে ক্ষৰ আৰু অক্ষৰকো পুৰুষ বুলিছে। কূট মানে মায়া; যাৰ মায়া-গুণত ক্ষৰৰ উৎপত্তি তেৱেঁই কূটস্থ অক্ষৰ ব্ৰহ্ম।
“উত্তমঃ পুৰুষঃ পৰমাত্মেত্যুদাহৃতঃ।
যো লোকত্ৰয়মাবিশ্য বিভৰ্ত্যব্যয় ঈশ্বৰঃ॥ ১৫৷১৭
যস্মাৎ ক্ষৰমতীতোহহমৰাদপি চোত্তমঃ।
অতোহস্মি লোকে বেদে চ প্ৰথিতঃ পুৰুষোত্তমঃ।” ১৫৷১৮
’( উক্ত ক্ষৰ আৰু অক্ষৰ পুৰুষতকৈ) অত্যন্ত ভিন্ন যি অব্যয় ঈশ্বৰ, ( ভূঃ, ভূবঃ, স্বঃ) তিনিও লোকত প্ৰবেশ কৰি যি পালন কৰিছে, (তেৱেঁই) পুৰুষোত্তম পৰমাত্মা বুলি অভিহিত। যিহেতুকে মই ক্ষৰৰ অতীত আৰু অক্ষৰতকৈও উত্তম, সংসাৰত আৰু বেদাদিত মই পুৰুষোত্তম বুলি প্ৰখ্যাত। মহাপুৰুষীয়া ধৰ্ম-তত্ত্বমতেও—
“ক্ষৰ পদে ইটো দেহক বোলয়
অক্ষৰ শবদে ব্ৰহ্ম।
দুইতো কৰি হৰি উত্তম নিমিত্তে
প্ৰখ্যাত পুৰুষোত্তম।” ঘোষা, ১৭১