মাধৱদেৱৰ নাম-ঘোষাত একে বিশ্বজনীন সুৰ—
“হে মন, তোৰ কাম সঙ্কল্প বিকল্প ধৰ্ম,
তেজি মিছা কামনা সকল।
সদায়ে সঙ্কল্প মাত্ৰ কৰিয়ো সুহৃদ মন,
কৃষ্ণ নাম পৰম মঙ্গল॥৯২।
শুনিয়ো হৃদয় হেৰ, ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোড়ায়।
তাক তেজি কৃষ্ণ-নাম অক্ষয় অমৃত পীয়া
সন্তোষক লভিয়ো হৃদয়॥ ৯৩।”
নাম-মাহাত্ম্যৰ বিষয়ে ওমৰ ৰুবায়াতত আছে—
“প্ৰভুৰ নামৰ অমিয়া মন্ত্ৰত মুগুধ নহয় হৃদয় যাৰ
পৰশমণিৰ পৰশে নাপায় কাঠৰ কঠুৱা চিতটি তাৰ।
যিদিনা প্ৰভুৰ চৰণ নিচিন্তা, নামৰ অমিয়া নকৰা পান—
তেনুৱা দুৰ্দিন নাই পৃথিবীত, তেনুৱা দুৰ্দিন নৰক-সাৰ।
পীয়াঁ পীয়াঁ নামৰ অমিয়া, তেওঁৰে চৰণ হিয়াত ধৰাঁ,
পাপী পৌত্তলিক কিম্বা দানশীল ভেদাভেদ ভাব সকলে এৰাঁ।
দান-অহঙ্কাৰ ব্ৰত-অভিমান তেওঁৰ কাষত বিচাৰ নাই—
পূৰ্ণানন্দময় ভক্তৰ হৃদয়, তাতে থাকে তেওঁ উলাহ-ভৰা।”
মাধৱদেৱৰ “নামঘোষা’’ত আকৌ বিশ্বজনীন সুৰ—
“পীয়ু পীয়ু ভাই ভাৱক সকল
হৰি-নাম-ৰস-সাৰ।
যাক পায়া মহা মহন্তে কৰয়
মুকুতিকো পৰিহাৰ॥” ২৪৪।