সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০০
যুগনায়ক শঙ্কৰদেৱ

মোক্ষভোগী হয়। জ্ঞানী পুনু মোত একচিত্ত হুয়া পৰম গতি মোক আশ্ৰয় কৰি মোৰ ব্যতিৰেকে আন ফল নামানে। এমন মোৰ ভক্ত অতি দুৰ্লভ। অনেক জন্মৰ পুণ্যৰ বৃদ্ধিয়ে অন্ত জন্মত চৰাচৰ জগতক বাসুদেৱ দৃষ্টি কৰি মোক ভজে।

 “সকল দেৱতীয়ে মোৰ মূৰ্ত্তি, মোৰ অধীন, ই অতি প্ৰসিদ্ধ। যদ্যপি সকল দেৱতা মোৰে মূৰ্ত্তি, তাৰাৰ আৰাধনো পৰমাৰ্থত মোৰে আৰাধন, তাৰাৰ ফলৰৰ মঞিসে দাতা; তথাপি সাক্ষাতে মোৰ ভক্তৰ ( আৰু) তাৰাৰ ফল বৈষম্য হয়, তাক শুনা। সেই দেৱতা-সেৱক পৰিছিন্ন দৃষ্টি সৱৰ মঞিদত্ত ফলে বিনাশী হয় তাকে দেখাঞো। যি দেৱতাক যজে সি বিনাশী দেৱলোক পাৱে; মোৰ ভক্তসৱ পুনু আদি-অন্তশূন্য পৰমানন্দ মোকে পাৱে। ••• অল্প বুদ্ধি সৱে••••••সৰ্ব্বোত্তম নিত্য অব্যয় মোৰ লক্ষণ নাজানি আদৰ নকৰে, আশুতোষ দেৱতান্তৰক তাৰা ভাজে, এতেকে বিনাশী ফলক লভে। ••••••যি পুণ্যকাৰীসৱৰ সকল প্ৰতিবন্ধক পাপ অন্ত হৈল তাৰ সমস্ত মোহ এড়ি দৃঢ় নিশ্চয় কৰি একান্ত হুয়া মোক লভে। ••••••অধিভূত অধিদৈব অধিযজ্ঞ সহিতে যি মোক জানে, কদাচিতো ব্যাকুল হুয়া নপাসৰে; এতেকে মোৰ ভক্তৰ যোগ ভ্ৰংশ শঙ্কা নঘটে। কৃষ্ণ ভক্তসৱে অযত্নে ব্ৰহ্মজ্ঞান লভে।”

 অষ্টম অধ্যায়ত তাকে বহলাই কৈছে : “জগতৰ মূল কাৰণ অক্ষৰকে ব্ৰহ্ম বুলি। ভোক্তা জীৱে অধ্যাত্ম; দেৱৰ উদ্দেশে দ্ৰব্যত্যাগক কৰ্ম কহে; বিনাশী দেহক অধিভূত কহি; সূৰ্যমণ্ডলবৰ্তী বৈৰাজ পুৰুষক অধিদৈৱ বুলি; দেহৰ অন্তৰ্য্যামী মোকে অধিযজ্ঞ বোলে যাতো দেহত থাকি অসঙ্গ হুয়া সন্নিধি মাত্ৰে যজ্ঞাদিক প্ৰবৰ্তাঞো। ••••••অন্ত কালত আন চিন্তা এড়ি মোক মাত্ৰ স্মৰি দেহক পৰিত্যাগ কৰি যি যায় সি মোৰ স্বৰূপক পাৱে, আত সংশয় নাই। জানিবাৰ উপায় স্মৰণ, স্বৰূপ-প্ৰাপ্তি ফল। কেৱল মোক স্মৰি মোক পাৱে ই নিয়ম নহে, কিন্তু অন্ত কালত