পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৮
যুগনায়ক শঙ্কৰদেৱ

তাৰ পাছত কৃষ্ণই অৰ্জ্জুনক আৰু কৈছে—

“যদক্ষৰং বেদবিদো বদন্তি
  বিশন্তি যদ্ যতয়ো বীতৰাগাঃ।
যদিচ্ছন্তো ব্ৰহ্মচৰ্য্যং চৰন্তি
  তৎ তে পদং সংগ্ৰহেণ প্ৰবক্ষ্যে।” ৮৷১১

‘বেদৱিদসকলে যাক অক্ষৰ বোলে, যতিসকলে যাত প্ৰবেশ কৰে, যাক পাবলৈ ব্ৰহ্মচৰ্য্য পালন কৰা হয়, সেই (ব্ৰহ্ম) পদ তোমাক চমুকৈ ক’ম।’

“ওমিত্যেকাক্ষৰং ব্ৰহ্ম ব্যাহৰন্ মামনুস্মৰণ।
যঃ প্ৰয়াতি ত্যজন্ দেহং স যাতি পৰমাং গতিম্।” ৮৷১৩

“ওঁ বোলা একাক্ষৰী ব্ৰহ্ম (শব্দ) উচ্চাৰণ কৰি যি মোক স্মৰি দেহ ত্যাগ কৰে তেওঁ পৰম গতি ( মুক্তি ) পায়।”

“অব্যক্তোহক্ষৰ ইত্যুক্তস্তমাহুঃ পৰমাং গতিম্।
যং প্ৰাপ্য ন নিবৰ্তন্তে তদ্ধাম পৰমং মম।” ৮৷২১

‘যাক অব্যক্ত অক্ষৰ বুলি কয় তেওঁকেই পৰম গতি বোলে। যাক পালে (কোনো ) ঘুৰি নাহে, সেয়ে মোৰ পৰম ধাম।’

 “তদ্বিষ্ণোঃ পৰমং পদম ইতি শ্ৰুতিঃ। পদ্যতে গম্যতে ইতি পদম্।” পদ মানে প্ৰাপ্য বস্তু; বিষ্ণুৰ পদ মানে প্ৰাপ্য বস্তু বিষ্ণু স্বয়ং।