মহাপুৰুষীয়া ধৰ্মত এই মজদীয় ধৰ্মৰ ভালেখিনি সৌসাদৃশ্য, দেখিবলৈ পোৱা হয় :
“ব্ৰহ্মা ৰূপে স্ৰজা পালা বিষ্ণু ৰূপ ধৰি।
ৰুদ্ৰ ৰূপে নিয়া তুমি জগত সংহৰি।৷”
“কৃষ্ণ এক দেৱ দুঃখহাৰী, কাল-মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি-স্থিতি-অন্তকাৰীদেৱ, তান্ত বিনে আন নাহি কেৱ,
জানিা বিষ্ণুসে সমস্ত জগতে সাৰ।” ঘোষা৷
“তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত।
চৰণছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া,
কৰা দয়া মোক ভগৱন্ত।” - ঘোষা
“হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য,
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।” ঘোষা।
“পৰমাত্মা হৰি বিজ্ঞান মূৰতি
নিৰাকাৰ নিৰাময়।
নিত্য নিৰঞ্জন আনন্দ স্বৰূপ
দেহ ইন্দ্ৰি নাহিকয়।” ৰত্নাকৰ
“জগততে আছ তুমি অচিন্ত্য প্ৰভাৱ।
জগতে তোমাতে আছে নজানি স্বভাৱ।
এক আত্মা ব্যাপি আছা সমস্ত জগতে।
যেন এক হুতাশন সমস্ত কাষ্ঠতে॥” (দশম)
“সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ।
যাত পৰে পৰম ঈশ্বৰ নাহি কেৱ৷৷..
তাঙ্কে নাৰায়ণ বোলে জানিবা নৃপতি।
তাহানেসে চৰণ-সেৱায়ে সাধে গতি।” (নি, ন, সি)