পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৭
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (১)

“হে কৃষ্ণ তুমি মাত্ৰ  চৈতন্য স্বৰূপ নিত্য
 সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো  তোমাৰ বিনোদ ৰূপ
 চৰাচৰ মায়াৰ কল্পিত॥৭৩।
তযু গুণ নাম হৰি  কেৱল নিৰ্গুণ মাত্ৰ
 আৱৰ সমন্তে গুণময়।
এতেক জানিয়া হৰি  তোমাৰ নামক মাত্ৰ
 কৰিলোঁহো সাৰ কৃপাময়॥৭৪।

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥ ৪০৫।

কৃষ্ণ এক দেৱ দুঃখহাৰী  কাল-মায়াদিৰো অধিকাৰী
 কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰী দেৱ  তান্ত বিনে আন নাহি কেৱ
 জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ। ৫৮৬।
নমো নমো নিত্য নিৰঞ্জন  নাৰায়ণ শিৱ সনাতন
 অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত  নাহি পূৰ্বাপৰ আদি অন্ত
 তুমি সে চৈতন্য সমস্ত ভৱ-ভাৱন্তা। ৫৮৭।
মাধৱে বোলন্ত ধনঞ্জয়  মহা দুৰচাৰে অতিশয়
 আন দেৱ ত্যজি মোকেসে মাত্ৰ ভজয়।
তাকেসে পৰম সাধু বুলি  মানিবা মনত সৰ্বক্ষণে
 যিহেতু সম্যকে কৰিলে মোক নিশ্চয়॥” ৬০৪।