আন্দোলনৰ মূলত বৈষ্ণৱ-নিৰ্য্যাতন, গোসাঁই বা নাহৰখোৰাৰ ব্যক্তিগত অপমান আদি কাহিনী থাকিব পাৰে, কিন্তু তাৰ বাবে এই আন্দোলন সঙ্কীৰ্ণ বা ক্ষুদ্ৰ স্বাৰ্থজনিত বুলিলে সত্যদৃষ্টি বা সত্য-আলাপ নহয়। অসম অকল ৰজা-ৰাণীৰ দেশ নাছিল, ইয়াত মানুহ আছিল আৰু সেই মানুহৰ আত্মসম্মান আত্ম-অনুভৱ আছিল, তাৰ বাবে তেওঁলোকে নিজ জীৱন-সৰ্বস্ব হেলাৰঙে বলি দিব পাৰিছিল, মায়ামৰা আন্দোলনে এই মহাবাৰ্তা জগতক চিঞৰি কৈছে।
উদাহৰণেৰে শিকোৱা দৰ্শনশাস্ত্ৰৰ নামেই বুৰঞ্জী, এই কথা আমি সহজে উপলব্ধি কৰিব পাৰোহঁক। মায়ামৰা আন্দোলনৰ ব্যৱহাৰিক ফালত গুৰিতে আমি দেখা পাওঁ ৰুদ্ৰসিংহৰ সেই মাৰাত্মক ভুল, নিজ দেশৰ-নিৰ্মল মহাপুৰুষীয়া ধৰ্ম আওহেলা কৰি বঙ্গ দেশৰ নতুন “ভয়াবহ” শাক্তধৰ্মৰূপ ফেটি গোম বৰ ঘৰত সুমুওৱা। অসমৰ ঐতিহাসিক উপন্যাসৰ সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ভাষাৰে: “স্বধৰ্ম এৰি পৰধৰ্ম লোৱাৰ ফল এই হল যে আহোমৰ সিংহাসন লৰিল— আহোমৰ ৰাজছত্ৰ যি মুহূৰ্তৰ পৰা ফুলেশ্বৰীৰ মূৰত উঠিল, সেই দিনৰে পৰা আহোম ৰাজবংশ “লক্ষ্মীছাড়া” হল, ৺শিৱসিংহ, ৺ৰাজেশ্বৰ সিংহ, ৺গৌৰীনাথ সিংহ, ৺চন্দ্ৰকান্ত সিংহ, ৺পুৰন্দৰ সিংহ কেৱে আৰু ৰাজপাট সুখেৰে খাবলৈ নাপালে। যি ছত্ৰ আৰু সিংহাসন সেই কালতে লৰিল, আৰু লৰিলেই; বৰ্ত্তমানে তাৰ অস্তিত্বও নেহোৱা হল।” সচা কথা, অতীত অতীতত মিহলি হল; কিন্তু যি ঘোৰ ভবিষ্যত আমাৰ সন্মুখত ঠিয়, তাৰ চকুলৈ চাবলৈ আমাক সেই অতীতে একো শিক্ষা নিদিয়েনে?
⸺⸺