সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৮
যুগনায়ক শঙ্কৰদেৱ

আৰু তাৰ সাধন আৰম্ভৰ পৰা সদায় কৰিবই লাগিব। “ওঁ স্ত্ৰী-ধন-নাস্তিক-বৈৰি-চৰিত্ৰং ন শ্ৰৱনীয়ম্।” ৬৩।—(মন কলুষিত কৰা বিষয় ) তিৰুতা, ধন, নাস্তিক আৰু বৈৰীৰ কথা শুনিব নাপায়। “ওঁ অভিমান-দম্ভাদিকং ত্যাজ্যম্।” ৬৪। “ওঁ তদৰ্পিত খিলাচাৰঃ সন্ কামক্ৰোধাভিমানা দিকং তস্মিয়েব কৰণীয়ম্।” ৬৫।—সাংসাৰিক সৰ্বস্ব ভগৱন্তক অৰ্পণ কৰাৰ লগতে কাম-ক্ৰোধ আদি মানসিক বৃত্তিসমূহো তেওঁতে সঁপিব লাগে; অৰ্থাৎ সেইবোৰ সজ পথত পৰিচালিত কৰিব লাগে।

 নৱম অনুবাকৰ সাতটি সূত্ৰত একান্ত ভক্তৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰা হৈছে। “ওঁ ভক্তা একান্তিনো মুখ্যাঃ।” ৬৬।—“ওঁ কণ্ঠাৱৰোধ ৰোমাঞ্চাশ্ৰুভিঃ পৰম্পৰং লপমানাঃ পাৱয়ন্তি কুলানি পৃথিবীঞ্চ।” ৬৮।—(একান্ত ভক্তসৱে) ইজনে সিজনে ( ভগৱৎ ) কথা পাতোঁতে (আনন্দত আপ্লুত হৈ) মুখৰ মাত হৰে, গাৰ লোম ঠিয় হয়, চকুলো বাগৰে, তেওঁলোকে নিজ কুল (আৰু) পৃথিবীক পৱিত্ৰ কৰে। “ওঁ তীৰ্থকুৰ্বন্তি তীৰ্থানি সুকৰ্মী কুৰ্বন্তি কৰ্মাণি সচ্চাস্ত্ৰী কুৰ্বন্তি শাস্ত্ৰাণি।” ৬৯।—( একান্ত ভক্তসৱে) তীৰ্থক সৎতীৰ্থ, কৰ্মক ( দোষশূন্য) সৎ কৰ্ম, আৰু শাস্ত্ৰক সৎ শাস্ত্ৰত পৰিণত কৰে। “ওঁ তন্ময়াঃ।” ৭০।—ভগৱন্তময় ( একান্ত ভক্তসৱ) যেন ভগৱন্তই হৈ পৰে। “ওঁ মোদন্তে পিতৰো নৃত্যন্তি দেৱতাঃ সনাথা চেয়ং ভূৰ্ভৱতি।” ৭১।—(তেওঁলোকক দেখি ) পিতৃসকলে আনন্দ কৰে, দেৱতাসৱে নাচে, আৰু পৃথিবী পুনৰ সনাথা হয়। মাধৱদেৱে লিখিছে—

“একান্ত ভকত সৱে   নিৰ্গুণ কৃষ্ণৰ গুণ।
  গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠকো পৰিহৰি  যোগীৰো হৃদয় এড়ি
  থাকাঁ হৰি সাক্ষাতে তথাত॥ ৪।
যাৰ পুত্ৰ সৱে ঐত  হৰিত শৰণ লৈয়া
  হৰি-গুণ গাৱে শুদ্ধভাৱে।