পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৯
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (২)

নহে। যি জনে জাপোন হেন সৱাৰ সুখক বাছে, সেই যোগী মোৰ মতে শ্ৰেষ্ঠ বুজিবাঁ।

 গীতাৰ সপ্তম অধ্যায়ত—ভজনীয় ঈশ্বৰৰ স্বৰূপ কহন্ত। অসংখ্যাত জীৱৰ মধ্যত মনুষ্য ব্যতিৰেকে শ্ৰেয়সত প্ৰবৃত্তি নঘটে। মনুষ্যৰ সহস্ৰৰ মধ্যতো কোনো জনেসে পুণ্যবশে জ্ঞানৰ লাগি যত্ন কৰে। যত্ন কৰা সহস্ৰৰ মধ্যত কোনো জনেসে তত্ত্বজ্ঞান জানে। •••তত্বজ্ঞানী সহস্ৰৰো মধ্যত কোনো জনেসে মোৰ প্ৰসাদে মোক জানে। মোত পৰ জগত স্বতন্ত্ৰ কাৰণ কাকো নজানি। যেন সূত্ৰত মণিসৱ থাকে তেমনে সকল জগত মোকে আশ্ৰয় কৰি আছে। এই তিনি গুণৰ ভাব কাম-লেভাদিয়ে সকল জগত মোহিত হুয়া তিনি গুণত পৰ নিৰ্বিকাৰ মোক নজানে। মঞি পৰমেশ্বৰৰ মায়া অলৌকিকী গুণময়ী অতি দুস্তৰা। তথাপি যি মোক অব্যভিচাৰ ভক্তিয়ে ভজে সি দুস্তৰ মায়াক অনায়াসে তৰে, তেৱে মোক জানে।

 “নৰাধম মহামূঢ় পাপীসৱ মোৰ মায়ায়ে শাস্ত্ৰ-আচাৰ্য্যৰ উপদেশহীন, হুয়া দম্ভ দৰ্প ক্ৰোধ অহঙ্কাৰাদি অসুৰ ভাব পায়া মোক নভজে। পুণ্যৱন্ত সৱে পুনু মোক ভজে। তাৰাও পুণ্য-তাৰতম্যে চাৰিবিধ : আৰ্ত্ত, জিজ্ঞাসু, অৰ্থাৰ্থী, জ্ঞানী। জ্বৰাদি পীড়িতক আৰ্ত্ত বুলি, সি যদি পূৰ্বে কৃতপুণ্য হয় তেৱে মোক ভজে, অন্যথা ক্ষুদ্ৰদেৱক ভজি সংসাৰী হয়। আত্ম-জ্ঞানলিপ্সুক জিজ্ঞাসু বুলি, সিও যদি মহাপুণ্য কৰি থাকে তেৱে মোৰ ভক্তি কৰি মোক ভজে, অন্যথা জপ-তপাদি কৰিলে হয়। ইহলোক-পৰলোক ভোগ-সাধন অৰ্থ-কামুকক অৰ্থাৰ্থী বুলি, সিও যদি পৰম প্ৰকৃতি হয় তেৱে মোক মাত্ৰ সেৱা কৰে, অন্যথা শৈৱ-শাক্ত হৈল হয়। আত্মতত্ত্ব-জানন্তাক জ্ঞানী বুলি, সিও উত্তম ধৰ্মৰ বলেসে মোক আৰাধন কৰে, অন্যথা-যোগ ধাৰণাদিত প্ৰৱৰ্তিল হয়।

 “চাৰিৰো মধ্যত জ্ঞানী শ্ৰেষ্ঠ। জ্ঞানী সদায় মোত নিষ্ঠা হুয়া মোত মাত্ৰ ভক্তি কৰে। সিও তিনিজন সংসাৰী নুবুঝিবাঁ, কিন্তু