পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মহাপুৰুষীয়া ধৰ্মত অতীতৰ সমন্বয়


 চাৰি বেদৰ প্ৰচাৰৰ লগে লগেই জম্মিল তাৰ প্ৰতিদ্বন্দ্বী “মজদয়স্মি” নামৰ প্ৰৱল একেশ্বৰবাদী ধৰ্ম। ইয়াৰ প্ৰৱৰ্ত্তক জৰথুস্ত্ৰৰ কাল খৃষ্টপূৰ্ব দ্বাদশ শতাব্দীৰ আগত, আৰু প্ৰথম প্ৰচাৰৰ ঠাই প্ৰাচীন পাৰস্য। যিসকল পণ্ডিতে ভাবে বোলে আৰ্য্যজাতি বাহিৰৰ পৰা ভাৰতলৈ অহা নাই, বৰঞ্চ ভাৰতৰ সুবাস্তুৰ পৰাহে বাহিৰলৈ গৈছিল, তেওঁলোকৰ মতে বৈদিকবিলাকৰ বহু-ঈশ্বৰ তথা বহু-শৰণৰ প্ৰতিবাদ কৰিয়ে এই আৰ্য্যবিলাক ফাটি গৈ প্ৰাচীন পাৰস্যৰ সভ্যতাৰ পাতনি কৰে। এই ধৰ্ম যিমান একেশ্বৰ মজ্দা‌ৰ একান্ত ভক্ত, প্ৰায় সিমানেই “দেৱয়ম্মি” বা বহু দেৱ-দেৱীৰ ঘোৰ শত্ৰু।

 Zi-Mazdaon hodum ( একেশ্বৰ মজ্দা‌ৰ ভক্ত হোৱাহঁত): Toi daeving dânya dreg vāto daena ( পাষণ্ডবোৰেহে দুষ্ট দেৱ-উপাসকবোৰৰ ধৰ্ম মানে)। এই ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ আৱেস্তাত মজ্দ‌য়শ্মি ধৰ্মক Vanguhi Daeva বা সৱ ধৰ্ম বুলিছে, আৰু তাৰ পালনকাৰীবিলাকক Behdin বা সজ ধৰ্মী বোলা হৈছে। Zend ( টাকা) আৰু Avesta (মূল শাস্ত্ৰ), দুইকো ধৰি ইয়াক ‘জেণ্ড্‌ আৱেস্ত’ বোলা হয়। ইয়াৰ ভাষা বৈদিক ভাষাৰ সমকক্ষ। আৱেস্তাৰ স্তুতি-গীত বা সাম-গান একা হোৱাক “গাথা” বোলা আৱোত ঈশ্বৰক “অহুৰ মজদা” বা অকল “মা” বোল। হৈছে। তেৱেঁই এজন, পালন, শাসন কৰে; তেওঁ সৰ্বত্যাগী, সৰ্বজ্ঞ, সৰ্বশক্তিমান। তেওঁ (১) অহুৰ মজ্দা‌ (জীৱন্ত জ্ঞানী), (২) বহু মনো (সজ চিত্ত), (৩) অশ বহিষ্ট (শ্ৰেষ্ঠ ঋত), (৪) ক্ষথ্ৰ বৈৰ্য্য (শ্ৰেষ্ঠ শক্তি ), (৫) স্পেন্ট অৰ্মৈতি (দয়াশীল প্ৰেমময়), (৬) হৌৰবতাৎ (অখণ্ড), (৭) অমেৰেতাৎ ( অমৃত)। এই বাবেই হবলা প্ৰাচীন পাৰস্যীবিলাকৰ বাবে “সাত” এটা ৰহস্যপূৰ্ণ সংখ্যা। তেওঁলোকৰ ভাষাত অসমীয়াৰ দৰেই “দেৱ” শব্দৰ অৰ্থ “পিশাচ”; যেনে, অসমীয়া পটন্তৰত, “দেৱ-ভূতে পালে এৰাব পাৰি, মানুহ-ভূতে পালে এৰাব নোৱাৰি॥”