পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬০
যুগনায়ক শঙ্কৰদেৱ

পুৰুষ উত্তম   পৰম পুৰুষ
  পৰম আনন্দ স্বামী।
তযু পাদ-পদ্ম   মকৰন্দ আশে
  শৰণ পশিৰ্লো আমি।” ঘোষা, ১৮৬

“যো মামেবমসংমূঢ়ো জানাতি পুৰুষোত্তমম্।
স সৰ্ববিদ্ ভজতি মাং সৰ্বভাবেন ভাৰত॥” ১৫৷১

‘হে অৰ্জ্জুন, এইৰূপে যি মোহমুক্তজনে মোক পুৰুষোত্তম বুলি জানে, সেই সৰ্ববিদজনে মোকে সৰ্বতোভাৱে ভজনা কৰে।’