পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২০
যুগনায়ক শঙ্কৰদেৱ

ক্ৰছত যীশুৰ মৃত্যু নোহোৱাত তেওঁ পলাই সাৰি আহি ভাৰতবৰ্ষৰ কাশ্মীৰত “ঈশ” বুলি ছদ্মনামেৰে থাকি ধৰ্মমত বিয়পাই ১০৭ বছৰ মান বয়সতহে ঢুকায়। কিন্তু তেওঁৰ অনেক পাছত তেওঁৰ শিষ্যসকলে য়ুৰপ আৰু সমগ্ৰ পৃথিবীত তেওঁৰ ধৰ্মমত প্ৰচাৰ কৰে। বুদ্ধদেৱৰে একাধিক শতিকাৰ পাছতো অশোক আদি ৰাজশিষ্যই তেওঁৰ ধৰ্ম জগতত বহলায়। আমি আশা কৰোঁ শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম-মততো মহৎ সত্য বস্তু থকা বাবে সি জগতত বিপুল জীৱন আৰু প্ৰসাৰ-প্ৰচাৰ লাভ কৰিব।

 শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ ভবিষ্যত জীৱন আৰু প্ৰসাৰ লাভৰ বীজ আছে তাৰ উদাৰতা আৰু সৰলতাত। ক্ৰিয়া-কাণ্ড-বহুল আড়ম্বৰপূৰ্ণ কোনো ধৰ্মৰে ভবিষ্যত নাই বুলি জগতৰ বৰ্তমান চিন্তাসোতৰ গতিৰ পৰা অনুমান কৰিব পাৰি। মুক্তিৰ উপায় একমাত্ৰ একশৰণ আৰু নাম-ধৰ্ম, — ইমান সহজ কৰি ধৰ্মজীৱন বিশ্ব-মানৱৰ সৰ্বসুলভ আৰু সৰ্বমঙ্গলময় কৰি দিওঁতা এতিয়ালৈকে জগতৰ শেষ সত্য-ধৰ্ম বিলাওঁতা শঙ্কৰদেৱ। একশৰণ বোলা মাত্ৰকতে অন্য দেৱীদেৱৰ সেৱা, অধৰ্ম-অপধৰ্ম সকলো আঁতৰিল; আৰু নাম-ধৰ্ম বোলা মাত্ৰকতে হিংসা-কপট দূৰলৈ ঠেলি জীৱ-দয়া আৰু আত্মশুদ্ধিলাভ হৈ মায়মুগ্ধ জীৱ মায়ামুক্ত-শিৱত পৰিণত হল; কিয়নো নামএই ততালিকে সাত কাম সাধে—

“প্ৰথমে দহিব পাতকচয়।  কৰিব মহাপুণ্য অভ্যুদয়॥
উপজাইব বিষয়ত বিৰকতি।  কৃষ্ণত বাঢ়িব প্ৰেম-ভকতি॥
উপজাইব অতি বৈষ্ণৱ জ্ঞান।  মায়াক কৰিব দহি নিৰ্য্যান॥
চৈতন্যময় পূৰ্ণানন্দ হৰি।  থৈবব তাক-এৰে এক কৰি॥

 এই নাম-ধৰ্ম তথা ভক্তি-পন্থা ঈশ্বৰ-লাভৰ short cut (চযু বাট)। যিহেতুকে বৰ্তমান যুগ ক্ৰিয়া-কাণ্ড-বহুল জটিল উপাসনা বাৰে সমূলি উপযোগী নহয়, শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মই সহজে সকলোৰে মন আকৰ্ষণ কৰিব। তদুপৰি এই ধৰ্মত কোনো “বুকৰুকি’’