পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৬
যুগনায়ক শঙ্কৰদেৱ

ঈশ্বৰে জীৱক কৰ্ম নকৰান্ত, ফলো নেদন্ত; কিন্তু ঈশ্বৰৰ সকাশত অনাদি অবিদ্যা কামৰ বশ হুয়া জীৱসৱ প্ৰৱৰ্তে। এতেকে সন্নিধানে প্ৰযোজক হয়ে কাৰো পাপ-পুণ্যক আদান নকৰে। •••আপুনি পৰিপূৰ্ণ কাম পদে আন ফলক স্পৃহা নাই, কিন্তু অচিন্ত্য নিজ মায়ায়ে জীৱক পূৰ্ব কৰ্মে প্ৰৱৰ্তান্ত। ...নিগ্ৰহো দণ্ডৰূপ অনুগ্ৰহ; হেন জ্ঞানক অজ্ঞানে যাৰাৰ ঢাকিছে তাৰাসে ভগৱন্তত বৈষম্য মানে।•••বুলিবা যিসৱে মুক্তি লভে সি জ্ঞানীসৱ কেমন? তাক শুনা৷ বিদ্যা-বিনয়যুক্ত ব্ৰাহ্মণত শ্বপ চ চাণ্ডালতো গোহন্তী-কুকুৰতো সমান ব্ৰহ্ম দেখে, তাক জ্ঞানী বুলি। •••যাৰ মন সাম্যত ৰহিল সি এই দেহতে সংসাৰক জিনিস, যাতো নিৰ্দোষ সম ব্ৰহ্ম এতেকে সি ব্ৰহ্মতে থাকে।

 “যি ব্ৰহ্মক পায়াছে সি প্ৰিয় পায়ো হৰ্ষ নকৰে, অপ্ৰিয় পায়ো দুঃখ নকৰে, যাতো মোহ এড়ি স্থিৰবুদ্ধি হুয়াছে। বাহ্য বিষয়ত আসক্তি এৰি মনত সাত্বিক সুখ পায়া থাকে। এখনে ব্ৰহ্মতে সমাধি কৰি অক্ষয় সুখ লভে।•••সকল বিষয়-সুখকে স্পৰ্দ্ধা-অসূয়া-ব্যাপ্ত পদে দুষখৰ কাৰণ বুঝিবাঁ। আদি-অন্তো আছে এতেকে বিৱেকী (য়ে) বিষয়ত প্ৰীতি নকৰে; এতেকে মোক্ষসে পুৰুষাৰ্থ হৈল। তাৰ কাম-ক্ৰোধ বেগ প্ৰতিকূল, তাক সহন-সমৰ্থেসে মোক্ষভোগী হয়। যেমন মৃতক পুৰুষে কান্দন্তা যুৱতী আলিঙ্গিতেও, পুত্ৰাদি দহিতেও, কাম-ক্ৰোধৰ বেগক সহে, তেমনে জীৱন্তো যি সহিল সেই যোগী মহাসুখী হয়। কেৱল কাম-ক্ৰোধ বেগ সহন মাত্ৰেও মোক্ষ নপাৱে; কিন্তু বিষয়ক এড়ি আত্মাত সুখ-ক্ৰীড়া দৃষ্টি হুয়া ব্ৰহ্মত বহি ব্ৰহ্মনিৰ্বাণ পাৱে। জ্ঞানী সৱে ক্ষীণ-কল্মষ হুয়া সংশয় ছেদি চিত্তক নিয়মি সকল প্ৰাণীৰ হিত আচৰি ব্ৰহ্মলয় লভে। কাম-ক্ৰোধহীন সংযত-চিত্ত সন্ন্যাসীসৱৰ দেহ পড়িলেসে মুক্তি ই নহে, কিন্তু জীৱন্ততে মুক্তি দেখি।

 মহাপুৰুষীয়া ধৰ্মত গীতাৰ মূল মতৰ প্ৰতিধ্বনি যেন লাগিব পৰা কেইটিমান ঘোষা উদ্ধৃত কৰা হল।--