অসঙ্গপদে পঙ্কাদিয়ে লিপ্ত নহে তেমনে আত্মা উত্তম অধম দেহত থাকিতেও দেহৰ গুণ-দোষে যুক্ত নহয়।•• প্ৰকাশ আত্মাৰে প্ৰকাশ্যে দেহৰ ধৰ্মযোগ নাই.••যেন একে আদিত্য সকল লোককে প্ৰকাশ কৰে তেমনে সকল দেহকে আত্মা প্ৰকাশ কৰন্ত। ••এমনে জ্ঞানচক্ষুৱে দেহ-আত্মাৰ ভেদক যি জানে, প্ৰকৃতি হন্তেও মোক্ষ উপায় ধ্যানাদিক যি আচাৰ সি পৰম পদ পাৱে।”
চতুৰ্দশ অধ্যায়ত ক’লে, “সকল প্ৰাণী পুৰুষ-প্ৰকৃতি সংযোগত হুয়াছে। সিও সংযোগ নিৰীশ্বৰ সাংখ্যৰ মতে স্বতন্ত্ৰ নহে, কিন্তু ঈশ্বৰৰ ইচ্ছায়েসে হয়।•••পৰমেশ্বৰাধীন প্ৰকৃতি-পুৰুষ হন্তে সকল ভূতৰ উৎপত্তি হয়, স্বতন্ত্ৰ নহে....। যেখানে পুৰুষে তিনিও গুণৰ কাৰ্য্য আপুনাত মিলিলে দুষখ বুদ্ধিয়ে দ্বেষ নকৰে, নিবৃত্তি হৈলেও বুদ্ধিয়ে আকাঙ্ক্ষা নকৰে, সদাই সাক্ষী হেন থাকে। গুণ কাৰ্য্য সুখ-দুষখাদিয়ে স্বৰূপৰ পৰা চলিব নপাৰে; গুণসৱে আপুনাৰ কাৰ্য্যত প্ৰৱৰ্তে, মোৰ তাত সম্বন্ধ নাই, এই বিবেক-জ্ঞান মৌনে ৰহে, স্বৰূপত নচলে। মান-অপমানতো তুল্য, শত্ৰু-মিত্ৰ দুইতো সমস্বভাৱ, কিঞ্চিতো উদ্যম নকৰে, তাকে গুণাতীত বুলি।•••
“মঞি পৰমেশ্বৰক অব্যভিচাৰী ভক্তিযোগে যি ভজে সি গুণক অতিক্ৰমি ব্ৰহ্মস্বৰূপ মোক্ষক পাৱে। মঞি ব্ৰহ্মৰ প্ৰতিমা প্ৰৱৰ্তক মূৰ্তিমন্ত ব্ৰহ্ম। যেন মূৰ্তিমন্ত সূৰ্যৰ প্ৰকাশ ৰূপ-মণ্ডল তেমনে মূৰ্তিমন্ত মোৰ প্ৰকাশ ৰূপ-ব্ৰহ্ম, নিত্যমুক্ত পদে মোক্ষৰো প্ৰৱৰ্তক, শুদ্ধসত্ত্ব মূৰ্তিপদে ভক্তি-ধৰ্মৰো প্ৰৱৰ্তক, পৰমানন্দ পদে অখণ্ড সুখৰো প্ৰৱৰ্তক। এতেকে মোৰ সেৱকে মোৰ ৰূপক অৱশ্যে পাইব।••• পুৰুষ কৃষ্ণৰ অধীন হুয়া গুণত সঙ্গ এড়ি সংসাৰক দূৰ কৰি মোৰ ভক্ত অনায়াসে সংসাৰক তৰে।” বৈকুণ্ঠনাথে এই অধ্যায়ত ওপৰঞ্চি সামৰণি টোকা দিছে : “হে লোকসৱ দেখ, অব্যভিচাৰী ভক্তি কৰি ভগৱন্তক পায়। অন্য দেৱ সম্বন্ধক ব্যভিচাৰ বুলি। এতেকে অন্য দেৱ উপাসকৰ আলাপ মাত্ৰো নকৰি ডাকি হৰি বোল হৰি।”