পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৩
মহাপুৰুষীয়া ধৰ্মত অতীতৰ সমন্বয়

“চৈতন্য স্বৰূপে ব্যাপি এক নিৰঞ্জন।
তাহাঙ্ক বুলিবে দ্বৈত কোন অজ্ঞ জন।৷” কীৰ্ত্তন

 মজদীয় ধৰ্মই কোৱা সজ্ চিন্তা, সজ্ কাৰ্য্য, সজ্ বাক্য ঠিক তেনে ৰূপেই বৌদ্ধ আৰু জৈন ধৰ্ময়ো কয়; মহাপুৰুষীয়া ধৰ্মতো তাৰ মজ্জা সোমাই আছে :

“কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি।
অস্তক পাইলেক আসি ৰক্ষা কৰা হৰি। ••
জিহ্বা মোৰ আছন্তে নলৈলেকে ৰাম নাম।
দাদুৰীৰ জিহবা যেন ভৈল কোন কাম॥•••
কৃষ্ণ-কৃত্য নকৰিলোঁ ভৈলোঁহো বৰ্ব্বৰ।
ইটো হস্ত বাহু মিছা মৃতক শৱৰ৷•••
হা হা দয়াময় মোৰ কি কৰিল গতি।
এভু তুৱা নাম লৈতে হৌক মোৰ মতি।
কৰ্ম-দোষে যিব জম্ম হোৱে সংসাৰত।
তাতো নাছাড়োক চিত্ত তুৱা চৰণত॥” কীৰ্তন

 মজদীয় ধৰ্মৰ এক বিশেষত্ব, শাস্ত্ৰ বা গুৰু কেৱে এজনৰ যুক্তি- সাধন কৰি দিব নোৱাৰে বুলি বুজি প্ৰত্যেকে নিজে নিজৰ মুক্তি-সাধনৰ দিহা কৰিব লাগে। মহাপুৰুষীয়া ধৰ্মতো কৈছে :—

শাস্ত্ৰ গুৰু উপ-  দেশে শিসৱে
 ঈশ্বৰক নেদেখায়।
বুদ্ধিক সত্তস্থ  কৰিয়া আপোন
 আত্মাক দেখে নিশ্চয়।৷ ২৫৩।
শাস্ত্ৰ গুৰু উপ-  দেশ ক্ৰম ৰাম,
 ব্যৱস্থা মাত্ৰ পালন।
কেৱলে শিশুৰ  শুদ্ধ বুদ্ধি মাত্ৰ
 জ্ঞানৰ হোৱে কাৰণ।৷ ২৫৪।