পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পঞ্চল্লিশ

মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (২)

ষষ্ঠ অধ্যায়ৰ আত্মযোগত গীতাই কৈছে, “চিত্ত শুদ্ধ হৈলেও ধ্যান বিনে সন্ন্যাস মাত্ৰত মুক্তি নহৈব। ভগৱন্তে বোলন্ত জানা অৰ্জ্জুন, যি কৰ্মফলক অপেক্ষা নকৰি মোত অৰ্পি বিহিত কৰ্মকে আচৰে তাকে সন্ন্যাসী বুলি, যোগীও বুলি; সৰ্বকৰ্মত্যাগী নহে। ...যিহেতু আপুনি আপুনাৰ বন্ধু হয়, যেমনে ৰিপু হয়, তাক শুনা। যি পুৰুষ আপুনাৰ মন ইন্দ্ৰিয়ক জিনি হৰিক ভজিল সেই আপুনাৰ বন্ধু আপুনি হৈল। জিতেন্দ্ৰিয় প্ৰশান্ত পুৰুষৰ শীত-উষ্ণ সুখ-দুঃখ মান-অপমানতো মন আত্মনিষ্ঠ হয়, পৰমাত্মাও মনত প্ৰকাশ হন্ত। •••যেমন সকল কামত নিস্পৃহ হুয়া নিয়ত-চিত্ত আত্মাত স্থিৰ হুয়া ৰহে তেখনে পুৰুষক প্ৰাপ্তযোগী বুলি। যেনে বাত-শুন্য দেশত প্ৰদীপ নিঃকম্প প্ৰকাশ ৰূপে ৰহে তেমনে যোগীৰ চিত্ত আত্মাত প্ৰকাশ কৰে। যাত শুদ্ধ মনে আত্মাক দেখি আপুনি তুষ্ট হয়, যাত অতীন্দ্ৰিয় আত্যন্তিক সুখ জানে, যাক বুদ্ধিসে আত্মাকাৰে গ্ৰহণ কৰে, যাত থাকি পুৰুষে স্বৰূপত নচলে, যাক লভি পুৰুষে অধিক লাভো নামানে, যাত থাকি মহা দুষখও অভিভৱ নহে সেই অৱস্থা বিশেষক যোগ কৰি জানিব।

 “ৰজোগুণ বশে চঞ্চল মন যদি বিষয়ক যায় তাৰ পৰা আনি আত্মাত স্থিৰ কৰিব। তেৱে ৰজোগুণ ক্ষয় হৈলে প্ৰশান্ত মনত ব্ৰহ্মৰূপ সমাধি-সুখ মিলে। তেৱে যোগী অবিদ্যা এড়ি কৃতাৰ্থ হুয়া সৰ্বোত্তম সুখ লভি জীৱন্মুক্ত হুয়া ব্ৰহ্ম সাক্ষাৎকাৰ কৰে তাক শুনা। সৰ্ব প্ৰাণীতে আত্মা দেখে, আত্মাতে সৰ্ব প্ৰাণীকে দেখে, এমনে ব্ৰহ্ম-দৃষ্টি হয়। এমত জ্ঞান সৰ্বভূততে আত্মদৃষ্টি মোক্ষ সাধন। যিজনে মঞি পৰমেশ্বৰক সকল ভূততে দেখে, সকল ভূতকো মোতে দেখে, তাৰ মঞি অদৃশ্য নহোঁ৷ এমন অধিকাৰী পুৰুষ বিধি-কিঙ্কৰ