পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৯
মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ দাৰ্শনিকতা

দধি দুগ্ধ ঘৃত মধু   নদীৰ জলক পীয়া
  পিতৃগণে তৃপিতিক পাৱে। ১০।

“ওঁ নাস্তি তেযু জাতি-বিদ্যা-ৰূপ-কুল-ধন-ক্ৰিয়াদি ভেদঃ।” ৭৩। “ওঁ যতস্তদীয়া।” ৭৩।—একান্ত ভক্তসকল ভগৱন্তৰ আপোন।

 দশম অনুবাকৰ এঘাৰটি সুত্ৰত পুনৰ ভক্তি-সাধনৰ উপায়কে কৈছে। “ওঁ বাদো নাৱলম্ব্যঃ।” ৭৪। “ওঁ ভক্তিশাস্ত্ৰাণি মননীয়াণি তদ্বৰ্দ্ধক-কৰ্মাণ্যপি কৰণীয়ানি।” ৭৬। “ওঁ অহিংসা-সত্য-শৌচ দয়াস্তিক্যাদি চৰিত্ৰাণি পৰিপালনীয়াণি।” ৭৮। “ওঁ সৰ্বদা সৰ্বভাবেন নিশ্চিন্তিতৈৰ্ভগৱান-এৱ ভজনীয়ঃ।” ৭৮। “ওঁ স সংকীৰ্ত্ত্যমানঃ শীঘ্ৰমেবাবিৰ্ভবাত্য-সুভাৱয়তি ভক্তান।” ৮০। তাৰ পাছৰ সূত্ৰত দেৱৰ্ষি নাৰদে উৰ্দ্ধবাহু হৈ চিঞৰি কৈছে,—“ওঁ ত্ৰিসত্যস্য ভক্তিৰেব গৰীয়সী ভক্তিৰেব গৰীয়সী।” ৮১ —জ্ঞান-কৰ্ম-ভক্তিৰ ভিতৰত ভক্তিয়েই শ্ৰেষ্ঠ, ভক্তিয়েই শ্ৰেষ্ঠ। “ওঁ ইত্যেবং বদন্তি জনজল্পনিৰ্ভয়া একমতম্ কুমাৰ-ব্যাস-শুক-সাণ্ডিল্য-গৰ্গ বিষ্ণু-কৌণ্ডিন্য শেষো বাৰুণি বলি হনুমদ্ বিভীষণাদয়ো ভক্তাচাৰ্য্যাঃ।” ৮৩।—(ভক্তিৰ বিৰুদ্ধবাদী) জন-মতলৈ নিৰ্ভয় হৈ কুমাৰ (সনতাদি) ভক্তাচাৰ্য্যসকল একমত হৈ ভক্তিৰ শ্ৰেষ্ঠতা সম্পৰ্কে এই মত ব্যক্ত কৰিছে। তেন্তে বুজিব পাৰি শঙ্কৰদেৱৰ যুগৰ দৰেই আগৰ যুগতো ভক্তি-বিৰোধী মত আছিল, আৰু শঙ্কৰদেৱে সেইবোৰ খণ্ডন কৰি ভক্তিৰ দাৰ্শনিকতা প্ৰতিপাদন কৰাৰ নিচনাকৈ সেইসকলেও কৰিছিল।

⸻⸺