কালো ন যাতো বয়মেব যাতা—
তৃষ্ণা ন জীৰ্ণা বয়মেব জীৰ্ণাঃ।”
ওমৰে এটি ৰুবায়াতত ঠিক তেনেদৰেই কৈছে—
“দেহী অই! কিনো পাম-খাম বুলি আহিলোঁ, সংসাৰ দুখনৰ সাৰ;
কালৰ চকৰি বুকৰ ওপৰে গচকি-ফেনেকি কৰিছে মাৰ।
এনিমিষ নউ যাওঁতেই দেখোঁ হয় জীৱনৰ নিমিষ শেষ—
ভোক ভোক বুলি থাকোঁতে ইফালে ভোকে-শোকে হয় আয়ুস পাৰ।”
“নিবৃত্ত ভোগেচ্ছা পুৰুষ বহুমানোহপি গলিতঃ
সমানাঃ স্বৰ্যাতাঃ সপদি সুহৃদো জীৱিতসমাঃ।
শনৈৰ্যষ্টত্থ্যুত্থানাং ঘন তিমিৰ ৰুদ্ৰে চ নয়নে
অহো ধৃষ্টঃ কায়স্তদপি মৰণামায় চকিতঃ॥” ভৰ্তৃহৰি।
“মধুৰ যৌৱন মলঙে হাততে, ভোগৰ আশাটি নুমুৱা নাই;
এটি দাঁতো নাই, তেও চোবৰ বস্তুৰ ফাললে’ মনটি যায়।
মাটি ছোওঁ ছোওঁ দেহ দোওঁ খাই, কি যে প্ৰণামৰ ভাওটি চোৱাঁ—
লাখুটিত ধৰি বগুৱা বাওঁতে মৰণৰ দেশ অৱশ্যে পায়।”
“প্ৰাপ্তাঃ শ্ৰিয়ঃ সকল কাম দুধাস্ততঃ কিং
দত্তং পদং শিৰসি বিদ্বিষংতাং ততঃ কিম্।
সম্মানিতাঃ প্ৰণয়িণী বিভৱৈস্ততঃ কিং
কল্পং স্থিতং তনুভূতাং তনুভিস্ততঃ কিম্॥” ভৰ্তৃহৰি
“সসাগৰা ধৰা শাসন কৰিলাঁ, ফুটুকাৰ ফেন কি সোপা পালাঁ?
গুণ-যশেৰেই পৃথিবী জিনিলাঁ, ফুটুকাৰ ফেন কি সোপা পালাঁ?
শত শৰদৰ জীৱনত জাপি শতেক শৰদ কৰিলাঁ লাভ—
লেখি-বুজি চোৱাঁ, লেখি-বুজি লোৱাঁ, ফুটুকাৰ ফেন কি সোপা পালাঁ।”
ৰহস্যবাদী ওমৰ খয়াম কবি আছিল, ধৰ্মপ্ৰচাৰক নাছিল; কিন্তু কৰি স্বৰূপে তেওঁ যিখিনি লিখিছে শঙ্কৰদেৱৰ কথাৰ লগত সি বিশ্বজনীন ভাবৰ সুৰত মিলি যায় -