পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৫
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (২)

 ষোড়শ অধ্যায়ত আসুৰী-দৈৱী সম্পত্তি আদি, সপ্তদশত তিনিবিধ শ্ৰদ্ধা আদি, আৰু “অষ্টাদশ অধ্যায়ত সন্ন্যাস ধৰ্মক বিভাগিয়া সকল গীতাৰ অৰ্থক সংক্ষেপে কহি পৰমাৰ্থ নিৰ্ণয়’’ কৰা হৈছে। “যাৱে বুদ্ধি আত্মনিষ্ঠ নহে তাৱে চিত্ত-শুদ্ধিৰ অৰ্থে যথোচিত কৰ্ম কৰিব।••• তাৰে পুৰুষে কম কৰিব যাৱে বিৰক্ত নহে, মোৰ কথা শ্ৰৱণাদিত যাৱে সাত্ত্বিক শ্ৰদ্ধা নহে।•••পুৰুষ যজ্ঞাদি কৰ্মত অভিনিবেশ এড়ি ঈশ্বৰৰ আজ্ঞা মানি ফলত্যাগ কৰিব, আকে মোৰ উত্তম মত বুঝিবাঁ।••• কৰ্ত্তব্য বুদ্ধিয়ে নিত্য-নৈমিত্তিক কৰ্মক মঙ্গল-ফল এড়ি কৰিলে সাত্ত্বিক ত্যাগ বুলি। সাত্ত্বিক ত্যাগনিষ্ঠ পুৰুষে শীতত প্ৰাতঃস্নানাদি কৰ্মক দ্বেষ নকৰে, উষ্ণ কালত মধ্যাহ্ণ স্নানাদিতো আসক্তি নকৰে, সি স্থিৰবুদ্ধি হুয়া সেই পৰিভৱাদি দুষখকো সহে, স্বৰ্গাদি সুখ-ভোগ ত্যাগ কৰে; দেহৰ সুখকো বাঞ্জা নাই, দুষখ গুচিবাকো কামনা নকৰে।•••

 “ব্ৰহ্মাদি স্থাৱৰ পৰ্য্যন্ত প্ৰাণীত এক অব্যয় পৰমাত্মাক যি জ্ঞানে দেখে তাক সাত্ত্বিক জ্ঞান বুলি। নানাভাৱে আত্মাক দেখিলে ৰাজস্ জ্ঞান বুলি। এতেকে প্ৰতিমাদিত পৰিপূৰ্ণ ঈশ্বৰ মানিলে তাক অল্প তামস জ্ঞান বুলি।•••নিত্য-নৈমিত্তিক অভিনিবেশ শূন্য ৰাগ-দ্বেষ-ৰহিত নিষ্কাম কৰ্মক সাত্ত্বিক বুলি। সকাম অহঙ্কাৰকৃত বহু-প্ৰয়াসযুক্ত কৰ্মক ৰাজস বুলি। শুভ-অশুভ বিত্ত-ব্যয় পৰ-পীড়া। আপুনাৰ শক্তিকো অপেক্ষা নকৰি যি কৰ্ম কৰে তাক তামস বুলি।

 “মুক্ত-সঙ্গ গৰ্বোক্তিহীন ধৈৰ্য্য-উদ্যমযুক্ত কৰ্ম-সিদ্ধিত হৰিষ অসিদ্ধিত বিষাদ-ৰহিত কৰ্তাক সাত্ত্বিক বুলি। পুত্ৰাদিত প্ৰীতি হুয়া কম-ফলক বাঞ্ছা কৰি বিষয়-লোভী হিংসা-পৰ শৌচ-শূন্য লাভত হৰ্ষ অলাভত শোকযুক্ত কৰ্তাক ৰাজস বুলি। অসাৱধান বিবেক-শূন্য অনম্ৰ বঞ্চক পৰক অৱমানী অনুদ্যম-পৰ শোক-যুক্ত, দুই দিনৰ কাৰ্য্যক যি মাসেকে কৰে, তাক তামস কৰ্তা বুলি। ধৰ্মত প্ৰবৃত্তি অধৰ্মত নিবৃত্তি কাৰ্য্য-অকাৰ্য্য ভয়-অভয় বন্ধ-মোকক্ষ যি বুদ্ধিয়ে