পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৬
যুগনায়ক শঙ্কৰদেৱ

জানে তাক সাত্বিক বুলি। ধৰ্ম-অধৰ্মক কাৰ্য্য-অকাৰ্য্যক সংশয় কৰি যি বুদ্ধিয়ে বুঝে তাক ৰাজস কহি। অধৰ্মক ধৰ্ম কৰি যি বুদ্ধিয়ে জানে সকল অৰ্থক বিপৰীত কৰি বুঝিলে তামস বুদ্ধি বুলি।

 “যি ধৃতিয়ে মন-প্ৰাণ-ইন্দ্ৰিয়ৰ বৃত্তিক চিত্তৰ একাগ্ৰ বিষয়ৰ নিবৃত্তি কৰি ৰাখে তাকে সাত্ত্বিক ধৃতি বুলি। যি ধৃতিয়ে ধৰ্ম-অৰ্থ-কামক প্ৰধান মতে ধৰে, প্ৰসঙ্গত ফলক কামনা কৰে, তাকে ৰাজস ধৃতি কহি। যি ধৃতিয়ে নিদ্ৰা ভয় শোক বিষাদ মদক নেড়ে তাক তামস ধৃতি বুলি।•••যি সুখত পুৰুষে অভ্যাসেসে ৰমিব পাৰে, যাত দুষখৰো অন্ত হয়, প্ৰথমে বিষ হেন দুষখ পৰিণামত অমৃতসম হম, যি বিশুদ্ধ বুদ্ধিত জাত হয়, তাক, সাত্ত্বিক সুখ বুলি। বিষয়-ইন্দ্ৰিয় সংযোগে যি মুখ অমৃত-সদৃশ হয়, পৰিণামত বিষ যেন হয়, তাক ৰাজস সুখ বুলি। যাত প্ৰথমে পাছতো আপুনাৰ মোহ হয়, নিদ্ৰা-আলাস-প্ৰমাদত যি সুখ মিলে তাক তামস বুলি।•••

 “যি পৰমেশ্বৰ হন্তে প্ৰাণীসৱৰ প্ৰবৃত্তি হুয়াছে, যি কাৰণ ৰূপে সকলে বিশ্ব ব্যাপিছা, সেই ঈশ্বৰক আপুনাৰ কৰ্মে-অৰ্চনা কৰি মনুষ্যে সিদ্ধিক লভে।•••পুৰুষ বিশুদ্ধ বুদ্ধিযুক্ত হুয়া সাত্বিকী ধৃতিয়ে বুদ্ধিক নিশ্চল কৰি শব্দাদি বিষয়ক এড়ি, কাতো ৰাগ-দ্বেষ নাচৰি শুদ্ধ দেশত থাকি পৰিমিত ভোজন কৰি বাক্য-মন-শৰীৰক নিয়মি সদায় ধ্যান-যোগ-পৰ হুয়া পুনু পুনু দৃঢ় বৈৰাগ্য আচৰিব। তেৱে অহঙ্কাৰ দুৰাগ্ৰহ অন্যায় প্ৰবৃত্তি কাম-ক্ৰোধ-পৰিগ্ৰহ মমত্ব এড়ি পৰম শান্তিক পায়া ব্ৰহ্মক পাইবাক লাগি যোগ্য হয়। তেৱে ব্ৰহ্মত বহি প্ৰসন্ন চিত্ত হুয়া নষ্টকো শোক নকৰে, পাইবেও আকাঙ্ক্ষা নকৰে। সকল ভূততে সম হুয়া সৰ্বপ্ৰাণীতে মোৰ দৃষ্টি লক্ষণ পৰম ভক্তি লভিব। তেৱে সেই পৰম ভক্তিয়ে মোক সৰ্বব্যাপী সত্য চৈতন্য আনন্দময় কৰি জানি মোত প্ৰবেশি পৰমানন্দৰূপ হয়।•••

 “পুৰুষে মোক আশ্ৰয় কৰি সকল কৰ্মক মোত অৰ্পিয়া মোৰ প্ৰসাদে মোত সৰ্বোত্তম নিত্য পদক পাৱে। এতেকে তুমি সব কৰ্মক