পঞ্চদশ অধ্যায়ত পুৰুষোত্তম যোগ কোৱা হৈছে। “বৈৰাগ্য বিনে জ্ঞান ভক্তি দুয়ো নহে। অবিৰক্তৰ একান্ত ভক্তি-জ্ঞানো নহে...। জানা অৰ্জ্জুন, সংসাৰ-বৃক্ষৰ পুৰুষোত্তম মূল, ব্ৰহ্মাদি শাখা।•••এতেকে আক দুৰ্ভেদ অনৰ্থপৰ জানি অহম্মমতা ত্যাগ দৃঢ় অস্ত্ৰ ধৰি সংসাৰবৃক্ষক ছেদ কৰি তাৰ মূল পুৰুষোত্তমক বিচাৰ কৰিব, যাক পায়া পুনু নিৰ্বতি নাহে। যাত হন্তে সংসাৰ-বিস্তাৰ হুয়াছে সেই আদি পুৰুষত শৰণ লৈয়া একান্ত ভক্তিয়ে বিচাৰিব।•••অহঙ্কাৰ অভিনিবেশ এড়ি পুত্ৰাদি সঙ্গদোষ তেজি জ্ঞান-নিষ্ঠা হৈয়া কামভোগ পৰিত্যাগ কৰি সুখ-দুষখ ৰূপ শীত-উষ্ণাদি দ্বন্দ্বধৰ্মে বিমুক্ত হুয়া অবিদ্যা ছাড়ি সেই অব্যয় পদক পাৱে।...যাক চন্দ্ৰ সূৰ্য্য অগ্নিয়ে প্ৰকাশ নকৰে, শীত উষ্ণ আদি দোষো নাই, যাক পাই যোগীসৱ নিৱৰ্তন নহে, তাকে মোৰ স্বৰূপ বুঝিবাঁ৷...যেখন জীৱে কৰ্মবশে যি শৰীৰক পাৱে, যাক বা এড়ে, তখন পূৰ্ব শৰীৰৰ পৰা ইন্দ্ৰিয়সৱক লৈয়া শৰীৰান্তৰক যায়, দেহ থাকিতেও ইন্দ্ৰিয়ক নেন্তে; দৃষ্টান্ত, যেমন পুষ্প থাকিতেও বায়ুএ গন্ধক লৈয়া যায়। শ্ৰোত্ৰ 'চক্ষু ত্বক ৰসনা ঘ্ৰাণ মন এই ছয় ইন্দ্ৰিয়ক স্বীকাৰ কৰি বিষয় সেৱা কৰে।•••দেহৰ পৰা দেহান্তৰ যাইতে দেহত থাকিতেও, বিষয়-ভোগ কৰিতেও, ইন্দ্ৰিয়যুক্ত জীৱক বিমূঢ় সৱে নেদেখে; জ্ঞান-চক্ষুসৱে দেখে।•••যোগীসৱে ধ্যানাদিৰে যত্ন কৰি দেহতে শুদ্ধ আত্মাক দেখে, যত্ন কৰিও অশুদ্ধ চিত্ত মন্দমতি সৱে নেদেখে।•••
“লোকত প্ৰসিদ্ধ ক্ষৰ অক্ষৰ দুই পুৰুষ। ব্ৰহ্মাদি স্থাৱৰান্ত শৰীৰকে ক্ষৰ পুৰুষ বুলি। ভোক্তা জীৱক অক্ষৰ পুৰুষ বুলি। দুইতো বিলক্ষণ উত্তম পুৰুষ, যাক পৰমাত্মা বুলি। আত্মা পদে জড় শৰীৰত বিলক্ষণ; পৰম পদে অক্ষৰ ভোক্তাতো কৰি বিলক্ষণ বুঝিবাঁ। যি অব্যয় ঈশ্বৰে তিনিও লোকক প্ৰবেশ হুয়া পালন কৰন্ত এমন পুৰুষোত্তম আপুনাৰ নামক অন্বয়ে কহন্ত।•••এতেকে লোকত বেদত মঞি পুৰুষোত্তম প্ৰখ্যাত হুয়াছোঁ।”