পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“ও তৎসৎ! তেওঁ অবিহনে বিশ্ব-চৰাচৰ একোৱে’ নাই;
সৃষ্টি-গ্ৰন্থখনি’ পাত লুটিয়ালে এই মহাসত্য হাততে পায়।
তৰুণ অৰুণ হিৰণ কিৰণ দেখিলে আন্ধাৰ থাকেনে বাৰু?
প্ৰেম-পৰশত ভক্তিৰ সলিতা জ্বলিলে অবিদ্যা কেনিবা যায়।


জ্ঞান-মান-যশ একোৱেই ঠাই নাপায় কদাপি তোমাৰ তাত;
পাপ-পুণ্য দোষ-গুণ একোৱেও নোৱাৰে ভেটিব তোমাৰ বাট।
পাপ-আলান্ধুৰে কেটুৰি-কলীয়া মুখ দেখি মোক হাঁহক লোকে;
মই জানো, গ’লে ধুৱাই-খুৱাই সাবটি হৃদয় কৰিবা শাঁত।


কাঠৰ কঠুৱা হিয়া আছে ক’ত, নগলা তোমাৰ পৰশ পাই;
এনে দিন-কণা আছে বাৰু ক’ত, পগলা নোহোৱা তোমাক চাই?
সৰু-বৰ কিম্বা পাপী-পুণ্যবান তোমাৰ কাষত আছেনে ভিন?
এনে ধুম-কলা ক’ত, যি নহয় উতলা তোমাৰ গীতত, হায়!”

আকৌ, ওমৰৰ ৰুবায়াৎত আছে—

“অ’ মন, হীন দেখ সকলোটি, তই যাৱ কিয় হীনটি হই?
লোকৰ ডিঙিত চিপজৰী দিয়, নিজেই মৰিলি চিপকে লই।
হায়, অ’ জীৱন! সংসাৰ-মজিয়া গচকিনো তই কি লাভ পালি?
কিহৰ টোপোলা বান্ধিছিলি? নিব শেষত তোকেহে টোপোলাকই।


হে হৃদয়, তোৰ সখিক বাজত বিচাৰি উতলা নহবি অ’ই!
সেই শক্তি-শেল জানিবি তয়েই, বিসল্যকৰণি পুনৰ তই।
গোপন-গুহাত গভীৰ-গহীন বিষাদৰ গীত ঢালি দে তোৰ—
তোৰ প্ৰেয়সীয়ে খেলে লুকালুকি জানিবি তোকেহে মাজত লই।”