পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৫
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (১)

নিসিজে পদে পৰলোকো নাই। •••( এতেকে) প্ৰথমতে ঈশ্বৰত অৰ্পি সকল কৰ্ম কৰিব; পাছে আত্মজ্ঞানে দেহত অহঙ্কাৰ এড়িব; সদায়ে অপ্ৰমাদে ৰহিব; তাক কৰ্মে বন্ধ নকৰয়। এতেকে শোক-মোহাদি সংশয়ক জ্ঞান-খড়্গে ছেদন কৰি কৰ্মযোগক আশ্ৰয় কৰাঁ৷ ক্ষত্ৰিয়ৰ উচিত যুদ্ধ কৰ্মক লাগি উঠাঁ।”

 পঞ্চম অধ্যায়ত গীতাই সন্ন্যাস-যোগ ব্যাখ্যা কৰিলে। “ভগৱন্তে বোলন্ত, মঞি বেদান্তবিদ্ পৰমাত্ম-জ্ঞানীক প্ৰতি কৰ্ম-যোগক নকহোঁ, যাতো পূৰ্বোক্ত সন্ন্যাস সমে বিৰোধ হব। কিন্তু দেহাদিত অভিমান নিমিত্ত শোক-মোহ-সংশয়ক জ্ঞান-খড়্গে ছেদি পৰমাত্মা জ্ঞানৰ সাধন কৰ্মযোগ কৰিবে বুলিছোঁ৷ কৰ্মযোগে চিত্তশুদ্ধি হৈলে, পৰমাত্ম জ্ঞান মিলিলে কৰ্মত্যাগ কৰিব। এতেক সাধন কৰ্মযোগ সাধ্য জ্ঞানযোগৰ ভেদ নঘটে। যদ্যপি দুয়ো অধিকাৰী ভেদে মোক্ষ সাধে, তথাপি কৰ্ম সন্ন্যাসত কৰি কৰ্মযোগ বিশেষ হয়। তাৰ হেতু শুনা। ৰাগ-দ্বেষ এড়ি পৰমেশ্বৰৰ অৰ্থে যি কৰ্ম কৰে তাক সন্ন্যাস কৰি জানিবা যাতো সি শুদ্ধচিত্ত হুয়া অনায়াসে জ্ঞান দ্বাৰায় মোক্ষ লভিব। এতেকে কৰ্মযোগৰ ( আৰু) সন্ন্যাসৰ একে ফলপদে এক বুলি। সন্ন্যাসীসৱো যি ফল পাৱে তাক কৰ্মীসৱো জ্ঞানৰ দ্বাৰায়ে লভে, এতেকে সন্ন্যাসক (আৰু ) কৰ্মযোগক এক কৰি যি দেখে সেইসে সম্যক্ দেখে। •••কৰ্মযোগ বিনে সন্ন্যাস-প্ৰাপ্তি অশক্য। কৰ্মযোগ যুক্ত হুয়া চিত্তশুদ্ধি লভি সন্ন্যাসী হয়। অচিৰ কালতে ব্ৰহ্মক পাৱে। এমতে যিসৱে কৰ্মযোগ এড়ি সন্ন্যাসী হয় তাৰাক বুদ্ধিৰ দৈবে দূষিত কৰে। তেৱে প্ৰমাদী বিষয়-চিত্ত কলহত উৎসুক হয়।

 “এতেকে কৰ্ম কৰিতেও অভিমান নাই পদে ব্ৰহ্মজ্ঞানী লিপ্ত নহে। জ্ঞান প্ৰাপ্তিৰ পূৰ্ব পাপ নাশ হয়, পাছৰ পাপে নোছোৱয়। •••পৰমেশ্বৰত অৰ্পি ফলতো আসক্তি তেজি যি কৰ্ম কৰে সি পাপে-পুণ্যে লিপ্ত নহে, যেন পদ্মপত্ৰ জলত থাকিলেও জলে লিপ্ত নহে। পৰমেশ্বৰত একনিষ্ঠ পুৰুষে ফল এড়ি কৰ্ম কৰিতেও মোক্ষ পাৱে।