পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চাশ

মহাপুৰুষীয়া ধৰ্মত অমৃতৰ সন্ধান

“অবিদ্যয়া মৃত্যুং তীত্বা। বিদ্যয়ামৃতম্ অশ্নুতে।” (ঈশোপনিষদ্) অপৰা বিদ্যা বা অবিদ্যাই জনন্ প্ৰভৃতি প্ৰকৰণৰ সহায়েৰে মানুহৰ শাৰীৰিক বা জান্তৱ জীৱনৰ ক্ৰমশঃ গতি ৰাখিবৰ যত্ন কৰে; কিন্তু পৰা বিদ্যা বা বিদ্যা অমৃত তথা আত্মাৰ অমৰ-প্ৰাপ্তিৰ প্ৰয়াসী। মহাপুৰুষীয়া ধৰ্ম নিশ্চিতভাৱে পৰা-বিদ্যাৰ্থী; গতিকে অমৃত বা অমৰত্বই ইয়াৰ একমাত্ৰ আকাঙ্ক্ষা।

 দেঢ়কুৰি ডেকাৰ বয়-বস্তু লৈ সিহঁতৰ চাপনীজনী পলাই গল। হাবাথুৰি খাই তাইক বিচাৰি ফুৰোঁতে বাটত হঠাৎ ভগৱান বুদ্ধদেৱক সাক্ষাৎ পাই ইতস্ততঃ কৰি সিহঁতে তেওঁক সুধিলে সেইপিনে চাপনী- জনী যোৱা দেখিছিল নে। স্নিগ্ধ প্ৰশান্ত দৃষ্টিৰে তথাগতই সিহঁতলৈ চাই কলে, 'তোমালোকে বাৰু কাক বিচৰাটো ভাল হব— চাপনীজনীক নে নিজক?'

 চাপনী কোন?–সংসাৰৰ ধন-সম্পত্তি, পুত্ৰ-পত্নী, মান-যশ ইত্যাদি। নিজ (মই) কোন?–হাত-ভৰি গা-মূৰ? নাইবা এই সদৌ বাদ দি যি থাকে,—যাক অস্ত্ৰই নাকাটে, অগ্নিয়ে নোপোৰে, চোৰ-ডকাইতে চুৰ কৰি বা কাঢ়ি নিব নোৱাৰে সেয়ে মই, আত্মা?

 জীৱন অৱশ্যে কেৱল সুখৰ এক ব্যাকুল সন্ধান। যি কৰিলে সুখ পাব পাৰে মানুহে তাকেই কৰে। যি বাটেদি সুখ নাহে মানুহ কেতিয়াও সেই বাটে নাযায়। “যদা বৈ সুখং লভতে অথ কৰোতি। নামুখ লব্ধা কৰোতি; সুখমেব লব্ধা কৰোতি।” (ছান্দোগ্য, ৭।২২)। সংসাৰত আকৌ প্ৰেয়ঃ আৰু শ্ৰেয়ঃ দুবিধ। যি প্ৰেয়ঃ সি শেয়ঃ নহবও পাৰে। নহলেই বা, মানুহে কিন্তু যি প্ৰেয়ঃ তাকেহে