পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাতচল্লিশ

শঙ্কৰদেৱত জগত-গুৰু লক্ষণ

বহুতৰ ধাৰণা যে “জগত-গুৰু” কথাটো জগতৰ অবিসম্বাদী ধৰ্ম-নেতা হোৱা বা অতি অধিক সংখ্যক মতাৱলম্বী পোৱাৰ ওপৰত নিৰ্ভৰ কৰে। ই ভুল, কিয়নো তেনে লেখৰ পৰা “জগত-গুৰু” আখ্যা হোৱা দেখিবলৈ পোৱা নহয়। এজনৰ প্ৰচাৰিত ধৰ্মমত সাম্প্ৰদায়িক সঙ্কীৰ্ণতা বৰ্জিত হৈ উদাৰ উচ্চ আৰু বিশ্বজনীন হলেই অৰ্থাৎ জাতিবৰ্ণ আৰু দেশ-কাল অভেদে সৰ্বজনৰ সহজে গৃহীত হবৰ উপযোগ হলেই তেনেজনক জগত-গুৰু বুলিব পাৰি; আৰু এই অৰ্থত শঙ্কৰদেৱৰ প্ৰতি জগত-গুৰু আখ্যা যিদৰে প্ৰযোজ্য হয় সকলো ধৰ্মগুৰুত হঠাৎ সেইদৰে হয় যেন নালাগে।

 সচা, কথা, শঙ্কৰদেৱৰ ধৰ্ম নিজ ঠাইতেই তেনে বিপুলভাবে প্ৰচাৰিত নহয়; কিন্তু বাসুদেৱ, বুদ্ধদেৱ, যীশুখৃষ্ট আদিৰো ধৰ্মমতে প্ৰথম কেইবা শ বছৰ জুৰি তেনে ব্যাপকতা লাভ কৰা নাছিল, গতিকে বৰ্তমান প্ৰচাৰৰ দ্বাৰা মহাপুৰুষীয়া ধৰ্মৰ সত্য-বস্তুৱে প্ৰসাৰতা লাভ কৰিবৰ সম্ভৱ নাই বুলিব নোৱাৰি। বাসুদেৱৰ নিজ ঠাই মথুৰাতে বৈষ্ণৱ ধৰ্মই অনেক শ বছৰলৈ ভালদৰে মূৰ তুলিব নোৱাৰিছিল। যে মথুৰাৰ সমসাময়িক অনেক সাপ-পূজা বিষয়ক লিপিৰ সন্মুখত বিষ্ণুধৰ্ম বিষয়ক লিপিৰ নগণ্য অৱস্থাই বিশেষভাৱে প্ৰমাণ কৰে; পৌৰাণিক কালীয় দমন কাহিনী তাৰ বিৰুদ্ধেই পৰবৰ্তী বৈষ্ণৱ প্ৰচাৰকৰ প্ৰচাৰ মাত্ৰ। মহম্মদ নিজ মত লৈ নিজ জন্মভূমি মক্কাত থাৱৰিব নোৱাৰি পলাই যোৱাৰ দৰে যীশুৱেও নিজ মতৰ বাবে মৃত্যুদণ্ড লব লগা হৈছিল তেওঁৰ দেঢ়কুৰি বছৰ বয়সত। নৈষ্ঠিক মতৰ বিৰুদ্ধে আধুনিক সকলো প্ৰমাণ দি বহুতে দেখুৱায় বোলে