পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০২
যুগনায়ক শঙ্কৰদেৱ

পৰম দুৰ্ঘট। মোৰ ভাক্তসৱ পুনু মোৰ প্ৰসাদে অনায়াসে মোক্ষ লভে।”

 ত্ৰয়োদশ অধ্যায়—“তত্ত্বজ্ঞান কহিলা। ভক্তক মৃত্যুযুক্ত সংসাৰত তাৰোঁ যি বুলিছা সি আত্মজ্ঞান বিনে নঘটে।•••সংসাৰ-প্ৰবাহৰ ভূমি-পদে এই ভোগায়তন শৰীৰক ক্ষেত্ৰ বুলি। আক’ যি অহম্মম বুলি মানে তাক ক্ষেত্ৰজ্ঞ কৰি বিবেকীসৱে কহে।•••সকল ক্ষেত্ৰত স্থিত সংসাৰী ক্ষেত্ৰজ্ঞ মোকে জানিবা।•••অনাদি ঈশ্বৰৰ পুৰুষ অংশ, প্ৰকৃতি শক্তি; এতেকে দুইকো অনাদি জানিবাঁ৷ বিকাৰ দেহেন্দ্ৰিয়াদি গুণ-পৰিণামক সুখ-দুষখাদিক প্ৰকৃতিৰ কাৰ্য্য বুঝিবাঁ৷ দেহ-ইন্দ্ৰিয়-পৰিণামক প্ৰতি প্ৰকৃতিক কাৰণ কহে। সুখ-দুষখৰ ভোগক লাগি জীৱকে হেতু বুঝিবাঁ।•••যদ্যপি অচেতন প্ৰকৃতিৰ স্বতসে কাৰণ নঘটে, অধিকাৰী জীৱৰো ভোগ নঘটে, তথাপি চেতনৰ সকাশত অচেতনৰো প্ৰবৃত্তি দেখি, যেন বায়ুৰ সকাশত তৃণ চলে, অগ্নিৰ সকাশত জ্বালাসৱ উৰ্দ্ধ হয়, বৎসৰ সকাশত স্তনৰ দুগ্ধ স্ৰৱে, এমনে পুৰুষৰ সন্নিধানে প্ৰকৃতি কাৰণ হয়।•••প্ৰকৃতিৰ কাৰ্য্য দেহত জীৱৰূপে থাকে, দেহজনিত সাখাদি ভোগ কৰে।

 “অজ্ঞানেসে জীৱৰ সংসাৰ, পৰমাৰ্থত নাই।...প্ৰকৃতিৰ কাৰ্য্য দেহত থাকিতেও পুৰুষ দেহত পৰ, তাৰ গুণে যুক্ত নহে •• দ্ৰষ্টা অনুমোদন ধাৰণ পালন সন্নিধানে মাত্ৰ কৰ্তা। মহন্ত ঈশ্বৰ পৰমাত্মা বুলিও বেদত কহে। এমনে পুৰুষক নিৰ্গুণ (আৰু ) প্ৰকৃতিক গুণময় কৰি যি জানে সি বিধিক উলঙ্ঘি প্ৰৱৰ্তিলেও মুক্ত হয়।••• বিনাশী স্থাৱৰ জঙ্গম ভূতসৱত অবিনাশী সম পৰমাত্মাক যি দেখে সেইসে সম্যক দেখে, আনে নেদেখে। সকল জ্ঞানীতে সম পৰমেশ্বৰক দেখিলে আপুনাক আপুনি বিনাশ নকৰে, মোক্ষ পাৱে। যি এমন নেদেখে সি দেহবাদী আপুনাক আপুনি নাশ কৰি নৰকত পৰে। এই পৰমাত্মা অনাদি নিৰ্গুণ পদে অধিকাৰী, এতেকে শৰীৰত থাকিতেও নকৰে, লিপ্তো নহে। যেনে আকাশ পঙ্কাদি থাকিতেও