সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৬
যুগনায়ক শঙ্কৰদেৱ


বোলা হৈছে, আৰু মূল সত্যবস্তুকে নতুন গঢ়ত প্ৰকাশ আৰু প্ৰচাৰৰ আৱশ্যকতাক অৱতাৰবাদৰ গুৰি বুলিছে। এই সম্পৰ্কত গীতাৰ দুই প্ৰসিদ্ধ শ্লোক আটায়ে জান,—

“যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত
অভ্য়ুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম্।
পৰিত্ৰাণায় সাধুনা বিনাশায় দুষ্কৃতাম
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।”

 আজি তেনে ধৰ্মসংস্থাপনৰ এক নতুন সন্ধিক্ষণে দেখা দিছে। আজি ধৰ্মৰ গ্লানিৰ অন্ত নাই, অধৰ্মৰ অভ্যুত্থানৰো বাকী নাই। “হে ঈশ্বৰ, (যদি কৰবাত আছ), ৰক্ষা কৰা মোৰ আত্মা (যদি সচাকৈয়ে তেনে কিবা আছে)।” এয়ে কাৰ্যতঃ আজিৰ যুগৰ চৰম প্ৰাৰ্থনা! আজি ঈশ্বৰৰ সলনি মানুহে মানুহ সাজিছে! আৰু আজিৰ মানুহ গঢ়া সেই মানুহ-ঈশ্বৰসকল কোন? নাপিত, দৰ্জি, ধোবা, মুচি! আধুনিকতম “ছেলুন”ত চুলি নকটালে, নতুনকো নতুন ধুনত সাজ নিসীলে, পিন্ধা সাজত খোবাই-খোৱাৰ ভাঁজ নাথাকিলে আৰু সৱাৰে উপৰি চৰণত “চৰ্মৰ নিৰ্মিত পানৈ যুৰি” নথাকিলে আমি অৱশ্যে মানুহক মানুহ বুলি গণিতা কৰিবলৈ টান পাওঁহঁক। আৰু soul (আত্মা)? সি আজি নিশ্চয় half-sole (জোতাৰ তলি)ৰ সমানে লেখৰ বুলি ধৰা নহয়। আজি অন্তত কাৰ্য্য়ত ধৰ্ম dead letter ( মৰা গৰু?) বুলি বহুতৰ বিশ্বাস। ই অৱশ্যে ঢালখনৰ এটা ফাল। আনটো ফালে লুটিয়াই চালে আমি দেখা পাম—কিয় বা কেনেকৈ মানুহৰ মনত এনে অভাৱনীয় পৰিবৰ্তনে ঠাই পাবলৈ পালে। এনে অদ্ভুত পৰিবৰ্তন নিশ্চয় হেতু হীন হব নোৱাৰে; তাৰ হেতু আছে, আৰু সেই হেতুবোৰৰ ভিতৰত প্ৰধান হ’ল মানুহ মনৰ ক্ৰমবৰ্ধমান বৈজ্ঞানিক দৃষ্টিভঙ্গী আৰু তীক্ষ্ণ বিচাৰশীলতা। আজি যদি কোনোবাই গুৰুৱে দিয়ে মাটি। শিষ্য়ই